পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত ইউৰোপীয় বেপাৰীবিলাক ওলন্দাজ বা উচ্চবিলাক :-১৬০২ খৃঃত ওলন্দাজ বেপাৰী-- বিলাক মিলি ডচ্চ ইণ্ডিয়া কোম্পানি গঠিত কৰি ভাৰতলৈ আহিল। পটু গিজবিলাকৰ দৰেই কিছুকাল ভাৰতত তেওঁ- লোকৰ বেপাৰ লাভজনক হৈছিল । ইংৰাজ বণিক :—১৬০০ খৃঃত ইংলণ্ডৰ ৰাণী এলিজাবেথে ইংৰাজ সাউদসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ অনুমতি দি এখন চনদ দিলে ৷ এই ইংৰাজবিলাকে ইংলণ্ডত ইষ্ট ইণ্ডিয়া কোম্পানি গঠন কৰি ভাৰতত বেপাৰ কৰিবলৈ আহে ; ইংলণ্ডৰ ৰজা প্রথম জেমচৰ কটকী চাৰ টমাচ ৰো আৰু হকিনচে বেহা- বেপাৰৰ কথা লৈ সম্রাট জাহাঙ্গিৰৰ ওচৰ চাপে। জাহাঙ্গিৰে তেওঁবিলাকক ভাৰতত বেহা-বেপাৰ কৰিবলৈ কিছু সুবিধা দিয়ে । তেওঁৰ ৰাজত্বকালতে ১৬১২ খৃঃত ইংৰাজে সুৰাটত প্ৰথম বেপাৰৰ কুঠি সাজে। ১৬৩২ খৃঃত সম্রাট ছা-জাহানৰ পৰা ইংৰাজবিলাকে বার্ষিক এককালীন কিছু টকা দি বঙ্গদেশত বিনা শুল্কে বাণিজ্য কৰিবৰ অধিকাৰ লাভ কৰে। মাদ্ৰাজ আৰু বোম্বাই প্ৰাপ্তি ঃ—ইংৰাজবিলাকে ভাৰতত কিছুদিন বেহা-বেপাৰ কৰাৰ পিছত দেখিলে যে এডোখৰ নিগাজী ঠাই নহলে বেপাৰৰ কোনো সুবিধা কৰিব নোৱাৰি। গতিকে ইংৰাজে ১৬৩৯ খৃঃত চন্দনগিৰিৰ ৰজাৰ পৰা বৰ্ত্তমান মাদ্রাজ নামৰ ঠাইডোখৰ কিনি ললে আৰু তাতে ফর্ট চেণ্ট জর্জ্জ দুর্গ নিৰ্ম্মাণ কৰিলে । ১৬৬২ খৃঃত দ্বিতীয় চাল চে পটু গিজৰ ৰাজ- কন্য৷ বিবাহ কৰি যৌতুকত পোৱা বোম্বাই দ্বীপটো ইংৰাজ মুদৈবিলাকক দিয়ে। তেওঁলোকে সেই অঞ্চলত বোম্বাইকে