পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰসংবিধান

  • ৪৭

পঞ্চম ভাগ-সংঘ অনুচ্ছেদ ১৩৪-১৩৬ (খ) ইয়াৰ প্ৰাধিকাৰৰ অধীনস্থ কোনো ন্যায়ালয়ৰ পৰা নিজৰ দ্বাৰা বিচাৰৰ অৰ্থে কোনো গোচৰ উঠাই আনে আৰু এনে বিচাৰত অভিযুক্ত ব্যক্তিক দোষসিদ্ধ কৰে আৰু মৃত্যুৰ দণ্ডাদেশ দিয়ে; অথবা : (গ) ১ [অনুচ্ছেদ ১৩৪কৰ অধীনত প্ৰমাণিত কৰে ] যে গোচৰটো উচ্চতম ন্যায়ালয়ত আপীলৰ যোগ্য ঃ পৰন্তু, সেই অৰ্থে অনুচ্ছেদ ১৪৫ ৰ খণ্ড (১) ত কৰা এনে উপবন্ধাৱলীৰ সাপেক্ষে আৰু উচ্চ ন্যায়ালয়ে নিৰ্দ্ধাৰিত কৰা বা প্ৰয়োজনীয় বুলি ধৰা এনে চৰ্ত্তবোৰৰ সাপেক্ষে উপখণ্ড (গ)ৰ অধীনত আপীল খাটিব। (২) সংসদে বিধিৰ দ্বাৰা এনে বিধিত যথা বিনিৰ্দিষ্ট কৰা চৰ্ত্ত আৰু পৰিসীমাৰ সাপেক্ষে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনো উচ্চ ন্যায়ালয়ৰ কোনো দণ্ড সম্বন্ধীয় কাৰ্যবাহীত দিয়া হোৱা কোনো নিৰ্ণয়, চুড়ান্ত আদেশ বা দণ্ডাদেশৰ বিৰুদ্ধে আপীল গ্ৰহণ কৰিবলৈ আৰু শুনিবলৈ উচ্চতম ন্যায়ালয়ৰ ওপৰত যিকোনো অধিকাৰৰ ক্ষমতা প্ৰদান কৰিব পাৰে। উচ্চতম ন্যায়ালয়ত আপীলৰবাবে প্ৰমাণ পত্ৰ। ২[ ১৩৪ ক। অনুচ্ছেদ ১৩২ ৰ খণ্ড (১) বা অনুচ্ছেদ ১৩৩ ৰ খণ্ড (১) অথবা অনুচ্ছেদ ১৩৪ ৰ খণ্ড (১) ত উল্লিখিত কোনো নিৰ্ণয়, ডিক্ৰী, চুড়ান্ত আদেশ বা দণ্ডাদেশ পাৰিত কৰা বা দিয়া প্ৰত্যেক উচ্চ ন্যায়ালয়ে, (ক) যদি তেনে কৰাটো উপযুক্ত বুলি ভাবে তেনেহলে স্বপ্ৰণোদিত ভাবে; আৰু (খ) যদি এনে নিৰ্ণয়, ডিক্ৰী, চূড়ান্ত আদেশ বা দণ্ডাদেশ পাৰিত কৰাৰ বা দিয়াৰ ঠিক পিচতেই ব্যথিত পক্ষৰ দ্বাৰা বা হকে কোনো মৌখিক আবেদন কৰে, তেনেহলে— 3) এনে নিৰ্ণয়, ডিক্ৰী,চুড়ান্ত আদেশবাদণ্ডাদেশ পাৰিত কৰাৰ বাদিয়াৰ পিচত যথাশীঘ্ৰে অনুচ্ছেদ ১৩২ ৰ খণ্ড (১), বা অনুচ্ছেদ ১৩৩ ৰ খণ্ড (১) অথবা যথাস্থিতি অনুচ্ছেদ ১৩৪ ৰ খণ্ড (১) ৰ উপখণ্ড (গ) ত উল্লিখিত ধৰণৰ প্ৰমাণ পত্ৰ সেই মোকদ্দমাত দিব পাৰিবনে নোৱাৰিব তাৰ নিৰ্ণয় কৰিব। বৰ্তমান বিধিৰ অধীনত ১৩৫ | সংসদে বিধিৰ দ্বাৰা.অন্যথা উপবন্ধ নকৰালৈকে, অনুচ্ছেদ ১৩৩ বা অনুচ্ছেদ ১৩৪ ৰ থকা ফেডালে উপবন্ধাৱলী প্ৰয়োগ নোহোৱা কোনো বিষয় সম্বন্ধেও উচ্চতমন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ থাকিব, যদিহে সেই বিষয় সম্পৰ্কে ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা কোনো বিদ্যমান বিধিৰ অধীনত এই আৰু ক্ষমতা উচ্চতম সংবিধানৰ প্ৰৰম্ভণিৰ অব্যবহিত পূৰ্বে ফেডাৰেল ন্যায়ালয়ৰ দ্বাৰা প্ৰয়োগ যোগ্য আছিল। ন্যায়ালয়ৰদ্বাৰা প্ৰয়োগ যোগ্য। আপীলকৰিবৰকাৰণে ১৩৬। (১) এই অধ্যায়ত যিকোনো কথা থকা সত্ত্বেও ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত থকা উচ্চতমন্যায়ালয়ৰ কোনো ন্যায়ালয় বা ন্যায়াধিকৰণৰ দ্বাৰা কোনো বাদ বা বিষয়ত দিয়া হোৱা বা বিহা কোনো নিৰ্ণয়, দ্বাৰা বিশেষ অনুমতি ডিক্ৰী, নিৰ্দ্ধাৰণ, দণ্ডাদেশ বা আদেশৰ বিৰুদ্ধে আপীল কৰিবলৈ উচ্চতম ন্যায়ালয়ে স্ববিবেচনাৰে প্ৰদান। বিশেষ অনুমতিৰ মঞ্জুৰী দান কৰিব পাৰিব। (২) খণ্ড (১) ত থকা কোনো কথাই সামৰিক বাহিনী সম্পৰ্কীয় কোনো বিধিৰ দ্বাৰা বা অধীনত গঠিত কোনো ন্যায়ালয় বন্যায়াধিকৰণৰ দ্বাৰা দিয়া হোৱা বা বিহা কোনো নিৰ্ণয়, নিৰ্দ্ধাৰণ, দণ্ডাদেশ বা আদেশত প্ৰয়োগ নহব। ১। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ১৯ ৰ দ্বাৰা সংশোধিত (১-৮৭৯ তাংৰ পৰা)। ২। উক্ত সংশোধনৰ ধাৰা ২০ৰ দ্বাৰা অন্তঃস্থাপিত (১-৮৭৯ তাংৰ পৰা)।