পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2340 ভাৰত বুৰঞ্জী উপাধি ললে। এইবাৰ সম্রাটে শিৱাজীক ভালকৈ এশিকনি দিবলৈ জয়সিংহ আৰু দিলিৰ খাঁক পঠালে; কিন্তু এইবাৰ শিৱাজীয়ে তেওঁৰ ১২টা দুৰ্গ নিজলৈ ৰাখি বাকীবোৰ মোগল সম্ৰাটক এৰি দি মোগলৰ বশ্যতা স্বীকাৰ কৰিলে। পিছত জয়সিংহই বিজাপুৰ আক্ৰমণ কৰাত শিৱাজীয়ে জয়সিংহক সহায় কৰে । সম্রাটৰ দৰবাৰত শিবাজী:—শিৱাজীক দাক্ষিণাত্যত ৰখা নিৰাপদ যেন নেদেখি জয়সিংহই তেওঁক আগ্রাত ঔৰংজেবৰ লগত সাক্ষাত কৰিবলৈ নানাভাবে অনুৰোধ কৰে। জয়সিংহৰ অনুৰোধ আৰু অভয়দানত বিশ্বাস কৰি শিৱাজী আগ্ৰালৈ গল । ঔৰংজেবৰ দৰবাৰত শিৱাজীয়ে যথোচিত সম্মান নেপোৱাত তেওঁ প্ৰতিবাদ কৰে। ঔৰংজেবে শিৱাজীক বন্দী কৰি ৰাখিবলৈ আদেশ দিলে । কিন্তু শিৱাজীয়ে চল কৰি পহৰীয়াবোৰৰ চকুত ধুলিমাৰি আগ্ৰাৰ পৰ৷ পলাই নিজদেশ পালেগৈ। ৰাজ্যাভিষেক :–১৬৭৪ খৃঃত শিৱাজীয়ে বৰ আড়ম্বৰেৰে ৰায়গড়ত অভিষেক পাতে আৰু ছত্রপতি আৰু গো-ব্রাহ্মণ- প্রতিপালক উপাধি লয় ৷ ঔৰংজেবে তেওঁক স্বাধীন ৰজা বুলি স্বীকাৰ কৰিলে ৷ তেওঁ গোলকুণ্ডা ৰাজ্যৰ লগত বন্ধুতা স্থাপন কৰিলে আৰু জিঞ্জি, ভেলোৰ, বেলাৰি আদি দুৰ্গবিলাক দখল কৰিলে। উত্তৰে গুজৰাট, দক্ষিণে কর্ণাটলৈকে শিৱাজীৰ ৰাজ্য বিয়পি আছিল। ১৬৮০ খৃষ্টাব্দত শিৱাজীৰ মৃত্যু