পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী ৰজা মানসিংহ আকবৰৰ প্রধান সেনাপতি আছিল। ৰজা টোডৰমল ৰাজস্ব বিভাগত অতি সুনিপুণ আছিল। ৰজা বীৰবলে খুহুতীয়া কথাৰে সম্রাটৰ মন প্রফুল্ল ৰাখিছিল। তানচেন এজন বিখ্যাত সুগায়ক আছিল । আকবৰৰ হিন্দুৰ প্রতি ব্যৱহাৰ :—হিন্দুৰ প্ৰতি আকবৰে ভাল ব্যৱহাৰ কৰিছিল। তেওঁ হিন্দুৰ জিজিয়া কৰ আৰু হিন্দু তীর্থ যাত্ৰীৰ ওপৰত বহুৱা কৰ উঠাই দিছিল। তেওঁ আনকি হিন্দু-মুছলমানৰ মাজত বিয়াবাৰুৰ প্ৰথাও চলাইছিল। তেওঁ ৰাজসভাৰ ডাঙৰ পদবীও হিন্দুক দিছিল আৰু তেওঁলোকক বৰ বিশ্বাস কৰিছিল। তেওঁ বাল্য বিবাহ আৰু সতী যোৱা প্রথা উঠাবলৈ চেষ্টা কৰিছিল আৰু বিধৱা-বিবাহ প্রচলন কৰাইছিল ৷ - আকবৰৰ চৰিত্ৰ:—ভাৰতবৰ্ষত ৰাজত্ব কৰা মুছলমান ৰজাসকলৰ ভিতৰত আকবৰৰ সমকক্ষ কোনো নাছিল। তেওঁ পৃথিবীৰ ভিতৰত এজন প্ৰখ্যাত ৰজা আছিল ৷ সৰুৰেপৰা যুদ্ধত লিপ্ত থকাত তেওঁ লিখাপঢ়া কৰিবলৈ সুবিধা নাপালে। তেওঁ অতি বুদ্ধিমান, দূৰদৰ্শী আৰু বিদ্যোৎসাহী ৰজা আছিল। তেওঁক আন মানুহে বুৰঞ্জী, দৰ্শন, কবিতা, কিতাপ পঢ়ি শুনাইছিল আৰু নিজে পণ্ডিত সকলৰ লগত সেইবিলাক আলোচনা কৰি ভাল পাইছিল ৷ আকবৰৰ ধৰ্ম্মবিশ্বাসঃ—তেওঁ ধৰ্ম্ম বিষয়তে৷ বৰ উদাৰ আছিল। গোটেই ৰাতি বহি ধৰ্ম্মগুৰুসকলৰ ওচৰত তেওঁ বেলেগ বেলেগ ধৰ্ম্মৰ তৰ্কৰ আলোচনা মন দি শুনিছিল৷ তেওঁৰ