মাজ ঠাই বুলি ভাবি সুৰাটৰ পৰা ইয়ালৈ বেপাৰৰ কুঠি তুলি আনে আৰু মাদ্ৰাজৰ দৰে ইয়াতো এটি শকত দুৰ্গ নিৰ্মাণ কৰে৷
বঙ্গদেশত ইংৰাজবিলাকৰ কাচিমবাজাৰ, ঢাকা, হুগলী,মালদহ,মুৰ্চিদাবাদ আৰু আন আন ঠাইত বাণিজ্যৰ কোঠ আছিল; জব-চাৰনকে বঙ্গদেশৰ নৱাবৰপৰা কলিকতা, চুতানুটি আৰু গোবিন্দপুৰ নামেৰে তিনিখন গাৱঁৰ জমিদাৰী-স্বত্ব কিনি ললে আৰু কলিকতাত ফৰ্ট উইলিয়ম নামে এটি দুৰ্গ নিৰ্মাণ কৰিলে৷
ফৰাচীবিলাকঃ— ১৬০৪ খৃঃত ভাৰতত বেপাৰ কৰিবলৈ ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানি গঠিত হয়। তেওঁবিলাকে ভাৰত পায়েই অলপ কালৰ ভিতৰতে বেপাৰৰ সুবিধাৰ্থে পণ্ডিচেৰিত কোঠ আৰু দুৰ্গ নিৰ্ম্মাণ কৰিলে। ১৬৭৪ খৃঃত বঙ্গদেশৰ নৱাবৰ পৰা চন্দননগৰ লৈ বেপাৰ কৰিবলৈ বুলি এটা কোঠ সজায়। পণ্ডিচেৰি ভাৰতত থকা ফৰাচী ৰাজ্যৰ ৰাজধানী হল।
ডুপ্লেঃ— ডুপ্লে নামে এজন পৰাক্ৰমী ফৰাচী ডেকা পণ্ডিচেৰিৰ শাসনকৰ্ত্তা হল। তেওঁ বৰ চতুৰ, উৎসাহী, ৰাজনীতিজ্ঞ পুৰুষ আছিল। তেওঁৰ উদ্দেশ্য আছিল ভাৰতত ফৰাচী ৰাজ্য স্থাপন কৰা; কিন্তু তেনে কামত হাত দিবলৈ তেওঁ কোনো আলম পোৱা নাছিল। এনেতে ১৭৪৪ খৃঃত ইউৰোপত ফৰাচী আৰু ইংৰাজ জাতিৰ ভিতৰত যুদ্ধ আৰম্ভ হল।
কৰ্ণাটৰ প্ৰথম যুদ্ধঃ— ১৭৪৬ খৃঃত ফৰাচীবিলাকে ইংৰাজৰ পৰা মাদ্ৰাজ কাঢ়ি লয়। তেতিয়া মাদ্ৰাজ কৰ্ণাটৰ অন্তৰ্গত