সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
ছা-জাহান


দাৰাক ঔৰংজেবৰ হাতত সমৰ্পণ কৰিলে। ঔৰংজেবে তেওঁক বধ কৰি মহাসমাৰোহেৰে ৰাজপাটত উঠে৷

মমতাজমহল

 ১৬৬৬ খৃঃত বন্দী অৱস্থাত সম্ৰাট ছা-জাহানৰ মৃত্যু হয়৷

 ছা-জাহানৰ ঐশ্বৰ্য্য:— ছা-জাহানৰ মৰমৰ পত্নী মমতাজ-মহলৰ নাম যুগমীয়াকৈ ৰাখিবৰ কাৰণে তেওঁৰ মৈদামৰ ওপৰত যমুনাৰ পাৰত তাজমহল নামে অতি বিতোপন বগা মাৰ্ব্বল পাথৰৰ ঘৰ সজায়। পৃথিবীৰ আচৰিত বস্তুৰ ভিতৰত ইও এটা আগ্ৰাৰ মতি মচজিদ ছা-জাহানৰ অতুলনীয় কীৰ্ত্তি।