পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঔরংজেব সৈম্বাদল গঠন কৰিছিল। ১৬৪৬ খৃঃত শিৱাজীয়ে কেইটামান সৰু সৰু দুৰ্গ অধিকাৰ কৰে। পিছ বছৰত আকৌ বিজাপুৰৰ অন্তৰ্গত কঙ্কণ জয় কৰেগৈ। মুছলমান ৰাজ্যধ্বংস কৰি হিন্দু ৰাজ্য প্রতিষ্ঠা কৰাই তেওঁৰ জীৱনৰ লক্ষ্য আছিল । 509 আফজল খাঁ :—বিজাপুৰৰ ৰজাই ১৬৫৯ খৃঃত শিৱাজীৰ রুদ্ধে সেনাপতি আফজল খাঁৰ অধীনত এটা পৰাক্ৰমী ফৌজ পঠায়। শিৱাজী সেই সময়ত প্রতাপগড় দুর্গত আছিল। আফজল খাঁয়ে৷ প্ৰতাপগড়ৰ ওচৰতে শিবিৰ পাতি ৰলগৈ। পিছে তেওঁ শিৱাজীৰৰ লগত সন্ধি কৰিবলৈ বুলি তেওঁক এডোখৰ ঠাইলৈ মাতি পঠিয়ালে। প্রত্যেকেই একোজন গা- ৰক্ষক লৈ নিদ্দিষ্ট ঠাইত উপস্থিত হল। আফজল খাঁই মৰম দেখুৱাৰ চলেৰে শিৱাজীক টেটুত চেপি ধৰিলে ৷ শিৱাজীয়েও তেতিয়া পেটত বাঘনখ বহুৱাই আফজল খাঁক বধ কৰিলে। যি নহওক, এইবাৰ বিজাপুৰৰ ৰজা সমূলে হাৰিল। শিৱাজীয়ে বিজাপুৰত জয়ী হৈ বল পাই উত্তৰফালে মোগল ৰাজ্য লুটপাট কৰিবলৈ লাগি গল । চায়েস্তা খাঁ ঃ—এই কথা শুনা মাত্ৰকে ঔৰংজেবে দাক্ষিণাত্যৰ শাসনকৰ্ত্তা চায়েস্তা খাঁক শিৱাজীক দমাবলৈ পঠালে। এদিন ঘোৰ অন্ধকাৰ ৰাতি শিৱাজীয়ে বাছকবনীয়৷ কিছুমান সৈন্য লৈ অতর্কিতে চায়েস্তা খাঁৰ শিবিৰত সোমাল । চায়েস্তা খাঁই গম পাই জাপ মাৰি খিৰিকীয়েদি প্রাণ লৈ পলাল। এই কাৰ্য্যৰ পৰা শিৱাজীৰ সাহ হুগুণে বৃদ্ধি হল। পিছত তেওঁ সমৃদ্ধিশালী বন্দৰ সুৰাট লুটপাট কৰি ৰজা