পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাহাঙ্গিৰ বিদ্রোহী হৈহে উঠিল। নুৰজাহানে মহবত খাঁ নামে এজন সেনাপতিক খুৰমৰ বিৰুদ্ধে পঠালে। প্রায় তিনিবছৰ যুদ্ধৰ পিছত খুৰমে পৰাজিত হৈ বাপেকৰ আনুগত্য স্বীকাৰ যুদ্ধ— :—বঙ্গদেশৰ শাসনকৰ্ত্তা ইছলাম খাঁই হিন্দু আৰু পাঠান জমিদাৰসকলক পৰাস্ত কৰি গোটেই বঙ্গদেশ মোগলৰ তললৈ আনে। কোচবিহাৰ ৰাজ্যও মোগলৰ অধীনলৈ আহে, বঙ্গদেশৰ ৰাজধানী ৰাজমহলৰ পৰ৷ ঢাকালৈ স্থানান্তৰিত কৰা হয়। ১৬১৪ খৃঃত যুৱৰাজ খুৰমে মেৱাৰৰ ৰাণ৷ অমৰসিংহক যুদ্ধত ঘটুৱাই মোগলৰ বশ্যতা স্বীকাৰ কৰালে। মহবত খাঁৰ বিদ্রোহ:—সেনাপতি মহবত খাঁ শক্তিশালী হোৱাত নুৰজাহানৰ চকুৰ পোৰণি উঠিল। গতিকে হুৰজাহানে মহবতক মিছাকৈ কিছুমান দোষৰ কৈফিয়ত দিবলৈ ৰাজ- দৰবাৰলৈ মাতি পঠালে। সেই সময়ত জাহাঙ্গিৰ কাবুললৈ গৈ সিন্ধু নৈৰ ওচৰ পাইছিল, এনেতে মহবত খাঁই সসৈন্যে গৈ ৰজাৰ ছাউনীত উঠি জাহাঙ্গিৰকে বন্দী কৰিলে (১৬২৬ খৃঃ) কিন্তু চতুৰ৷ ৰজাহানে কৌশলেৰে সম্রাটক উদ্ধাৰ কৰিলে । এই ঘটনাৰ কিছু পাছতে জাহাঙ্গিৰৰ মৃত্যু হয়। চাৰ টমাচ ৰো আৰু কাপ্তান হকিন্‌চ :–১৬০৮ খৃঃত কাপ্তান হকিন্‌চ কটকীস্বৰূপে ৰজা প্রথম জেম্‌চৰ পৰা চিঠিলৈ জাহাঙ্গিৰৰ ৰাজসভাত উপস্থিত হয়হি। ১৬১৫ খৃঃত চাৰ টমাচ ৰোৱেও ৰজা প্রথম জেম্‌চৰ পৰা চিঠি লৈ কটকীস্বৰূপে জাহাঙ্গিৰৰ ৰাজসভালৈ আহে। সুৰাটত বেপাৰ চলাবলৈ