পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী পৃথিবীৰ বিখ্যাত ময়ূৰ সিংহাসন ছা-জাহানৰ দিনতেই নিৰ্ম্মিত হৈছিল। তেওঁ দিল্লীৰ ওচৰতে এখন জাকজমক, বিতোপন নগৰ পাতিছিল। সম্রাটৰ নাম অনুসৰি সেই নগৰখনৰ নাম ছা-জাহানাবাদ হল। ছা-জাহানাবাদৰ ভিতৰত থকা দেওয়ান- ই-খাছ, আৰু দেওয়ান-ই-আম্‌ নামৰ দুটা অট্টালিকা প্রসিদ্ধ। দিল্লীৰ জুমা মচজিদ তেওঁৰ আৰু এটা স্মৰণীয় কীৰ্ত্তি। 108 মতি-মচ,জিদ ।