পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫০ > ভাৰতৰ সংবিধান, পঞ্চম ভাগ-সংঘ অনুচ্ছেদ ১৪৫ (গ) ৩য় ভাগৰ দ্বাৰা প্ৰদত্ত যিকোনো অধিকাৰবলবৎকৰাৰ নিমিত্তেন্যায়ালয়ত কাৰ্য্যবাহী সম্পৰ্কে নিয়মাৱলী; [(গগ) [ অনুচ্ছেদ ১৩৯ক]ৰ অধীনত ন্যায়ালয়ৰ কাৰ্য্যবাহী সম্পৰ্কে নিয়মাৱলী;]। (ঘ) অনুচ্ছেদ ১৩৪ৰ খণ্ড (১) ৰ উপখণ্ড (গ) ৰ অধীনত আপীল গ্ৰহণ কৰা সম্পৰ্কে নিয়মাৱলী; (ঙ) ন্যায়ালয়ৰ দ্বাৰা প্ৰদত্ত কোনো নিৰ্ণয় বা দিয়া কোনো আদেশ যি চৰ্ত্তৰ সাপেক্ষে পুনৰ্বিলোকিত হব পাৰে সেইবোৰ সম্পৰ্কে নিয়মাৱলী,আৰু তেনে পুনৰ্বিলোকনৰ বাবে কিমান সময়ৰ ভিতৰত ন্যায়ালয়ত আবেদন দাখিল কৰিব লাগিব তাক অন্তৰ্গত কৰি তেনে পুনৰ্বিলোকনৰ প্ৰক্ৰিয়া সম্পৰ্কে নিয়মাৱলী: (চ) ন্যায়ালয়ৰ কোনো কাৰ্যবাহীৰ আৰু তৎপ্ৰাসংগিক খৰচৰ সম্পৰ্কে আৰু ন্যায়ালয়ত কাৰ্যবাহী সম্বন্ধে লবলগীয়া ফি সম্পৰ্কে নিয়মাৱলী; (ছ) জামিন মঞ্জুৰ কৰা সম্পৰ্কে নিয়মাৱলী; (জ) কাৰ্যবাহী বন্ধ ৰখা সম্বন্ধে নিয়মাৱলী; (ঝ) ন্যায়ালয়ৰ অভিমতত অকিঞ্চিত্ব বা বিৰক্তিকৰ বা বিলম্বৰ উদ্দেশ্যে অনা কোনো আপীলৰ সংক্ষিপ্ত নিৰ্দ্ধাৰণৰ উপবন্ধ কৰা নিয়মাৱলী; (ঞ) অনুচ্ছেদ ৩১৭ ৰ খণ্ড (১) ত উল্লিখিত তদন্তৰ অৰ্থে প্ৰক্ৰিয়া সম্পৰ্কে নিয়মাৱলী; (২) খণ্ড (৩)ৰ উপবন্ধাৱলীৰ সাপেক্ষে এই অনুচ্ছেদৰ অধীনত প্ৰস্তুত নিয়মাৱলীয়ে কোনো প্ৰয়োজনৰবাবে বহিব লগা ন্যায়াধীশৰ ন্যূনতম সংখ্যা স্থিৰ কৰি দিব পাৰিব আৰু একক ন্যায়াধীশ আৰু খণ্ড ন্যায়ালয় সমূহৰ ক্ষমতাৰ বাবেও উপবন্ধ কৰিব পাৰিব। ৩(৩) এই সংবিধান নিৰ্বচন সম্পৰ্কে সাবান বিধিমূলক প্ৰশ্ন জড়িত কোনো গোচৰ বিনিশ্চয়ৰ উদ্দেশ্য অথবা অনুচ্ছেদ ১৪৩ৰ অধীনত কৰা কোনো নিৰ্দেশ শুনানীৰ উদ্দেশ্যে বহা ন্যায়াধীশৰ ন্যূনতম সংখ্যা পাঁচজন হব লাগিব ঃ পৰ, যি স্থলত অনুচ্ছেদ ১৩২ৰ বাহিৰে এই অধ্যায়ৰ অন্য কোনো উপবন্ধৰ অধীনত কোনো আপীল শুনান্যায়ালয় পাঁচজন ন্যায়াধীশৰ কমে গঠিত হয়, আৰু আপীল শুনি থাকোতে এই বুলি ন্যায়ালয় সন্তুষ্ট হয় যে উক্ত আপীলত এই সংবিধানৰ নিৰ্বচন সম্পৰ্কে সাবান বিধিমূলক প্ৰশ্ন জড়িত আছে যাৰ নিৰ্দ্ধাৰণ আপীল নিষ্পত্তিৰ কাৰণে আৱশ্যকীয় হয়, তেনে স্থলত এনে ন্যায়ালয়ে এনে প্ৰশ্ন জড়িত থকা কোনো গোচৰৰ বিনিশ্চয় কৰাৰ উদ্দেশ্যে এই খণ্ডৰ দ্বাৰা অপেক্ষিত অনুসাৰে গঠিত হোৱা ন্যায়ালয়লৈঅভিমতৰ কাৰণে সেই প্ৰশ্নটো নিৰ্দেশিত কৰিব আৰু অভিমত পালে সেই। অভিমতৰ অনুৰূপে আপীলটো নিষ্পত্তি কৰিব। (৪) প্ৰকাশ্য ন্যায়ালয়ৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কোনো নিৰ্ণয় প্ৰদত্তনহব, আৰু প্ৰকাশ্য ন্যায়ালয়ত প্ৰদত্ত ৰায় অনুসাৰ ব্যতিৰেকে অনুচ্ছেদ ১৪৩ৰ অধীনত কোনো প্ৰতিবেদন দিয়া নহব। . ১! সংবিধান (দ্বাচত্বাৰিংশসংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ২৬ৰ দ্বাৰা অন্তঃস্থাপিত (১-২- ৭৭ তাংৰ পৰা)। . ২।সংবিধান (ত্ৰিচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ৰ ধাৰা ৬ৰ দ্বাৰা “অনুচ্ছেদ ১৩১ক আৰু ১৩৯ক” পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (১৩-৪-৭৮ তাংৰ পৰা)। ... ৩। এই খণ্ড দুটা সংবিধান (দ্বাচত্বাৰিংশ আৰু ত্ৰিচাৰিংশ) সংশোধন অধিনিয়ম, ১৯৭৬ আৰু ১৯৭৭ৰ দ্বাৰা সংশোধিত হৈ বৰ্তমান ৰূপত আছে(১৩-৪-৭৮ তাংৰ পৰা)।