সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
ছা-জাহান


আৰু আহোম ৰজা প্ৰতাপসিংহই একগোট হৈ মুছলমানৰ বিপক্ষে ৰণ দিয়ে। এই ৰণৰ ফলত বৰনদী আহোম আৰু মুছলমানৰ ৰাজ্যৰ সীমা নিৰ্দ্দিষ্ট হয়।

ছা-জাহান।

 সিংহাসনৰ নিমিত্তে কাজিয়া:— ছা-জাহানৰ দাৰা, চুজা, ঔৰংজেব, মুৰাদ নামে চাৰিজন পুতেক আছিল। ১৬৫৭ খৃঃত ছা-জাহান টান নৰিয়াত পৰাত সিংহাসন লৈ পুতেকসকলৰ মাজত বিবাদ হয়। ঔৰংজেবে বুদ্ধিৰে মুৰাদক হাত কৰিলে। শেষত তেওঁ চলেৰে মুৰাদক হত্যা কৰালে। পিছত তেওঁ চুজাৰ বিৰুদ্ধে উঠিল। চুজা আৰাকানলৈ পলাই গল। ঔৰংজেবে ছা-জাহানক আগ্ৰাৰ দুৰ্গত বন্দী কৰি থলে। শেষত দাৰাৰ বিৰুদ্ধে ঔৰংজেবে যুদ্ধ ঘোষণা কৰিলে। দাৰা প্ৰাণ লৈ পলাই যাওঁতে এজন বিশ্বাসঘাতক মানুহৰ হাতত পৰিলগৈ। তেওঁ