পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

29 আকবৰ দিনত হিন্দু, মুছলমান, খৃষ্টিয়ান, বৌদ্ধ, জৈন আদি প্ৰজাই নিজ নিজ ধৰ্ম্মমত প্ৰচাৰ কৰিব পাৰিছিল। তেওঁ সকলোৰে প্ৰতি বৰ মৰমিয়াল আছিল; পৰাপক্ষত কাকো প্রাণদও নিদিছিল। তেওঁ ভালকৈ জানিছিল যে প্ৰজাৰ সজ ভাব আৰু স্নেহৰ ওপৰত ৰাজ্য শাস্তিত ৰাখিব পাৰি । ১। ছেৰ খাই কেতিয়া আৰু কেনেকৈ চুৰ-বংশ স্থাপিত 1 কি কি উপায়েৰে ছেৰ ছাহে তেওঁৰ বিশাল ৰাজ্যৰ বান্ধ কটকটীয়া কৰিলে ? ৩। বাবৰৰ চমু পৰিচয় দিয়া। ৪৷ পানীপথৰ ২য় ৰণৰ ফল কি হল ? ৫। আকবৰে ৰাজপুতবিলাকৰ প্ৰতি কেনে ব্যৱহাৰ কৰিছিল ? ৬। কি কি উপায়েৰে আকবৰে এখন বিশাল মোগল ৰাজ্য স্থাপিত কৰিলে ? ৭। চমু টোকা লিখা :- ৰাণী দুর্গাৱতী, হলদীঘাটৰ ৰণ, আবুল ফজল, মানসিংহ, টোডমল, তানচেন।