পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান . পঞ্চম ভাগসংঘ অনুচ্ছেদ ১৪৫-১৪৮ (৫) গোচৰৰ শুনানীত উপস্থিত থকান্যায়াধীশসকলৰ সংখ্যাধিক্যৰসন্মতিনহলে উচ্চতমন্যায়ালয়ৰ দ্বাৰা কোনো নিৰ্ণয় আৰু এনে কোনোৰায় প্ৰদত্তনহব, কিন্তু এই খণ্ডৰ কোনো কথাই সহমত নোহাৱা কোনো ন্যায়াধীশক অসন্মতিমূলক নিৰ্ণয় বা ৰায় প্ৰদান কৰাৰ পৰা নিবাৰণ কৰা বুলি গণ্য কৰানহব। ১৪৬(১) উচ্চতমন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক স্কলৰ নিযুক্তি ভাৰতৰমুখ্য ন্যায়াধিপতিৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা অথবা তেওঁৰ নিৰ্দেশ ক্ৰমে সেইন্যায়ালয়ৰ অন্য কোননান্যায়াধীশ বা পদাধিকাৰীৰ দ্বাৰা কৰিব পদাধিকাৰী আৰু সেৱক লাগিব। সকল আৰু ব্যয় সমূহ। পৰন্তু, ৰাষ্ট্ৰপতিয়ে নিয়মৰ দ্বাৰা এইটো অপেক্ষিত কৰিব পাৰে যে নিয়মিত যথা বিনিৰ্দিষ্ট অৱস্থা সমূহত ন্যায়ালয়ৰ লগত পূৰ্বৰ পৰা সংশ্লিষ্টনথকা কোনো ব্যক্তিক সংঘলোক সেৱা আয়োগৰ লগত পৰামৰ্শ ব্যতিৰেকে ন্যায়ালয়ৰ লগত সংযুক্ত কোনো পদত নিযুক্ত নকৰিব। (২)সংসদে প্ৰস্তুত কৰা কোনো বিধিৰ উপবন্ধাৱলীৰ সাপেক্ষে, উচ্চতমন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলৰ সেৱাৰ চৰ্ত্ত সমূহ ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা প্ৰণীত নিয়মাৱলীৰ দ্বাৰা অথবা সেই প্ৰয়োজনৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰিবলৈ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা প্ৰাধিকৃত সেই ন্যায়ালয়ৰ আন কোননান্যায়াধীশ বা পদাধিকাৰীৰ দ্বাৰা প্ৰস্তুত নিয়মাৱলীৰ দ্বাৰা যথা বিহিত অনুসৰি হব ঃ পৰন্তু, এই খণ্ডৰ অধীনত প্ৰণীত নিয়মাৱলীৰ যি পৰ্য্যন্ত দৰমহা, ভাভা, ছুটী বা অৱসৰ বেতনৰ লগত সম্পৰ্ক থাকে সেই পৰ্য্যন্ত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ আৱশ্যক হব। (৩) ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলক বা তেওঁলোকৰ সম্বন্ধত দিব লগা সকলো দৰমহা, ভাত্তা আৰু অবসৰ বেতনক অন্তৰ্ভুক্ত কৰি উচ্চতমন্যায়ালয়ৰ প্ৰশাসনীয় ব্যয় সমূহ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত হব, আৰু সেইন্যায়ালয়ে গ্ৰহণ কৰা কোনো ফিজ বা অন্যান্য ধন সেই নিধিৰ অংশ হব। ১৪৭। এই অধ্যায়ত আৰু ৬ষ্ঠ ভাগৰ ৫ম অধ্যায়ত এই সংবিধানৰ নিৰ্বচন সম্পৰ্কে কোনো নিৰ্বচন। সাবান বিধিমূলক প্ৰশ্নৰ প্ৰতি থকা নিৰ্দেশে গবৰ্ণমেন্ট অফ ইণ্ডিয়া একট, ১৯৩৫ৰ (যাৰ অন্তৰ্গত সেই অধিনিয়মৰ সংশোধন আৰু অনুপূৰণ কৰা কোনো অধিনিয়মমা হব) অথবা পৰিষদ হুকুমৰ বা তদধীনে প্ৰস্তুত কোনো আদেশৰ অথবা ভাৰতীয় স্বাধীনতা অধিনিয়ম, ১৯৪৭ৰ বা তদধীনে প্ৰস্তুত কোনো আদেশ, নিৰ্বচন সম্পৰ্কে কোনো সাৰবান বিধিমূলক প্ৰশ্নৰ প্ৰতি থকা নিৰ্দেশকে অন্তৰ্গত কৰা বুলি অৰ্থ কৰিব। পঞ্চম অধ্যায় –ভাৰতব নিয়ন্ত্ৰক -মহালেখা পৰীক্ষক ১৪৮(১) ৰাষ্ট্ৰপতিয়ে নিজ হস্তাক্ষৰ আৰু মুদ্ৰাৰ সৈতে অধিপত্ৰৰ দ্বাৰা নিযুক্ত কৰা ভাৰতৰ ভাৰতৰ নিয়ন্ত্ৰক - এজন নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক থাকিব আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজন যি ৰীতিৰে মহালেখা পৰীক্ষক। আৰু যিহেতুত, তেওঁৰ পদৰ পৰা অপসাৰিত হয় সেই অনুৰূপৰীতিৰে আৰু হেতুতহে তেওঁ পদ্ৰ পৰা অপসাৰিত হব পাৰিব। (২) ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক ৰূপে নিযুক্ত হোৱা প্ৰত্যেক ব্যক্তিয়ে পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, ৰাষ্ট্ৰপতিৰ আগত অথবা সেই উপলক্ষে তেওঁৰ দ্বাৰা নিযুক্ত কৰা কোনো ব্যক্তিৰ আগত তৃতীয় অনুসূচীত এই উদ্দেশ্যে দিয়া হোৱা প্ৰপত্ৰ অনুসাৰে শপত লব বা প্ৰতিজ্ঞান কৰিব আৰু তাত স্বাক্ষৰ দিব। (৩) নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ বেতন আৰু সেৱাৰ আন আন চৰ্ত্তবোৰ সংসদে বিধিৰ দ্বাৰা যেনেকৈ নিদ্ধাৰিত কৰে তেনেকুৱা হব আৰু এনে ভাবে নিৰ্ধাৰিত নোহোৱালৈকে দ্বিতীয় অনুসূচীত যেনেদৰে বিনিদ্দি কৰা আছে তেনেদৰে হব? পৰন্তু নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক এজনৰ বেতননাইবা তেওঁৰ অনুপস্থিতিৰ ছুটী, অৱসৰ বেতন অথবা অৱসৰ গ্ৰহণৰ বয়সৰ অধিকাৰ সমূহ তেওঁৰ নিযুক্তিৰ পিচত তেওঁৰ পক্ষে হানিকৰ হোৱাকৈ পৰিৱৰ্তন কৰা নহব।