তেওঁ সম্ৰাটৰ অনুমতি লয়। তেওঁ জাহাঙ্গিৰৰ ৰাজসভাৰ এটি হুবহু টোকা লিখি থৈ যায়।
চৰিত্ৰঃ- জাহাঙ্গিৰ শেষত এলেহুৱা আৰু অকামিলা হয় গৈ। তথাপি তেওঁৰ গাত গুণৰ অভাব নাছিল। জাহাঙ্গিৰে প্ৰজাৰ সামান্য আবেদনো শুনিছিল। শিল্প আৰু সাহিত্যৰ প্ৰতি তেওঁৰ বিশেষ অনুৰাগ আছিল। তেওঁ পিছলৈ নুৰজাহানৰ হাতৰ পুতলা হয়গৈ।
ছা-জাহান।
(১৬২৭ খৃঃ-১৬৫৮ খৃঃ)
১৬২৭ খৃঃত ছা-জাহান ৰাজপাটত উঠে। ৰাজপাটত উঠিয়েই ছা-জাহানে বিদ্ৰোহ দমন কৰিব লগা হয়।
দাক্ষিণাত্যৰ শাসনকৰ্ত্তা খাঁ জাহান লোডী মোগলৰ বিপক্ষে উঠিল। সম্ৰাটে এই বিদ্ৰোহ সহজে দমন কৰিলে।
ইয়াৰ পিছত গোলকুণ্ডাৰ চুলতানে দিল্লীৰ সম্ৰাটৰ বশ্যতা স্বীকাৰ কৰে আৰু কৰ দিবলৈ গাত লয়। বিজাপুৰৰ চুলতানে সম্ৰাটৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে; কিন্তু শেষত পৰাজিত হৈ সম্ৰাটৰ লগত সন্ধি কৰে।
অসম অভিযান:— সম্ৰাট ছা-জাহানে অসম আক্ৰমণ কৰিবলৈ সেনাপতি পঠাইছিল। কোচ ৰজা বলিত নাৰায়ন