ভাৰতত ইউৰোপীয় বেপাৰীবিলাক ১২৩ আৰ্কটৰ নৱাব আনোৱাৰউদ্দিনৰ অধীনত আছিল। গতিকে কৰ্ণাটৰ নৱাব আনোৱাৰউদ্দিনে ফৰাচীৰ আচৰণত অপমান বোধ কৰি ১০,০০০ সেনা ফৰাচীৰ বিৰুদ্ধে মাদ্রাজলৈ পঠিয়াই দিয়ে ; ফলত ফৰাচীৰ হাতত নৱাবৰ সেনা সমূলে পৰাস্ত হয়। এনেতে উভয় জাতিৰ ভিতৰত সন্ধি হোৱাত মাদ্রাজ পুনৰ ইংৰাজে পায় । কৰ্ণাটৰ দ্বিতীয় যুদ্ধ :—১৭৪৮ খৃঃত হায়দৰাবাদৰ নিজামৰ মৃত্যু হয় ৷ গতিকে নিজামৰ দ্বিতীয় পুতেক নাজিৰজং আৰু নিজামৰ জীয়েকৰ পুতেক মজফৰজং উভয়ে একোটা সুকীয়া দাবী কৰাত হায়দৰাবাদৰ সিংহাসন লৈ কাজিয়া হল। উভয় ভিতৰত এই কথা মীমাংস৷ নোহোৱাত মজফৰজঙ্গে ফৰাচী গৱৰ্ণৰ ডুপ্লেৰ সহায় খুজিলে। ডুপ্লেই ততালিকে সহায় কৰিবলৈ গাত ললে৷ সেই সময়ত কৰ্ণাটৰ সিংহাসনৰ প্রতিদ্বন্দ্বী চান্দচাহাবে আনোৱাৰউদ্দিনক খেদাই নিজে নৱাব হবৰ কাৰণে ডুপ্লেৰ ওচৰত সহায় খুজিলে। নিজ ক্ষমতা বৃদ্ধিৰ আশাত ডুপ্লেই তেওঁকে৷ ৰং মনেৰে সহায় কৰিবলৈ গাত ললে। মজ- ফৰজং আৰু চান্দচাহাবৰ ফৌজ একেলগ হৈ ফৰাচীৰ লগত যোগ হৈ কৰ্ণাটলৈ যাত্ৰা কৰিলে৷ আনোৱাৰউদ্দিন যুদ্ধত নিহত হল । চান্দচাহাব আৰ্কটৰ নৱাব হল ৷ নৱাবৰ পুত্ৰ মহম্মদ আলিয়ে বিপদ দেখি ত্রিচিনপল্লীলৈ পলাই গৈ আত্মৰক্ষাৰ চেষ্টা কৰিলে । মহম্মদ আলিয়ে উদ্ধাৰৰ অৰ্থে ইংৰাজৰ সহায় খুজি পঠালে। ১৭৫০ খৃঃত মজফৰজং হায়দৰাবাদৰ অধিপতি হল আৰু দাক্ষিণাত্যত ফৰাচী প্রতিপত্তি সাময়িক ভাবে স্থাপিত হয়। n