সৈন্যদল গঠন কৰিছিল। ১৬৪৬ খৃঃত শিৱাজীয়ে কেইটামান সৰু সৰু দুৰ্গ অধিকাৰ কৰে। পিছ বছৰত আকৌ বিজাপুৰৰ অন্তৰ্গত কঙ্কণ জয় কৰেগৈ। মুছলমান ৰাজ্যধ্বংস কৰি হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাই তেওঁৰ জীৱনৰ লক্ষ্য আছিল।
আফজল খাঁঃ— বিজাপুৰৰ ৰজাই ১৬৫৯ খৃঃত শিৱাজীৰ বিৰুদ্ধে সেনাপতি আফজল খাঁৰ অধীনত এটা পৰাক্ৰমী ফৌজ পঠায়। শিৱাজী সেই সময়ত প্ৰতাপগড় দুৰ্গত আছিল। আফজল খাঁয়ো প্ৰতাপগড়ৰ ওচৰতে শিবিৰ পাতি ৰলগৈ। পিছে তেওঁ শিৱাজীৰৰ লগত সন্ধি কৰিবলৈ বুলি তেওঁক এডোখৰ ঠাইলৈ মাতি পঠিয়ালে। প্ৰত্যেকেই একোজন গা-ৰক্ষক লৈ নিদ্দিষ্ট ঠাইত উপস্থিত হল। আফজল খাঁই মৰম দেখুৱাৰ চলেৰে শিৱাজীক টেটুত চেপি ধৰিলে। শিৱাজীয়েও তেতিয়া পেটত বাঘনখ বহুৱাই আফজল খাঁক বধ কৰিলে। যি নহওক, এইবাৰ বিজাপুৰৰ ৰজা সমূলে হাৰিল। শিৱাজীয়ে বিজাপুৰত জয়ী হৈ বল পাই উত্তৰফালে মোগল ৰাজ্য লুটপাট কৰিবলৈ লাগি গল।
চায়েস্তা খাঁঃ— এই কথা শুনা মাত্ৰকে ঔৰংজেবে দাক্ষিণাত্যৰ শাসনকৰ্ত্তা চায়েস্তা খাঁক শিৱাজীক দমাবলৈ পঠালে। এদিন ঘোৰ অন্ধকাৰ ৰাতি শিৱাজীয়ে বাছকবনীয়া কিছুমান সৈন্য লৈ অতৰ্কিতে চায়েস্তা খাঁৰ শিবিৰত সোমাল৷ চায়েস্তা খাঁই গম পাই জাপ মাৰি খিৰিকীয়েদি প্ৰাণ লৈ পলাল। এই কাৰ্য্যৰ পৰা শিৱাজীৰ সাহ দুগুণে বৃদ্ধি হল। পিছত তেওঁ সমৃদ্ধিশালী বন্দৰ সুৰাট লুটপাট কৰি ৰজা