পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১০ ভাৰত বুৰঞ্জী চালনা কৰিছিল। শিৱাজীৰ ৰাজ্য কেইবাখনো “প্রাক্ত” বা প্ৰদেশত বিভক্ত আছিল। এই প্রদেশবিলাক আকৌ ‘পৰগণা’ বা ‘তৰফত’ ভাগ কৰা হৈছিল। কেইবাখনে৷ গাঁও লৈ একোটা ‘তৰফ’ গঠিত হৈছিল। উৎপন্ন শস্যৰ উ ভাগ ৰাজকৰ হিচাবে লোৱা হৈছিল। শিৱাজীয়ে তেওঁৰ ৰাজ্যৰ ওচৰত থকা দেশবোৰৰ পৰা চৌথ (§ অংশ ), আৰু চৰদেশমুখী ( ১ঠ অংশ ) আদায় কৰিছিল । ঔৰংজেবৰ বাজপুৰ লগত যুদ্ধ :—আকবৰে তুলি দিয়া জিজিয়া কৰ ঔৰংজেবে পুনৰ লগোৱাত আৰু কাবুলত সেনাপতি যশোবন্তসিংহৰ মৃত্যুৰ পিছত তেওঁৰ লৰা-তিৰোতাৰ প্ৰতি কঠোৰ ব্যৱহাৰ কৰাত ৰাজপুতবিলাক খঙত জ্বলি উঠিল। উদয়পুৰৰ ৰাণ৷ ৰাজসিংহ তেওঁ বিলাকৰ নায়ক হল। তাৰ পিছত তেওঁ- বিলাকে জিজিয়া কৰ নিদিবলৈ থিৰাং কৰিলে। বহুত কথা লৈ দুয়ো পক্ষৰ ভিতৰত অনেক দিন যুজ-বাগৰ চলি আছিল। ঔৰংজেবৰ দাক্ষিণাত্যলৈ গমন ঃ—শিৱাজী ঢুকুৱাৰ পিছত ঔৰংজেবে দাক্ষিণাত্য জয় কৰিবলৈ ওলায়৷ তেওঁ ১৬৮৬ খৃঃত বিজাপুৰ আৰু ১৬৮৭ খৃঃত গোলকুণ্ড৷ জয় কৰিলে ৷ এই দুইখন ৰাজ্য জয় কৰাত এক প্ৰকাৰ ঔৰংজেবৰ অপকাৰ হে হল। আগেয়ে এই দুখন ৰাজ্যই মাৰাঠ৷ সকলক বাধা দিছিল । শিৱাজীৰ মৃত্যুৰ পিছত শম্ভুজী ৰাজপাটত উঠে। তেওঁ অকৰ্ম্মণ্য আছিল। ঔৰংজেবে তেওঁক বধ কৰি ৰাজধানী ৰাইগড় নিজৰ হাতলৈ আনে আৰু তেওঁৰ পুতেক চাহুক আগ্ৰালৈ পঠাই দিলে ৷ শম্ভুজীৰ পিছত ৰাজাৰাম আৰু তেওঁৰ মৃত্যুৰ পাছত