পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঔৰংজেব তেওঁৰ ভাৰ্য্যা বীৰাঙ্গনা তাৰাবায়ে ক্রমান্বয়ে সুদক্ষতাৰে ৰাজকাৰ্য্য চলাইছিল। তাৰাবায়ে পুত্র তৃতীয় শিৱাজীৰ প্ৰতিনিধিৰূপে মোগলসেনাক ইমান হেঁচা দিছিল যে, শেষত ঔৰংজেব তিষ্ঠিব নোৱাৰি বেজাৰ মনেৰে আহম্মদনগৰলৈ ভটীয়াই যাবলৈ বাধ্য হল ( ১৭০৩ খৃঃত)। ঔৰংজেবৰ শেষ জীবন :— তেওঁৰ শেষ জীৱন বৰ কষ্টত কটাব লগা হৈছিল। ঔরংজেবে বিশেষ চেষ্টা কৰিও মাৰাঠা বিলাকক দমন কৰিব নোৱাৰিলে। সিংহাসন লৈ পুতেক কেই- জনৰ মাজত হোৱ৷ বিবাদে তেওঁক আৰু অশান্তি দিছিল। ঔৰংজেবৰ ৰাজত্বৰ শেষকাল ছোৱাতে ভৰতপুৰত জাট বিলাকে স্বাধীন ৰাজ্য স্থাপন কৰিলে ৷ পঞ্জাৱত শিখ বিলাকো মুৰ দাঙি উঠিল। ১৭০৭ খৃঃত আহম্মদনগৰত ঔৰংজেবৰ মৃত্যু হয় ৷ ঔৰংজেবৰ চৰিত্ৰ:— সম্রাট ছা-জাহানৰ পুতেক সকলৰ ভিতৰত ঔৰংজেব আটাইতকৈ বুদ্ধিমান, উদ্যমী আৰু অধ্যৱসায়ী আছিল৷ সামৰিক বিষয়ত আৰু কূট-নীতিত তেওঁ অতি নিপুণ আছিল । কিন্তু ৰাজ্যশাসন বিষয়ত তেওঁ দূৰদৰ্শী নাছিল । তেওঁ অতি ধাৰ্ম্মিক আছিল; কিন্তু পৰ ধৰ্ম্মক ঘিণ কৰিছিল ৷ তেওঁ হিন্দু বিলাকৰ ওপৰত নানা অত্যাচাৰ কৰিছিল । ঔৰংজেবৰ অনুদাৰ ধৰ্ম্মনীতিয়ে মোগল সাম্ৰাজ্যৰ বান্ধ ঢিলা কৰি পেলালে ।

- ১১১