পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰসংবিধান 8Q পঞ্চম ভাগসংঘ অনুচ্ছেদ ১২৭-১৩১ক (২) এনেকৈনামোদিষ্টন্যায়াধীশৰকৰ্ত্তব্যহ'ব তেওঁৰ নিজ পদৰ আনকৰ্ত্তব্যতকৈয়োঅগ্ৰাধিকাৰ দিউচ্চতমন্যায়লয়ৰ বৈঠকত তেওঁৰ উপস্থিতি প্ৰয়োজন হোৱাসময়ত আৰু কালছোৱাত উপস্থিত হোৱা, আৰু যেতিয়া তেওঁ এনেকৈ উপস্থিত থাকে তেতিয়া তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সকলো ক্ষেত্ৰাধিকাৰ, ক্ষমতা আৰু বিশেষাধিকাৰ লাভ কৰিব আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কৰ্তব্য নিৰ্বহন কৰিব। অৱসৰ প্ৰাপ্ত ১২৮। এই অধ্যায়ত যিকোনোকথা থকা সত্ত্বেও ভাৰতৰমুখ্যন্যায়াধিপতিয়ে যিকোনো সময়তে, ন্যায়াধীশৰ উচ্চতম ৰাষ্ট্ৰপতিৰ পূৰ্বসম্মতিক্ৰমে, উচ্চতমন্যায়ালয়ৰবা ফেডাৰেন্সন্যায়ালয়ৰ ন্যায়াধীশৰ পদ ধাৰণ কৰি ন্যায়ালয়ৰ বৈঠকত অহা ১ [অথবা কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদ ধাৰণ কৰি অহা আৰু উচ্চতম ন্যায়ালয়ৰ উপস্থিতি। ন্যায়াধীশ নিযুক্ত হবলৈ অৰ্হতা সম্পন্ন ] যি কোনো ব্যক্তিক উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ স্বৰূপে বহিবলৈ আৰু কাৰ্য্য কৰিবলৈ অনুৰোধ কৰিব পাৰিব, আৰু এনেকৈ অনুৰোধ কৰা তেনে প্ৰত্যেক ব্যক্তিয়েই তেনেকৈ বহা আৰু কাৰ্য্য কৰা কালত এনে ভাত্তাৰ হকদাৰ হব যিটো নেকি ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা নিদ্ধাৰিত কৰে, আৰু তেওঁ সেইন্যায়ালয়ৰ ন্যায়াধীশৰ সকলো ক্ষেত্ৰাধিকাৰ, ক্ষমতা আৰু বিশেষাধিকাৰ সমূহ লাভ কৰিব, কিন্তু অন্যথা সেই ন্যায়ালয়ৰ ন্যায়ধীশ বুলি গণ্য নহব ঃ পৰম্ভ , উপৰোক্ত তেনেকুৱা কোনো ব্যক্তিয়ে তেনে কৰিবলৈ সন্মত নহলে এই অনুচ্ছেদৰ কোনো কথাই তেওঁক সেইন্যায়ালয়ৰন্যায়াধীশ স্বৰূপে বহিবলৈ আৰু কাৰ্য্যকৰিবলৈ বাধ্য কৰোৱা বুলি নুবুজাব। উচ্চতমন্যায়ালয় ১২৯। উচ্চতম ন্যায়ালয় এখন অভিলেখ ন্যায়ালয় হব আৰু নিজৰ অৱমাননাৰ নিমিত্তে দণ্ড অভিলেখ ন্যায়ালয় হব। দিয়া ক্ষমতাকে ধৰি এনে ন্যায়ালয়ৰ সকলো ক্ষমতা থাকিব। উচ্চতমন্যায়ালয়ৰ ১৩০। উচ্চতম ন্যায়ালয় দিল্লীত অথবা ৰাষ্ট্ৰপতিৰ অনুমোদন লৈ মুখ্য ন্যায়াধিপতিয়ে সময়ে স্থান। সময়ে নিৰ্দিষ্ট কৰা এনে কোনো স্থানত বা স্থানবোৰত বহিব। উচ্চতমন্যায়ালয়ৰ ১৩১।এই সংবিধানৰ উপবন্ধাৱলীৰ সাপেক্ষে আন কোনো ন্যায়ালয়কবহিৰ্ভূত কৰি নিম্নলিখিত প্ৰাৰম্ভিক ক্ষেত্ৰাধিকাৰ। যিকোনো বিবাদৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰাৰম্ভিক ক্ষেত্ৰাধিকাৰ থাকিব- (ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত; অথবা (খ) এক পক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্য সমূহ আৰু আনপক্ষে এখন বা ততোধিক আন ৰাজ্য সমূহৰ মাজত; অথবা : (গ) দুই বা ততোধিক ৰাজ্যসমূহৰ মাজত হোৱা বিবাদৰ ওপৰত; যদিহেআৰু যি পৰ্য্যন্ত সেই বিবাদত এনে প্ৰশ্ন (লাগিলে বিধিৰেইহওকবা তথ্যৰেই হওক) অন্তগ্ৰস্ত হয় যাৰ ওপৰত বিধিক'অধিকাৰৰ অস্তিত্ব বা বিস্তাৰ নিৰ্ভৰ কৰেঃ [ পৰন্তু, উক্ত ক্ষেত্ৰাধিকাৰ, কোনো সন্ধি, কৰাৰ, প্ৰসংবিদা (কভেনেন্ট), বচনবন্ধ, চনদ অথবা তেনেকুৱা অন্যান্য লেখাৰ পৰা যিবিলাকনেকি এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে কৰা বা নিম্পাদিত হয় আৰু এনে প্ৰাৰম্ভণিৰ পিচতো প্ৰৱৰ্তিত হৈ থাকে অথবা যি বিলাকনেকি উক্ত ক্ষেত্ৰাধিকাৰ তেনে বিবাদলৈ বিস্তৃত হব নোৱাৰিব বুলি উপৱন্ধিত থাকে, তেনে বিলাকৰ পৰা উদ্ভৱ হোৱা কোনো বিবাদলৈ বিস্তৃত হব নোৱাৰিব। ১৩১ক। [ কেন্দ্ৰীয় অধিনিয়মৰ সাংবিধানিক বিধিমান্যতাৰ প্ৰশ্নৰ সম্বন্ধত উচ্চতম ন্যায়ালয়ৰ অনন্য ক্ষেত্ৰাধিকাৰ সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ দ্বাৰা অন্তঃস্থাপিত আৰু সংবিধান (ত্ৰিচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ ৰ ধাৰা ৪ৰ দ্বাৰা নিৰসিত (১৩-৪-৭৮ তাংৰ পৰা )} ১। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ৩ ধাৰাৰ দ্বাৰা, অন্তঃস্থাপিত। ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ৫ ধাৰাৰ দ্বাৰা মূল উপবন্ধৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত।