পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোগল সাম্রাজ্যৰ পতন আৰু মারাঠা শক্তি বিস্তাৰ ফব্রুকচিয়াৰৰ চৈয়দ হচেন আলি প্রধান সেনাপতি আৰু আবদুল্লা খ। প্রধানমন্ত্রী আছিল। শেষত এওঁলোক হয়ো ফক চিয়াৰক ৰাজ্যচ্যুত কৰি হত্যা কৰায় আকি বাহাছৰ ছাহৰ হুজন নাতিয়েকক ক্রমান্বয়ে বঙ্গা পাতি নিজে ৰাজ্যশাসন কৰিবলৈ ধৰে। শেষত ১৭১৯ খৃঃত বাহাছৰ ছাহৰ নাতিয়েকে মহম্মদ ছাহ - নাম লৈ সিংহাসনত উঠে । মহম্মদ ছাহৰ ৰাজস্বকালত বিশাল মোগল সাম্রাজ্য ভাগি কেইবাখনো স্বাধীন রাজ্যত পরিণত হল। দাক্ষিণাত্য, অযোধ্যা আৰু বঙ্গ স্বাধীন হল। গুজবাট আৰু মালৱত মাৰাঠাবিলাক আৰু পঞ্জাৱত শিখ বিলাক শক্তিশালী হৈ উঠিল । নাদিৰ ছাহৰ ভাৰত আক্রমণ :—মহম্মদ ছাহৰ দিনত পাৰস্যৰ ৰজা নাদিৰ ছাহে ভাৰত আক্ৰমণ কৰে। তেওঁ সম্রাট মহম্মদ ছাহৰ সৈন্যক হৰুৱাই দিল্লীত সোমালহি। মহম্মদ ছাই নাদিৰৰ বশ্যতা স্বীকাৰ কৰিলে। কিন্তু হঠাৎ নাদিৰ ছাহ মৰিল বুলি মিছা জনৰৱ উঠাত সম্ৰাটৰ সেনাই সাহ পাই নাদিৰ ছাহৰ সেন| জনদিয়েকক বধ কৰিলে। সেই ঘটনা শুনি নাদিৰ ছাহে খঙত জ্বলি-পকি নানান অত্যাচাৰ কৰিবলৈ তেওঁৰ সৈন্যবিলাকক হুকুম দিলে। সিহঁতে য’তে যাকে পালে মাৰি কাটি ঘবদুৱাৰ পুৰি ছাইকৰি ধন-সম্পত্তি লুটপাট কৰিলে । অৱশেষত মহম্মদ ছাহ নিৰুপায় হৈ নাদিৰ ছাহৰ ভৰিত পৰাত হত্যা বন্ধ হল ; কিন্তু তেতিয়া লুটপাট কৰা কাৰ্য্য আৰম্ভ হল ৷ ৰাজভঁৰালৰ সোণ, ৰূপ, মণি-মুকুতা, হীৰা আৰু ময়ুৰ