পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

20 স্বাধীনতাপ্রিয় উদয়সিংহৰ আৰাৱল। সর্ববর্ততে মৃত্যু হল। তেওঁৰ পুত্ৰ বিখ্যাত যোদ্ধা বীৰ প্রতাপসিংহই বাপেকৰ পদানুসৰণ কৰিলে। তেওঁ ভাৰিব নোৱাৰা, অকথনীয় দুখ- কষ্টত পৰ্ব্বতে প্রান্তৰে অনাই বনাই ঘূৰি ফুৰিছিল, তথাপি মুছলমান সম্রাটৰ আগত মূৰ নোধোৱালে। যুবৰাজ চেলিমে ৰাণা প্রতাপসিংহক ১৫৭৬ খাত হলুদিঘাটৰ যুদ্ধত পৰাস্ত কৰে; পিছত মোগল সেনাপতি মানসিংহই বহুত পর্ববতীয়া দুর্গ প্রতাপে শেষত মেৱাৰকে আদি কৰি বহুত ৰাজ্য উদ্ধাৰ কৰিলে; কিন্তু তেওঁৰ মৰমৰ চিতোৰ দুৰ্গ উদ্ধাৰ কৰিব নোৱাৰিলে। প্রতাপসিংহই প্রায় ২৫ বছৰ কাল প্রবল প্রতাপী মোগল সম্রাটৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। দেশৰ স্বাধীনতা আৰু বংশ গৌৰৱ ৰক্ষা কৰিবৰ কাৰণে প্ৰতাপসিংহই আজীৱন চেষ্টা কৰিছিল। নিজৰ লৰা-তিতা লগত লৈ প্রতাপে ৰাণা প্রতাপসিংহ । দুর্গম পবতীয়া ঠাইত কিমান দুর্দশা ভোগ কৰিছিল তাক বর্ণাব নোৱাৰি। ইমান কষ্ট স্বীকাৰ কৰিও প্রতাপে মোগলৰ বশ্যতা স্বীকাৰ নকৰিলে। প্ৰতাপৰ এই অপূর্বর আত্মত্যাগ