পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী সিংহাসন লৈ নাদিৰ ছাহ পাৰস্থ্যলৈ উলটিল । সম্রাট মহম্মদ ছাহৰ মৃত্যু হয়। 118 ১৭৪৮ জ নাদিৰ ছাহ । আহমদ ছা ডুৰানি :—মহম্মদ ছাহৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক আহম্মদ ছা সিংহাসনত উঠিল। এওঁৰ দিনতে আফগানিস্থানৰ ৰজা আহম্মদ ছা ডুৰানিয়ে ভাৰতবৰ্ষ আক্রমণ কৰে ৷ ডুৰানিয়ে কেইবাবাৰো ভাৰত আক্ৰমণ কৰিছিল৷ সম্রাট দ্বিতীয় আলগিৰৰ ৰাজত্ব কালতো আহম্মদ ছাই ভাৰত আক্ৰমণ কৰি দিল্লী আৰু মথুৰা লুটপাট কৰি বহুত ধন-সোণ্ট লৈ যায় ।