পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১২ তৃতীয় ভাগ —মৌলিক অধিকাৰ অনুচ্ছেদ ৩১ক (গ) দুই বা ততোধিক নিগমক লোকহিতৰ কাৰণেই হওক বা নিগম সমূহৰ যি কোনো একৰ পৰিচালনা সুনিশ্চিত কৰাৰ কাৰণেই হওক, লগ লগোবাৰ নিমিত্তে, বা (ঘ) নিগম সমূহৰ প্ৰবন্ধ অভিকৰ্তা, সচিব আৰু কোষাধ্যক্ষ, প্ৰবন্ধ-নিৰ্দেশক, নিৰ্দেশক। বা প্ৰবন্ধক সকলৰ কোনো অধিকাৰৰ অথবা তাৰ অংশীদাৰ সকলৰ কোনো ভোটাধিকাৰৰ লোপ সাধনৰ বা পৰিবৰ্ত্তনৰ নিমিত্তে, বা (ঙ) কোনো খনিজ বা খনিজ তেল বিচাৰিবৰ কাৰণে বা লব্ধ কৰিবৰ কাৰণে হোবা, কোনো কৰাৰ, পট্টন বা অনুজ্ঞপ্তিৰ বলত উদ্ভূত কোনো অধিকাৰৰ লোপ সাধন বা পৰিবৰ্তনৰ নিমিত্তে অথবা এনে কোনো কৰাৰ, পট্টন বা অনুজ্ঞপ্তি সময়ৰ পূৰ্বে পৰ্য্যাবসান ঘটোৱাৰ বা বদকৰণৰ নিমিত্তে, উপবন্ধকাৰী কোনো বিধি, অনুচ্ছেদ ১৪ বা অনুচ্ছেদ ১৯ৰ দ্বাৰা প্ৰদত্ত অধিকাৰ সমূহৰ কোনো এটাৰ লগত অসঙ্গত হোৱাৰ বা তাৰ কোনো এটাক হৰণ কৰা বা নূন কৰাৰ আধাৰত বাতিল বুলি গণ্য কৰা নহব? পৰম্ভ, য'তনেকি এনেকুবা বিধি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধি হয় তাত এই অনুচ্ছেদৰ উপবন্ধ সমূহ প্ৰয়োগ নহব যদিহে এনেকুৱা বিধি ৰাষ্ট্ৰপতিৰ বিবেচনাৰ্থে ৰক্ষিত হৈ তেওঁৰ অনুমতি লাভ নকৰে? ]. অধিকন্তু, য'তনেকি কোনো বিধিয়ে ৰাজ্যৰ দ্বাৰা কোনো সম্পদা অৰ্জন কৰাৰ কোনো ব্যবস্থা কৰে আৰু য'তনেকি কোনো সম্পদাত সমাবিষ্ট কোনো ভূমি কোনো ব্যক্তিয়ে তেওঁৰ ব্যক্তিগত কৃষিৰ অধীনত ধাৰণ কৰে তাত তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য সাম্প্ৰতিক ভাবে বলবৎ থকা যিকোনো বিধিৰ অধীনত থকা সৰ্বোচ্চ সীমাৰ ভিতৰত পৰা এনে ভূমিৰ যিকোনো ভাগ অথবা তাত অবস্থিত বা ভাৰ লগত অনু লগ্ন কোনো ঘৰ বা কোনো নিৰ্মাণ অৰ্জন কৰাটো বাজ্যৰ বাবে বিধিপূৰ্ণ নহব, যদিহে এনে ভুমি, ঘৰ বা নিৰ্মাণ অৰ্জন সম্বন্ধীয় বিধিয়ে এনে নিৰিখত ক্ষতিপূৰণ দিয়াৰ ব্যবস্থা নকৰে যি নিৰিখ তাৰ বজাৰ দৰতকৈ কম নহয়। ] (২) এই অনুচ্ছেদ (ক) কোনো স্থানীয় ক্ষেত্ৰৰ প্ৰসংগত সম্পদা” বুলিলে সেই ঠাইত থকা ভূ-ধাৰণ সম্বন্ধীয় বৰ্তমান বিধিত এই পদৰ বা ইয়াৰ স্থানীয় প্ৰতিশ দৰ যি অৰ্থ বুজায় সেই অৰ্থকে অভিপ্ৰেত কৰিব; আৰু ৫) কোনো জাগীৰ, ইনাম বা মুআফী বা আন কোনো অনুৰূপ অনুদান আৰু তামিলনাদু] আৰু কেৰেলা ৰাজ্যত যিকোনো জন্মম, অধিকাৰ; a) ৰায়তী বন্দবস্ত ধাৰণ কৰা যিকোনো ভূমি; (I) কৃষিৰ প্ৰয়োজনৰ বাবে অথবা পতিত ভূমি, বন ভূমি, চৰণীয়া ভূমি বা ভূমিৰ কৃষক, কৃষি বনুবা আৰু গয়া শিল্পী সকলে দখল কৰা গৃহনিৰ্মাণ বা অন্য নিৰ্মাণ স্থানক ধৰি কৃষিৰ বা ততু সম্বন্ধীয় প্ৰয়োজন সমূহৰ বাবে ধাৰণ কৰা বা পট্টন দিয়া ভূমিও ইয়াৰ অন্তৰ্ভুক্ত হব;) ১ সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ধাৰা ৭ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)। ২ সংবিধান (সপ্তদশ সংশোধন) অধিনিয়ম, ১৯৬৪ৰ ধাৰা ২ৰ দ্বাৰা অম্ভঃ স্থাপিত। ৩৷ সংবিধান (সপ্তদশ সংশোধন) অধিনিয়ম, ১৯৬৪ৰ ধাৰা ২ৰ দ্বাৰা মূল উপখণ্ড (কৰি পৰিবৰ্তে প্ৰতিষ্ঠাপিত ভূতলক্ষী প্ৰভাবেৰে। ৪ মাদ্ৰাজ ৰাজ্য নাম পৰিবৰ্তন) অধিনিয়ম, ১৯৬৮ৰ ধাৰা ৪ৰ দ্বাৰা মাদ্ৰাজ শৰদৰ সলনি প্ৰতিষ্ঠাপিত (১৪-১-৬৯ ৰ তাংৰ পৰা)। V