পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰন্ধী তেওঁ সম্রাটৰ অনুমতি লয়। তেওঁ জাহাঙ্গিৰৰ ৰাজসভাৰ এটি বহু টোকা লিখি থৈ যায়। চৰিত্ৰ:--জাহাঙ্গিৰ শেষত এলেহুৱা আৰু অকামিলা হয় গৈ। তথাপি তেওঁৰ গাত গুণৰ অভাব নাছিল। জাহাঙ্গিৰে প্ৰজাৰ সামান্য আবেদনো শুনিছিল। শিল্প আৰু সাহিত্যৰ প্ৰতি তেওঁৰ বিশেষ অনুৰাগ আছিল। তেওঁ পিছলৈ মুৰঙ্গাহানৰ হাতৰ পুতলা হয়গৈ। ছা-জাহান। (১৬২৭ খৃঃ-১৬৫৮ খৃঃ ) ৰাজপাটত ১৬২৭ খৃঃত ছা-জাহান ৰাজপাটত উঠে। উঠিয়েই ছা-জাহানে বিদ্রোহ দমন কৰিব লগা হয়। দাক্ষিণাত্যৰ শাসনকর্তা খাঁ জাহান লোভী মোগলৰ বিপক্ষে উঠিল। সম্রাটে এই বিদ্রোহ সহজে দমন কৰিলে। ইয়াৰ পিছত গোলকুণ্ডাৰ চুলতানে দিল্লীৰ সম্রাটৰ বশ্যতা স্বীকাৰ কৰে আৰু কৰ দিবলৈ গাত লয়। বিজাপুৰৰ চুলতানে সম্রাটৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে; কিন্তু শেষত পৰাজিত হৈ সম্রাটৰ লগত সন্ধি কৰে। অসম অভিযান :- সম্রাট ছা-জাহানে অসম আক্রমণ কৰিবলৈ সেনাপতি পঠাইছিল। কোচ ৰজ। বলিত নাৰায়ন