পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ অধ্যায়। মোগল সাম্ৰাজ্যৰ পতন আৰু মাৰাঠা শক্তি বিস্তাৰ । বাহাদুৰ ছাহ :—ঔৰংজেবৰ মৃত্যুৰ পিছত ছাহ আলমে বাহাদুৰ ছাহ নাম লৈ সিংহাসনত উঠে। তেওঁ ৰাজপাটত উঠিয়েই বন্দী চাহুক মুকলি কৰি দি মাৰাঠা বিলাকৰ লগত সন্ধি স্থাপন কৰিলে। ইতিমধ্যে মেৱাৰ, মাৰোৱাৰ আৰু অম্বৰৰ ৰাজপুত ৰজাসকল সঙ্ঘবদ্ধ হোৱাত বাহাদুৰ ছাহে ৰাজপুতৰ লগতো মিত্ৰতা স্থাপন কৰিলে। শিখ ঃ—শিখবিলাক গুৰু নানকৰ শিষ্য। তেওঁলোকৰ দশম গুৰু গোবিন্দ সিংহৰ দিনত শিখ জাতিটো এটা যুঁজাৰু জাতিত পৰিণত হয়। গুৰু গোবিন্দ সিংহৰ পিছত শিখ বিলাকৰ কোনো গুৰু নোহোৱা হল। বান্দা নামে এজন সাহসী বীৰ শিখ বিলাকৰ নেতা হল । শিখবিলাকে বান্দাৰ অধীনত মোগল ৰাজ্য আক্রমণ কৰিলে। বাহাদুৰ ছাহে শিখক পৰাস্ত কৰিলে । জাহান্দৰ ছাহ আৰু ফৰুকচিয়াৰ :—বাহাদুৰ ছাহৰ পুতেক জাহান্দৰ ছাহে ১৭১২ খৃঃত ১১ মাহ ৰাজত্ব কৰাৰ পিছত তেওঁৰ ভতিজাক ফৰুকচিয়াৰ ৰাজপাটত উঠে ৷ তেওঁ সাত বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ দিনত বান্দাই শতজ্ঞ আৰু যমুনাৰ মাজৰ ঠাই অধিকাৰ কৰিলে৷ সম্ৰাটৰ সেনাই বান্দাক পৰাস্ত কৰি বধ কৰিলে ।