সমললৈ যাওক

পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান তৃতীয় ভাগ মৌলিক অধিকাৰ — অনুচ্ছেদ ৩১-৩২ (খ) কোনো সম্পদাৰ সম্বন্ধত, “অধিকাৰসমূহ” বুলিলে স্বত্বধাৰী, উপস্বত্বধাৰী, অধীন- স্বত্বধাৰী, ভূ-মৃতিধাৰী ৰায়ত, অধীন-ৰায়ত বা অন্য মধ্যবৰ্তীৰ ওপৰত নাস্ত যিকোনো অধিকাৰ আৰু ভূমি-ৰাজস্ব সম্পৰ্কত থকা যি কোনো অধিকাৰ বা বিশেষাধিকাৰো ইয়াৰ অন্তৰ্ভুক্ত হব।] ৩১খ। অনুচ্ছেদ ৩১কত সন্নিবিষ্ট উপবন্ধ সমূহৰ ব্যাপকতাৰ ওপৰত প্ৰতিকূল প্ৰভাব কোনো কোনো নেপেলোৱাকৈ, নবম অনুসূচীত উল্লিখিত অধিনিয়ম আৰু বিনিয়ম সমূহৰ কোনো গুনেই বা অধিনিয়ম আৰু তাৰ উপবন্ধু সমূহৰ কোনোটোবেই এনে অধিনিয়ম, বিনিয়ম বা উপবদ্ধ এই ভাগৰ যিকোনো বিনিয়মৰ উপবন্ধৰ দ্বাৰা প্ৰদত্ত অধিকাৰ সমূহৰ কেননাটোৰ লগত অসংগত হোৱাৰ কাৰণত বা এনে মানাকৰণ। অধিকাৰৰ কোনো এটা হৰণ কৰাৰ বা নন-কৰাৰ কাৰণত বাতিল বুলি বা কেতিয়াবা বাতিল হোবা বুলি গণ্য কৰা নহব, আৰু ইয়াৰ প্ৰতিকূলে কোনো ন্যয়ালয় বা ন্যায়াধিকৰণৰ নিৰ্ণয়, ডিক্ৰী বা আদেশ থাকিলেও, উক্ত অধিনিয়ম আৰ বিনিয়মৰ প্ৰত্যেক খনেই তাক নিৰসন বা সংশোধন কৰিব পৰা কোনো ক্ষমতাশীল বিধান মণ্ডলৰ ক্ষমতা সাপেক্ষে বলবৎ হৈ চলি থাকিব।] প ৩১ গ। অনুচ্ছেদ ১৩ত যিকোনো কথা থকা সত্ত্বেও চতুৰ্থ ভাগত উল্লিখিত সূত্ৰ কোনো কোনো সমূহৰ সকলো বা যি কোনোটো সুনিশ্চিত কৰাৰ অৰ্থে ৰাজ্যৰ নীতিক কাৰ্যান্বিত কৰা কোনো নিৰ্দেশক বিধি এই আধাৰত বাতিল বুলি গণ্য কৰা নহব যে তেনে বিধি অনুচ্ছেদ ১৪ অথবা অনুচ্ছেদ সূত্ৰাবলী ১৯)ৰ দ্বাৰা প্ৰদত্ত অধিকাৰ সমূহৰ কোনোটোৰ সৈতে অসঙ্গত অথবা ই তেনে অধিকাৰৰ কাৰ্যান্বিত কৰা কোনোটো হৰণ কৰিছে বা নান কৰিছে আৰু এনে নীতি কাৰ্য্যান্বিত কৰিবৰ অৰ্থে প্ৰণীত বিধিসমূহৰ বুলি ঘোষণা থকা কোনো বিধিৰ বিৰুদ্ধে কোনো ন্যায়ালয়ত এই আধাৰত প্ৰশ্ন কৰিব নোৱাৰিব ব্যাবৃত্তি। যে তেনে বিধিয়ে এনে নীতি কাৰ্য্যাম্বিত কৰা নাই। ] পৰস্তু, যেতিয়া তেনে বিধি কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কৰা হয় তেতিয়া এই অনুচ্ছেদৰ উপবহু সমূহ তাত প্ৰয়োগ নহব - যদিহে তেনে বিধি ৰাষ্ট্ৰপতিৰ বিবেচনা বাবে ৰক্ষিত হোৱাৰ পাচত তেখেতৰ সন্মতি প্ৰাপ্ত নহয়। ৩১ ঘ। বোষ্ট্ৰ-বিৰোধী কাৰ্যকলাপ সম্বন্ধীয় বিধিৰ ব্যাবৃত্তি সংবিধান (দ্বাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ দ্বাৰা অন্তঃস্থাপিত, আৰু সংবিধান ত্ৰিচৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ ধাৰা ২ৰ দ্বাৰা লোপ কৰা হয় (১৩-৪-৭৮ তাংৰ পৰা। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ ৩২ (১) এই ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰ সমূহ বলবত্ কৰাৰ কাৰণে সমুচিত কাৰ্যবাহীৰ এই ভাগৰ দ্বাৰা দ্বাৰা উচ্চতম ন্যায়ালয়লৈ আবেদন কৰাৰ অধিকাৰ সুনিক্তি কৰা হৈছে। প্ৰদত্ত অধিকাৰসমূহ (২) এই ভাগৰ দ্বাৰা প্ৰদত্ত যিকোনো অধিকাৰ বলবত কৰাৰ কাৰণে নিৰ্দেশ বা বলবত্ কৰাৰ আদেশ অথবা লেখ সমূহ, যাৰ অন্তৰ্গত কী প্ৰত্যক্ষীকৰণ, পৰমাদেশ, প্ৰতিষেধ, অধিকাৰপৃচ্ছা কাৰণে আৰু উতপ্ৰেষুণ লেখৰ প্ৰকৃতিৰ লেখ সমূহ পৰিব, ইয়াৰ যিটোবেই সমুচিত ' হয়, উচ্চতম ন্যায়ালয়ৰ জাৰি কৰাৰ ক্ষমতা থাকিব। প্ৰতিকাৰসমূহ। ১া সংবিধান (চতুৰ্থ সংশোধন) অধিনিয়ম, ১৯৫৫ ৩ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (ভূতলক্ষী প্ৰভাবেৰে। ২. সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ব ৫ ধাৰাৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ৩। সংবিধান (পঞ্চবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৩ৰ দ্বাৰা অন্তঃস্থাপিত (২০-৪-৭২ ত্যৰ পৰা) ৪৷ সংবিধান (দ্বচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ব ধাৰা ৪ দ্বাৰা প্ৰতিষ্ঠাপিত (৩১৭৭ তাংৰ পৰা ৫ সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৮ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ প। ৬৷ উচ্চতম ন্যায়ালয়ে কেশবানল ভাবতী বনাম কেৰেলা ৰাজ্যৰ মোকৰ্দমাত এই অংশটো অবিধিমান্য বুলি ঘোষণা কৰিছে।