অধিকাৰ কৰি আহোমৰ ৰাজধানী গড়গাঁও পালেগৈ। পিছে ঘোৰ বাৰিষা হলত খোৱালোৱাৰ দুখত নানান অসুবিধাত পৰি বহু মুছলমান সেনা মৰিল। এনে অৱস্থাত মিৰজুমলাই বাধ্যহৈ আহোম ৰজাৰ লগত সন্ধি কৰিলে। ১৬৬৮ খৃঃত ঔৰংজেবে সেনাপতি ৰাজা ৰামসিংহৰ নেতৃত্বত অসমৰ বিৰুদ্ধে দ্বিতীয় অভিযান পঠায়। সেই সময়ত চক্ৰধ্বজ সিংহ আহোম ৰজা আছিল। তেওঁ সেনাপতি লাছিত বৰফুকনক মোগলৰ বিৰুদ্ধে পঠালে। বিখ্যাত শৰাইঘাটৰ যুদ্ধত মোগলবিলাক পৰাস্ত হয়।
১৬৮১ খৃঃত গদাধৰ সিংহ আহোম ৰাজপাটত উঠে। ঔৰংজেবে এওঁৰ দিনত আকৌ এক অভিযান পঠায়। গুৱাহাটিৰ ওচৰত ইটাখুলিত হোৱা ৰণত মুছলমান সেনা হাৰি অসম জয়ৰ আশা এৰি গুচি যায়। মানাহ নদী আহোম আৰু মোগলৰ ৰাজ্যৰ সীমা নিৰ্দ্দিষ্ট হল।
শিৱাজীঃ— ঔৰংজেবৰ দিনত দক্ষিণ ভাৰতত মাৰাঠা নামে এট পৰাক্ৰমী জাতি গঠিত হয়। এই নতুন জাতিটো শিৱাজী নামৰ এজন নায়কৰ অধীনত ক্ৰমাৎ পৰাক্ৰমী হৈ উঠিছিল।
১৬২৭ খৃঃত (বা ১৬৩০ খৃঃত) পুনাৰ শিৱনাৰ দুৰ্গত শিৱাজীৰ জন্ম হয়। তেওঁৰ বাপেকৰ নাম চাহজী আৰু মাকৰ নাম জিজিবাই। শিৱাজীয়ে সৰুৰেপৰা তৰোৱাল চলোৱা, মালযুজ কৰা আদি শিক্ষা পাইছিল। তেওঁ লিখা-পঢ়া নাজানিছিল। পুনাৰ পৰ্ব্বতৰ কাষত মাৱালী নামে এটা জাতি আছিল। শিৱাজীয়ে কিছুমান মাৱালী ডেকাক লৈ এটি