পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় খণ্ড । ঘটিচ ৰাজত্ব। প্রথম অধ্যায়। ভাৰতত ইউৰোপীয় ৰেপাৰীৰিলাক । 69 পুৰণি কালত আৰবৰ সদাগৰবিলাকে ভাৰতৰ উৎপন্ন বস্তু- বিলাক বিশেষকৈ মা-মছলা, বোগ্দাদ, চিৰিয়া, কনষ্টান্টিনোপল আদি ঠাইত বেচিছিলগৈ। তাৰ পৰাও এই বস্তুবোৰ ক্ৰমান্বয়ে পশ্চিমলৈ যায়। তেওঁলোকে তাত এই বস্তুবোৰ বেচি বৰ লাভ কৰা দেখি ইউৰোপীয় সদাগৰবিলাকেও এইদৰে বেহা- বেপাৰ কৰি চহকী হবলৈ হাবিয়াস কৰে। পটু’গিজ বেপাৰ :—১৪৯৮ খৃঃত পটুগিজ নাবিক ভাস্কোদিগামা আহি মালৱাৰ উপকূলৰ কালিকট নগৰত উপস্থিত হল। তেওঁ ভাৰত পায়েই বেহা-বেপাৰৰ কথালৈ কালিকটৰ হিন্দু ৰজ৷ জামৰিণৰ লগত দেখা কৰে৷ পঢ়ুগিজ বিলাকে কালিকট আৰু হুগলীত আৰম্ভ কৰি গোটেই ভাৰততে বাণিজ্যৰ একাধিপত্য স্থাপন কৰে৷ ভাৰতৰ পশ্চিম উপকূলত বোম্বাই, চলচেটি, গোৱা, দমন, দিউ প্রভৃতি ঠাইত তেওঁলোকে বেপাৰৰ কুঠি পাতে ।