পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইউৰোপীয় বেপাৰীবিলাক এই অভিযানৰ দায়িত্ব গ্ৰহণ কৰিলে। ২০০ ইংৰাজ আৰু ৩০০ ভাৰতীয় চিপাহী লৈ ক্লাইবে আর্কট নগৰলৈ যাত্ৰা কৰিলে । চান্দচাহাবে এই খবৰ পাই পুতেক ৰাজাচাহাবক ১০,০০০ দেশীয় সৈন্য আৰু কিছুমান ফৰাচী সৈন্যৰ সৈতে আৰ্কট অৱৰোধ কৰিবলৈ পঠিয়াই দিলে। উভয় পক্ষৰ ভিতৰত তয়াময়া ৰণ লাগে। ৰাজাচাহাব ক্লাইবৰ হাতত পৰাজিত হল। এইবাৰ ক্লাইবে ত্রিচিনপল্লীৰ ফালে আগবাঢ়ি গল । ত্রিচিনপল্লীত চান্দচাহাবৰ পৰাজয় হল। ইংৰাজে মহম্মদ আলিক কৰ্ণাটৰ নৱাব পাতিলে । তেতিয়াৰে পৰা কৰ্ণাটত ফৰাচীৰ ক্ষমতা তেনেই টুটি আহিল৷ ইপিনে ইংৰাজৰ বল বেছি হৈ আহিল। ডুপ্লেই ফৰাচীবিলাকৰ ক্ষমতা পুনৰ বঢ়াবলৈ চেষ্টা কৰিছিল ; কিন্তু ফৰাচী চৰকাৰে তেওঁক ফ্ৰান্সলৈ মতাই নিলে ১৭৬০ খৃঃত ওৰাণ্ডেৱাচ যুদ্ধত চাৰ আয়াৰ কুটে ফৰাচী সেনাপতি লালিক সসৈন্যে পৰাস্ত কৰিলে আৰু তেওঁলোকৰ কেইবাটাও দুৰ্গ আৰু নগৰ অধিকাৰ কৰিলে । তাৰ পিছ বছৰত ইংৰাজে ১৭৬১ খৃঃত পণ্ডিচেৰি আক্ৰমণ কৰি ভাৰতত ফৰাচী ৰাজ্য স্থাপনৰ আশা সমূলঞ্চে নির্মূল কৰিলে ৷ পেৰিচত ১৭৬৩ খৃঃত ইংৰাজ আৰু ফৰাচীবিলাকৰ মাজত সন্ধি হল। এই সন্ধিমতে ফৰাচীয়ে তেওঁলোকৰ পণ্ডিচেৰি আৰু আন ঠাইবোৰ পুনৰ ঘূৰাই পালে; কিন্তু এই যুদ্ধখনে তেওঁলোকৰ একেবাৰেই কঁকাল ভাঙ্গিলে ; ভাৰতত আৰু ৰাজ্যবিস্তাৰ কৰা তেওঁলোকৰ পক্ষে অসম্ভৱ হৈ উঠিল ।