পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

X ভাৰত বুৰঞ্জী ৰবার্ট ক্লাইব :—১৭২৫ খৃষ্টাব্দত ইংলণ্ডত ক্লাইবৰ জন্ম তেওঁ সৰু কালত বৰ দুৰ্দ্দান্ত আৰু উদ্ধত স্বভাবৰ ৰবাৰ্ট ক্লাইব । আছিল ৷ ১৭৪২ খৃঃত মাত্র ১৭ বছৰ বয়সতে তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানিৰ অধীনত এটা কেৰানি কাম লৈ মাদ্ৰাজলৈ আহে। কিছুদিনৰ পাছত তেওঁ কেৰানি কাম এৰি সৈন্য বিভাগত সোমায় আৰু তাতে তেওঁ যথেষ্ট সামৰিক অভিজ্ঞতা লাভ কৰে। ফৰাচী বিলাকৰ সহায়ত যেতিয়া চান্দচাহাবে ত্রিচিনপল্লী অৱৰোধ কৰিছিল ; তেতিয়া ক্লাইবে মাদ্রাজৰ গৱৰ্ণৰক বুজালে যে চান্দচাহাবৰ অনুপস্থিতিত তেওঁৰ ৰাজধানী আর্কট আক্রমণ কৰিব পাৰিলে মহম্মদ আলি এনেয়ে উদ্ধাৰ হব। ক্লাইবে নিজে