পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩। “দৰাচলতে ছা-জাহানৰ ৰাজত্বকাল যুদ্ধবিগ্রহাদিতকৈ ঐশ্বৰ্য্য বিভূতি আৰু বিতোপন কাৰুকাৰ্য্যৰ নিমিত্তেহে বেছি বিখ্যাত”—এই কথা ফাঁকি বিশদৰূপে বুজাই দিয়া । ৪। মিৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল ? তেতিয়া অসমৰ ৰজা কোন আছিল ? আক্ৰমণৰ ফল কি হল ? ৫। কেনেকৈ শিৱাজীয়ে মাৰাঠা জাতিটোক এটা লেখত লবলগীয়া জাতি কৰি তুলিছিল ? ৬। নাদিৰ ছাহৰ ভাৰত আক্ৰমণৰ বিষয়ে কি জানা ? ৭। পানীপথৰ ৩য় যুদ্ধৰ কাৰণ কি ? ইয়াৰ ফল কি হল ? ৮। চমু টোকা লিখা : আফজল খাঁ, চায়েস্তা খাঁ, যশোৱন্ত সিংহ, জয়সিংহ, তাৰাবাই, চাহু, গুৰু গোবিন্দসিংহ, বান্দা, প্রথম বাজীৰাও, আহম্মদ ছা ডুৰানি ।