পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ ভাৰতৰসংবিধান পঞ্চম ভাগসংঘ অনুচ্ছেদ ১৩২-১৩৪ ১৩২।(১) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনো উচ্চ ন্যায়ালয়ে কোনো চিভিল কাৰ্য্যবাহীতেই হওক কিছুমান গোচৰত উচ্চ বা দাণ্ডিক কাৰ্য্যবাহীতেই হওক অথবা আন কাৰ্য্যবাহীতেই হওক দিয়া কোনো নিৰ্ণয়, ডিক্ৰী বা ন্যায়ালয়ৰ পৰা হোৱা চুড়ান্ত আদেশৰ বিৰূদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰিব, যদি সেই উচ্চ ন্যায়ালয়ে ] আপীলত উচ্চতম সেই গোচৰত এই সংবিধানৰ নিৰ্বচন বিষয়ক কোনো সাৰপূৰ্ণ বিধি-প্ৰশ্ন জড়িত আছে বুলি ন্যায়ালয়ৰ আপীল [ অনুচ্ছেদ ১৩৪ কৰ অধীনত ] প্ৰমাণ পত্ৰ দিয়ে। সম্বন্ধীয় ক্ষেত্ৰাধিকাৰ। (৩) যি ক্ষেত্ৰত এনে প্ৰমাণ পত্ৰ দিয়া হয় ৩ তেনে ক্ষেত্ৰত গোচৰৰ সেই পক্ষই উপৰোক্ত কোনো প্ৰশ্নভুলকৈ বিনিশ্চিত হোৱাৰ আধাৰত ৩ * * *উচ্চতমন্যায়ালয়ত আপীল কৰিব পাৰিব। স্পষ্টীকৰণ-এই অনুচ্ছেদৰ প্ৰয়োজনাৰ্থে “চূড়ান্ত আদেশ” বোলা কথাষাৰে এনে বিচাৰ্য বিষয়ৰ বিনিশ্চয়কৰা আদেশকে অন্তৰ্ভুক্ত কৰিছে যিটোনেকিআপীলাৰ্থীৰ অনুকূলে বিনিশ্চিত হলে গোচৰটো চূড়ান্ত নিষ্পত্তিৰ অৰ্থে পৰ্য্যাপ্ত হব। ১৩৩। [(১) ভাৰত ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনো উচ্চ ন্যায়ালয়ৰ কোনো চিভিল কাৰ্য্যবাহীৰ উচ্চ ন্যায়ালয়ৰ পৰা ওপৰত দিয়া কোনো নিৰ্ণয়, ডিক্ৰী বা চূড়ান্ত আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব চিভিল বিষয়ক পাৰিব, যদিহে উচ্চ ন্যায়ালয়ে অনুচ্ছেদ ১৩৪ কৰ অধীনত প্ৰমাণিত কৰে যে ] আপীলত উচ্চতম (ক) গোচৰটোত সাৰ্বজনিক গুৰুত্ব পূৰ্ণ কোনো সাৰবান বিধিগত প্ৰশ্ন জড়িত আছে, ন্যায়ালয়ৰআপীল সম্বন্ধীয় ক্ষেত্ৰাধিকাৰ। (খ) উচ্চ ন্যায়ালয়ৰ বিবেচনামতে সেই প্ৰশ্নটো উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বিনিশ্চিত। হোৱাটো আৱশ্যক। (২) অনুচ্ছেদ ১৩২ ত যি কোনো কথা থকা সত্ত্বেও, খণ্ড (১)ৰ অধীনত উচ্চতম ন্যায়ালয়ত আপীল কৰা কোনো পক্ষই এই বুলি কব পাৰে যে, এই সংবিধান নিৰ্বাচন সম্পকে কোনো সাৰ পূৰ্ণ বিধিমূলক প্ৰশ্ন ভুল ভাবে বিনিশ্চিত হোৱাটোও এনে আপীলৰ আধাৰ সমূহৰ অন্যতম। (৩) এই অনুচ্ছেদত যিকোনো কথা থকা সত্ত্বেও, সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত নকৰিলে কোনো উচ্চ ন্যায়ালয়ৰ এজন মাত্ৰ ন্যায়াধীশৰ নিৰ্ণয়, ডিক্ৰী বা চুড়ান্ত আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কোনো আপীল নেখাটিব। ১৩৪।(১) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনো উচ্চ ন্যায়ালয়ৰ কোনো দণ্ড সম্বন্ধীয় কাৰ্য্যবাহীত দণ্ড সম্বন্ধীয় বিষয়ত দিয়া হোৱা কোনো নিৰ্ণয়, চুড়ান্ত আদেশ বা দণ্ডাদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল উচ্চতমন্যায়ালয়ৰ কৰিব পাৰিব, যদি উচ্চ ন্যায়ালয়ে আপীলসম্বন্ধীয় (ক) আপীলত অভিযুক্ত ব্যক্তিৰ দোষ মুক্তিৰ আদেশ ওলোটা কৰে আৰু তেওঁক ক্ষেত্ৰাধিকাৰ। মৃত্যুৰ দণ্ডাদেশ দিয়ে; অথবা ১।সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১৭ ৰ দ্বাৰা প্ৰতিপিত (১-৮-৭৯ তাংৰ পৰা)। ২। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১৭ ৰ দ্বাৰা খণ্ড (২) লোপ কৰা হৈছে (১-৮-৭৯ তাংৰ পৰা)। ৩। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১৭ ৰ দ্বাৰা কিছু মান শব্দ লোপ কৰা হৈছে (১-৮-৭৯ তাংৰ পৰা)। ৪। সংবিধান (ত্ৰিংশতম সংশোধন) অধিনিয়ম, ১৯৭২ ৰ ধাৰা ২ ৰ দ্বাৰা খণ্ড (১) ৰ বাবে প্ৰতিষ্ঠাপিত (২৭-২-৭৩ তাংৰ পৰা)। ৫। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ১৮ ৰ দ্বাৰা সংশোধিত (১-৮-৭৯ তাংৰ পৰা)।