পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোগল সাম্ৰাজ্যৰ পতন আৰু মাৰাঠা শক্তি বিস্তাৰ চাহু :—ঔৰংজেবৰ মৃত্যুৰ পিছত মুক্তি লাভ কৰি শিৱাজীৰ নাতিয়েক চাহু নিজদেশলৈ উভতি আহি ৰাজ্যলৈ তাৰাবাইৰ লগত যুদ্ধ কৰিব লগা হল। চাহুৱে জয়লাভ কৰি চাতাৰাৰ সিংহাসনত বহিল। বালাজী বিশ্বনাথ নামে এজন তীক্ষ্ণবুদ্ধিৰ ব্ৰাহ্মণক চাহুৱে পেছোৱা বা প্রধানমন্ত্রী পাতে। তেওঁ ৰাজ্যত শান্তি আৰু শৃঙ্খলা স্থাপন কৰে। বালাজী বিশ্বনাথৰ দিনৰ পৰা পেছোৱা ৰাজ্যৰ সৰ্বেসৰ্বব৷ হৈ উঠে। প্রথম বাজীৰাওঃ—বালাজী বিশ্বনাথৰ মৃত্যুৰ পিছত ১৭২০ খৃঃত তেওঁৰ পুতেক বাজীৰাও পেছোৱা হল। তেওঁ বাপেকৰ দৰে তীক্ষ্ণ বুদ্ধিৰ, উচ্চ আকাঙ্ক্ষাৰ লোক আছিল । তেওঁ মোগল সাম্রাজ্য ধ্বংস কৰি তাৰ ঠাইত এখন বিশাল হিন্দু সাম্ৰাজ্য স্থাপন কৰিবলৈ চেষ্টা কৰিছিল ৷ তেওঁৰ সামৰিক প্ৰতিভা আৰু ৰাজনৈতিক দূৰদৰ্শিতা যথেষ্ট আছিল। তেওঁ হিন্দু সাম্রাজ্য স্থাপনৰ আদৰ্শ আগতলৈ ৰাজপুত, বুন্দেলা আদি জাতিৰ লগত মিত্ৰতা কৰিছিল৷ বাজীৰাৱে মালৱ, গুজৰাট, আৰু ৰাজপুতনা অধিকাৰ কৰি শেষত দিল্লীত উপস্থিত হলগৈ। হায়দৰাবাদৰ নিজাম দিল্লীৰ সম্রাটক সহায় কৰিবলৈ আহিল, কিন্তু পৰাজিত হৈ নিজামে বাজীৰাওৰ লগত সন্ধি কৰিবলৈ বাধ্য হয় । বাজীৰাও গোটেই দাক্ষিণাত্যৰ শাসনকৰ্ত্তা হৈ পৰিল ৷ ১৭৪০ খৃঃত তেওঁৰ মৃত্যু হয়। বালাজী তেওঁৰ পুতেক বাজীৰাওঃ — প্রথম বাজীৰাওৰ মৃত্যুৰ পিছত বালাজী বাজীৰাও পেছোৱা হোৱাৰ পৰা পেছোৱা 405