ওলন্দাজ বা ডচ্চবিলাকঃ— ১৬০২ খৃঃত ওলন্দাজ বেপাৰীবিলাক মিলি ডচ্চ ইণ্ডিয়া কোম্পানি গঠিত কৰি ভাৰতলৈ আহিল। পৰ্টুগিজবিলাকৰ দৰেই কিছুকাল ভাৰতত তেওঁলোকৰ বেপাৰ লাভজনক হৈছিল৷
ইংৰাজ বণিকঃ— ১৬০০ খৃঃত ইংলণ্ডৰ ৰাণী এলিজাবেথে ইংৰাজ সাউদসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ অনুমতি দি এখন চনদ দিলে৷ এই ইংৰাজবিলাকে ইংলণ্ডত ইষ্ট ইণ্ডিয়া কোম্পানি গঠন কৰি ভাৰতত বেপাৰ কৰিবলৈ আহে; ইংলণ্ডৰ ৰজা প্ৰথম জেমচৰ কটকী চাৰ টমাচ ৰো আৰু হকিনচে বেহা-বেপাৰৰ কথা লৈ সম্ৰাট জাহাঙ্গিৰৰ ওচৰ চাপে। জাহাঙ্গিৰে তেওঁবিলাকক ভাৰতত বেহা-বেপাৰ কৰিবলৈ কিছু সুবিধা দিয়ে। তেওঁৰ ৰাজত্বকালতে ১৬১২ খৃঃত ইংৰাজে সুৰাটত প্ৰথম বেপাৰৰ কুঠি সাজে। ১৬৩২ খৃঃত সম্ৰাট ছা-জাহানৰ পৰা ইংৰাজবিলাকে বাৰ্ষিক এককালীন কিছু টকা দি বঙ্গদেশত বিনা শুল্কে বাণিজ্য কৰিবৰ অধিকাৰ লাভ কৰে।
মাদ্ৰাজ আৰু বোম্বাই প্ৰাপ্তিঃ— ইংৰাজবিলাকে ভাৰতত কিছুদিন বেহা-বেপাৰ কৰাৰ পিছত দেখিলে যে এডোখৰ নিগাজী ঠাই নহলে বেপাৰৰ কোনো সুবিধা কৰিব নোৱাৰি। গতিকে ইংৰাজে ১৬৩৯ খৃঃত চন্দনগিৰিৰ ৰজাৰ পৰা বৰ্ত্তমান মাদ্ৰাজ নামৰ ঠাইডোখৰ কিনি ললে আৰু তাতে ফৰ্ট চেণ্ট জৰ্জ্জ দুৰ্গ নিৰ্ম্মাণ কৰিলে৷ ১৬৬২ খৃঃত দ্বিতীয় চাৰ্লচে পৰ্টুগিজৰ ৰাজকন্যা বিবাহ কৰি যৌতুকত পোৱা বোম্বাই দ্বীপটো ইংৰাজ মুদৈবিলাকক দিয়ে। তেওঁলোকে সেই অঞ্চলত বোম্বাইকে