পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 ভাৰত বুৰঞ্জী পদ বালাজী বিশ্বনাথৰ উত্তৰাধিকাৰি সকলৰ বংশগত হৈ পৰিল । বালাজী বাজীৰাৱে কেবল উত্তৰ-ভাৰতত মাৰাঠা শক্তি বিস্তাৰ কৰিয়েই ক্ষান্ত নাছিল, দাক্ষিণাত্যতো তেওঁৰ প্ৰভুত্ব বিস্তাৰ কৰিছিল । পানীপথৰ ৩য় যুদ্ধ (১৭৬১) :–১৭৫৮ খৃঃত পেছোৱা বালাজী বাজীৰাওৰ ভায়েক ৰঘুনাথ ৰাৱে পঞ্জাৱ অধিকাৰ কৰে। এই কাৰণে আহমদ ছা ডুৰানিয়ে আকৌ ভাৰত আক্ৰমণ কৰি পঞ্জাৱ অধিকাৰ কৰেহি। বালাজী বাজীৰাৱে আহমদ ছাৰ বিৰুদ্ধে এক বিপুল সৈন্যবাহিনী পঠালে। পানীপথৰ ৰণক্ষেত্ৰত দুয়োপক্ষ মুখামুখি হল। আহম্মদ ছাক ৰোহিল৷ আৰু অযোধ্যাৰ নৱাবে সহায় কৰিছিল, কিন্তু বাজীৰাৱক হিন্দুজা সকলে সহায় নকৰিলে৷ মাৰাঠ৷ সৈন্যই বৰ সাহেৰে যুদ্ধ কৰিও জিকিব নোৱাৰিলে। ফলত মাৰাঠা শক্তি পৰি আহিল আৰু ভাৰতত হিন্দু ৰাজ্য স্থাপনৰ আশ৷ মাৰ গল। এই সুযোগতে ইংৰাজ নামে ইউৰোপৰ এটা বেপেৰুৱা জাতিয়ে ভাৰতত সাম্ৰাজ্য পাতিবলৈ সুবিধা পালে । প্রশ্ন ১। মোগল ৰাজ্য ধ্বংসৰ কাৰণবিলাক বাছি উলিওৱা । । কি কি বিষয়ত ঔৰংজেবে মহানুভব আকবৰৰ প্ৰণালী অনুসৰণ নকৰিছিল ?