পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৬৪ খৃঃত আহে। ১৫৬১ খৃঃত আকবৰৰ সেনাপতি আদমখঁ৷ আৰু পীৰ মহম্মদে মালৱ জয় কৰে। মালৱৰ ৰজা বঙ্গ বাহাদুৰে কেইবছৰমানৰ পিছত আকবৰৰ বশ্যতা স্বীকাৰ কৰে৷ নৰ্ম্মদ। নৈৰ পাৰত গণ্ডোৱানা নামে এখন ৰাজ্য আছিল । আকবৰৰ সেনাপতি আচফ খাঁই এই ৰাজ্য আক্রমণ কৰে । গণ্ডোৱানাৰ ৰাণী দুৰ্গাৱতীয়ে বৰ সাহেৰে যুদ্ধ কৰি প্ৰাণ এৰিলে ! ৰাজপুতৰ লগত মিত্ৰতাঃ—মালৱ জয়ৰ পিছতেই আকবৰে ৰাজপুতনা জয় কৰিবলৈ মন মেলিলে৷ ৰাজপুত বিলাকক বলেৰে জয় কৰা সহজ নাছিল। সেই কাৰণে মিত্ৰতা স্থাপন কৰি বন্ধুভাবে তেওঁ ৰাজপুত ৰজা সকলৰ ওপৰত তেওঁৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰিলে ৷ ১৫৬২ খৃঃত অম্বৰৰ ৰজা বিহাৰীমল বন্ধু হৈ তেওঁৰ নিজৰ জীয়েকক আকবৰলৈ বিয়া দিলে। যোধপুৰ, বুন্দী, বিকানীৰ আদি কেইবাখন ৰাজ্যয়ো অম্বৰৰ দৰে আকবৰৰ বশ্যতা স্বীকাৰ কিন্তু মেৱাৰ ৰাণাক আকবৰে বশীভূত কৰিব নোৱাৰিলে। আকবৰে ১৫৬৭ খৃঃত চিতোৰ আক্ৰমণ কৰে ৷ সেই সময়ত উদয়সিংহ মেৱাৰৰ ৰাণা আছিল ৷ উদয়সিংহই ৰাজধানী এৰি আৰাৱলী পৰ্ব্বতৰ ফালে পলাই গল। চিতোৰ আক্ৰমণঃ—সাহসী সেনাপতি জয়মলৰ ওপৰত চিতোৰ দুৰ্গৰ ৰক্ষাৰ ভাৰ পৰিছিল। ৰাজপুতৰ সাহস দেখি আকবৰে নিজে দুৰ্গ অবৰোধৰ ভাৰ লৈছিল । জয়ফল আকবৰৰ গুলিত নিহত হল। এনে অন্যায় আচৰণত ৰাজপুত সেনা-