আৰ্কটৰ নৱাব আনোৱাৰউদ্দিনৰ অধীনত আছিল। গতিকে কৰ্ণাটৰ নৱাব আনোৱাৰউদ্দিনে ফৰাচীৰ আচৰণত অপমান বোধ কৰি ১০,০০০ সেনা ফৰাচীৰ বিৰুদ্ধে মাদ্ৰাজলৈ পঠিয়াই দিয়ে; ফলত ফৰাচীৰ হাতত নৱাবৰ সেনা সমূলে পৰাস্ত হয়। এনেতে উভয় জাতিৰ ভিতৰত সন্ধি হোৱাত মাদ্ৰাজ পুনৰ ইংৰাজে পায়৷
কৰ্ণাটৰ দ্বিতীয় যুদ্ধঃ— ১৭৪৮ খৃঃত হায়দৰাবাদৰ নিজামৰ মৃত্যু হয়৷ গতিকে নিজামৰ দ্বিতীয় পুতেক নাজিৰজং আৰু নিজামৰ জীয়েকৰ পুতেক মজফৰজং উভয়ে একোটা সুকীয়া দাবী কৰাত হায়দৰাবাদৰ সিংহাসন লৈ কাজিয়া হল। উভয় ভিতৰত এই কথা মীমাংসা নোহোৱাত মজফৰজঙ্গে ফৰাচী গৱৰ্ণৰ ডুপ্লেৰ সহায় খুজিলে। ডুপ্লেই ততালিকে সহায় কৰিবলৈ গাত ললে৷ সেই সময়ত কৰ্ণাটৰ সিংহাসনৰ প্ৰতিদ্বন্দ্বী চান্দচাহাবে আনোৱাৰউদ্দিনক খেদাই নিজে নৱাব হবৰ কাৰণে ডুপ্লেৰ ওচৰত সহায় খুজিলে। নিজ ক্ষমতা বৃদ্ধিৰ আশাত ডুপ্লেই তেওঁকো ৰং মনেৰে সহায় কৰিবলৈ গাত ললে। মজফৰজং আৰু চান্দচাহাবৰ ফৌজ একেলগ হৈ ফৰাচীৰ লগত যোগ হৈ কৰ্ণাটলৈ যাত্ৰা কৰিলে৷ আনোৱাৰউদ্দিন যুদ্ধত নিহত হল৷ চান্দচাহাব আৰ্কটৰ নৱাব হল৷ নৱাবৰ পুত্ৰ মহম্মদ আলিয়ে বিপদ দেখি ত্ৰিচিনপল্লীলৈ পলাই গৈ আত্মৰক্ষাৰ চেষ্টা কৰিলে৷ মহম্মদ আলিয়ে উদ্ধাৰৰ অৰ্থে ইংৰাজৰ সহায় খুজি পঠালে। ১৭৫০ খৃঃত মজফৰজং হায়দৰাবাদৰ অধিপতি হল আৰু দাক্ষিণাত্যত ফৰাচী প্ৰতিপত্তি সাময়িক ভাবে স্থাপিত হয়।