পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী আৰু দেশপ্রেম দেখি আকবৰেও এই মহাশত্ৰুৰ প্ৰশংসা নকৰি নোৱাৰিছিল । S আকবৰে ১৫৭০ খৃঃত ৰন্থাম্বৰ আৰু কালিঞ্জৰ দুৰ্গ অধিকাৰ কৰে। এই দুর্গ অধিকাৰ কৰাত ৰাজপুতনাৰ প্ৰায় দেশবোৰে তেওঁক ৰাজচক্ৰবৰ্ত্তী বুলি স্বীকাৰ কৰিলে । গুজৰাট জয় :—তাৰ পিছত আকবৰে গুজৰাট জয় কৰিবলৈ মন কৰিলে। সেই সময়ত গুজৰাট অৰাজক অৱস্থাত আছিল । সম্রাটে মাহচেৰেকৰ ভিতৰতে গুজৰাট নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। (১৫৭২)। বঙ্গ জয় : – বঙ্গৰ ডাউদ খাঁ বিদ্রোহী হৈ মোগলৰ বশ্যতা দলিয়াই পেলোৱাত আকবৰে নিজে সসৈন্যে তেওঁৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি ১৫৭৬ খৃঃত ৰাজমহলৰ ভীষণ যুদ্ধত ডাউদ খাঁক পৰাস্ত কৰে আৰু বঙ্গদেশক তেওঁৰ ৰাজ্যৰ লগত চামিল ইয়াৰ পিছত আকবৰে এখন এখনকৈ কেইবাখনে৷ ৰাজ্য জয় কৰে। সম্রাটৰ ভায়েকৰ মৃত্যুৰ পিছত কাবুল তেওঁৰ ৰাজ্যত ( ১৫৮৬ খৃঃত ) ভুক্ত হয় । তাৰ দুবছৰৰ পিছতে তেওঁ কাশ্মীৰো জয় কৰেগৈ। ১৫৯১ খৃঃত সিন্ধুদেশো সম্ৰাটৰ অধীনলৈ আহে। ১৫৯৫ খৃঃত পাৰ্যৰ শাসনকৰ্ত্তাই কান্দাহাৰ আকবৰৰ হাতত সমৰ্পণ কৰে৷ এইদৰেই খান্দেচ, বেৰাৰ আৰু আন আন অঞ্চলো সম্রাটে অধিকাৰ কৰে৷ আহম্মদনগৰৰ ৰাণী চাঁদবিবি সাহসী আৰু পৰাক্ৰমী আছিল। তেওঁৰ দিনতে মোগল সম্রাট আকবৰে এই ৰাজ্য