পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকবৰ আক্ৰমণ কৰে, কিন্তু ৰাণীয়ে বৰ সাহেৰে যুঁজি ৰাজ্য ৰক্ষা কৰিলে। ৰাণীৰ মৃত্যুৰ পিছত ১৬০০ খৃঃত হে আকবৰে আহম্মদনগৰ অধিকাৰ কৰে। আকবৰৰ শেষকাল: — আকবৰৰ বৃদ্ধ অৱস্থাত বৰ পুত্ৰ চেলিম বিদ্রোহী হয়। চেলিম অমিতাচাৰী আছিল। আকবৰৰ অতি মৰমৰ মন্ত্ৰী বুৰঞ্জীলিখাৰু আবুল ফজলক চেলিমৰ উচ- টনিত বুণ্ডেলখণ্ডৰ ৰজাই হত্যা কৰে। আকবৰ ১৬০৫ খৃঃত স্বৰ্গী হয় ৷ আকবৰৰ শাসন প্রণালী :-আকবৰৰ শাসন-প্রণালী নিখুঁত আছিল। তেওঁ বিশাল ৰাজ্যখন ১৫ ভাগত বিভক্ত কৰিছিল ; যেনে—দিল্লী, আগ্রা, গুজৰাট, আজমীৰ, লাহোৰ, মুলতান, কাবুল, এলাহাবাদ, উড়িষ্যা, মালোৱা, বিহাৰ, বঙ্গ, আহম্মদনগৰ, বেৰাৰ আৰু খান্দেচ। প্রত্যেক প্রদেশ এজন চুবাদাৰ বা ৰাজপ্ৰতিনিধিৰ তলত আছিল । প্রত্যেক চুবাদাৰৰ তলত এজন দেৱান, এজন ফৌজদাৰ আৰু এজন প্রধান বিচাৰক আছিল আৰু পুলিচ বিভাগৰ পৰিদৰ্শক কটোৱাল তেওঁৰ অধীনত আছিল। গাওঁবিলাকত পঞ্চায়তৰ দৰে শাসন আছিল । আকবৰে বিষয়াবোৰৰ বেতন টকাৰে দিছিল । আকবৰৰ ৰাজসভা ঃ — আকবৰৰ ৰাজসভাত বহুত পণ্ডিত, সাহিত্যিক, দার্শনিক আৰু গায়কে সমাদৰ লাভ কৰিছিল । বুৰঞ্জীলিখাৰু আবুল ফজল তেওঁৰ ৰাজসভাত আছিল। তেওঁ পাৰ্চী ভাষাত আইন-ই-আকবৰী, আকবৰ-নামা নামে দুখন বহুমূলীয়া গ্রন্থ লিখি থৈ গৈছে। 5