তেওঁৰ ভাৰ্য্যা বীৰাঙ্গনা তাৰাবায়ে ক্ৰমান্বয়ে সুদক্ষতাৰে ৰাজকাৰ্য্য চলাইছিল। তাৰাবায়ে পুত্ৰ তৃতীয় শিৱাজীৰ প্ৰতিনিধিৰূপে মোগলসেনাক ইমান হেঁচা দিছিল যে, শেষত ঔৰংজেব তিষ্ঠিব নোৱাৰি বেজাৰ মনেৰে আহম্মদনগৰলৈ ভটীয়াই যাবলৈ বাধ্য হল (১৭০৩ খৃঃত)।
ঔৰংজেবৰ শেষ জীবনঃ— তেওঁৰ শেষ জীৱন বৰ কষ্টত কটাব লগা হৈছিল। ঔৰংজেবে বিশেষ চেষ্টা কৰিও মাৰাঠা বিলাকক দমন কৰিব নোৱাৰিলে। সিংহাসন লৈ পুতেক কেইজনৰ মাজত হোৱা বিবাদে তেওঁক আৰু অশান্তি দিছিল। ঔৰংজেবৰ ৰাজত্বৰ শেষকাল ছোৱাতে ভৰতপুৰত জাট বিলাকে স্বাধীন ৰাজ্য স্থাপন কৰিলে৷ পঞ্জাৱত শিখ বিলাকো মূৰ দাঙি উঠিল। ১৭০৭ খৃঃত আহম্মদনগৰত ঔৰংজেবৰ মৃত্যু হয়৷
ঔৰংজেবৰ চৰিত্ৰ:— সম্ৰাট ছা-জাহানৰ পুতেক সকলৰ ভিতৰত ঔৰংজেব আটাইতকৈ বুদ্ধিমান, উদ্যমী আৰু অধ্যৱসায়ী আছিল৷ সামৰিক বিষয়ত আৰু কূট-নীতিত তেওঁ অতি নিপুণ আছিল। কিন্তু ৰাজ্যশাসন বিষয়ত তেওঁ দূৰদৰ্শী নাছিল। তেওঁ অতি ধাৰ্ম্মিক আছিল; কিন্তু পৰ ধৰ্ম্মক ঘিণ কৰিছিল। তেওঁ হিন্দু বিলাকৰ ওপৰত নানা অত্যাচাৰ কৰিছিল। ঔৰংজেবৰ অনুদাৰ ধৰ্ম্মনীতিয়ে মোগল সাম্ৰাজ্যৰ বান্ধ ঢিলা কৰি পেলালে।
________