পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 ভাৰতৰ সংবিধান পঞ্চম ভাগ —সংঘ অনুচ্ছেদ ১০১-১০২ ! (২) কোনো ব্যক্তি সংসদৰ আৰু * * ] কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনোটো সদনৰ সদস্য হব নোৱাৰিব আৰু কোনো ব্যক্তি যদি সংসদৰ আৰু কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনোটো সদনৰ সদস্য বাছি লোবা হয় তেনে হলে ৰাষ্ট্ৰপতিয়ে প্ৰণয়ন কৰা নিয়মত যথা বিনিৰ্দিষ্ট কালছোৱাৰ সমাপ্তিত সেই ব্যক্তি সংসদত আসন ৰিক্ত হব যদিহে তেওঁ ইতিপূৰ্বে ৰাজ্যৰ বিধান মণ্ডলত তেওঁব আসন ৰিক্ত কৰা নাই। (৩) যদি সংসদৰ কোনোটো সদনৰ সদস্য— (ক) অনুচ্ছেদ ১০২ৰ খণ্ড (১) বা খণ্ড (২)তি উল্লিখিত অনৰ্হতা সমূহৰ কোনোটোৰ অধীনস্থ হয়, কিম্বা (খ) যথাস্থিতি সভাপতি বা অধ্যক্ষক সম্বোধন কৰি স্বহস্তাক্ষৰে লিখিত ভাবে তেওঁৰ আসন ত্যাগ কৰে, আৰু যথাস্থিতি সভাপতি বা অধ্যক্ষৰ দ্বাৰা তেওঁৰ পদত্যাগ গৃহীত হয়, ] তেওঁৰ আসন তেতিয়া ৰিক্ত হব। পপৰম্ভ, উপশু (খতি উল্লিখিত কোনো পদত্যাগৰ ক্ষেত্ৰত, যদি প্ৰাপ্ত সংবাদৰ পৰা বা আন প্ৰকাৰে আৰু উপযুক্ত বুলি বিবেচনা কৰা তেনে কোনো তদম্ভব পিচত, যথাস্থিতি সভাপতি বা অধ্যক্ষ, এই বুলি সন্তুষ্ট হয় যে তেনে পদত্যাগ স্বেচ্ছাকৃত বা প্ৰকৃত হয় তেনেহলে তেওঁ তেনে পদত্যাগ গ্ৰহণ নকৰিব। ] (৪) যদি সংসদৰ যিকোনোটো সদনৰ কোনো সদস্যই অনুজ্ঞা নোলোবাকৈ ষাঠি দিন ধবি সদনৰ সকলোেবোৰ বৈঠকত অনুপস্থিত থাকে তেনেহলে তেওঁৰ আসন ৰিক্ত হোৱা বুলি সদনে ঘোষণা কৰিব পাৰিব। পৰন্তু, উক্ত ধাঠি দিনৰ কালছোৱাৰ সংগণনা কৰোতে যি কালছোবাত সদনৰ সত্ৰাসান হয় বা একে লেঠাৰিয়ে চাৰি দিনতকৈও অধিক সদন স্থগিত হয় সেই কালছোবা লেখত লোৱা নহব। 1 সদস্য পদ কাৰণে জনতাসমূহ। ১০২ (১)-কোনো ব্যক্তি সংসদব কোনোটো সদনৰ সদস্য ৰূপে বাছনি পাবলৈ বা সদস্য হবৰ কাৰণে অনৰ্হ হব— (ক) যদি তেওঁ সংসদে বিধিৰ দ্বাৰা পদধাৰীক অনই নকৰে বুলি ঘোষণা কৰা পদৰ বাহিবে, ভাৰত চৰকাৰৰ বা কোনো ৰাজ্য চৰকাৰৰ অধীনত কোনো লাভৰ পদ ধাৰণ কৰি থাকে; (খ) যদি তেওঁ বিকৃত চিত্তৰ হয় আৰ কোনো সক্ষম ন্যায়ালয়ৰ দ্বাৰা এনেদৰে ঘোষিত হয়; ১ সংবিধান (সপ্তম সংশোধনঅধিনিয়ম, ১৯৫৬ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা “প্ৰথম অনুসুচী ‘ক’ ভাগত বা ‘থ ভাগত নিৰ্দিষ্ট এই শদ আৰু অক্ষৰ সমূহ লোপ কৰা হৈছে। ২ উক্ত অধিনিয়মৰ ২৯ ধাৰ, আৰ অনুসূচীৰ দ্বাৰা “এনে ৰাজ্যৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত কৰা হৈছে। ৩ বিধি মন্ত্ৰালয়ৰ অধিসূচনা নং এফ ৪৬৫০ চি তাৰিখ ২৬ জানুবাৰী ১৯৫০ৰ লগত ভাৰতৰ, ৰাজপত্ৰ অসাধাৰণ সংখ্যাৰ ৬৭৮ পৃষ্ঠাত প্ৰকাশিত “সমসাময়িক সদস্যতা প্ৰতিষেধ নিয়মাবলী” দ্ৰষ্টব্য। ৪৷ সংবিধান দ্বিপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৫ৰ ধাৰা ২ৰ দ্বাৰা শৰণ, বন্ধনী আৰু সংখ্যা “অনুচ্ছেদ ১০২ৰ খণ্ড (১ৰ বাবে (১-৩-১৯৮৫ৰ পৰা প্ৰভাৱী হোৱাকৈ) প্ৰতিষ্ঠাপিত।

  1. সংবিধান (এয়ঃত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৪ৰ ধাৰাৰ দ্বাৰা সংশোধিত।

ও উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।