পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঔৰংজেব শিবাজীৰ চৰিত্ৰ :–তেওঁ এজন জন্মবীৰ আছিল। তেওঁ সাধাৰণ অৱস্থাৰ পৰা দোপতদোপে উঠি এজন স্বাধীন ৰজা হয়। তেওঁ মাৰাঠা জাতিটোক এটা লেখত লবলগীয়া জাতি কৰি তুলিছিল। হিন্দু ৰাজ্য স্থাপন কৰি এক হিন্দু জাতি গঠন কৰাই তেওঁৰ মুখ্য উদ্দেশ্য আছিল। সেইবুলি তেওঁ মুছলমানৰ মচ্‌জিদ আৰু প্ৰধান ধৰ্ম্মপুথি কোৰাণক অৱজ্ঞা কৰা নাছিল। শিৱাজী। তেওঁ দুখীয়া নিচলাৰ বন্ধু আছিল। তেওঁৰ সাহস, ধৈৰ্য্য, বুদ্ধি-নিপুণতা, নিভাঁজ দেশপ্রেম, আজিলৈকে হিন্দু ৰজাসকলৰ মাজত বিৰল৷ তেওঁৰ মাতৃভক্তি, গুৰুভক্তিও বৰ প্ৰশংসনীয় । শিৰাজীৰ শাসন :—তেওঁ বৰ সুনিপুণ শাসক আছিল। প্ৰজাৰ হিতসাধন কৰাই তেওঁৰ ৰাজ্যশাসনৰ উদ্দেশ্য আছিল । তেওঁ আঠজন ‘প্রধান' বা মন্ত্ৰীৰ সহায়েৰে শাসনকাৰ্য্য পৰি