পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. ভাৰতৰ সংবিধান ২৩৩ সপ্তম অনুসুচী ২৬। বিধি-বৃত্তি, চিকিৎসা-বৃত্তি আৰু অন্যান্য বৃত্তি সমূহ। ২৭। ভাৰত আৰু পাকিস্থান ডমিনিয়ম গঠন হোৱাৰ কাৰণ বশতঃ মূল বাসস্থানৰ পৰা স্থানচ্যুত হোৱা ব্যক্তি সকলৰ বাবে সাহায্য আৰু পুনৰবসতি। ২৮। দান আৰু দাতব্য প্ৰতিষ্ঠান সমূহ, দাতব্য আৰু ধৰ্মীয় ধৰ্ম সমূহ আৰু ধৰ্মীয় প্ৰতিষ্ঠান সমূহ। ২৯। মানুহ, পশু আৰু উদ্ভিদ আক্ৰান্ত হোৱা সংক্ৰামক বা সোঁচ ব্যাধি সমূহ আৰু কীট এখন ৰাজ্যৰ পৰা আন এখনলৈ বিয়পাৰ পৰা নিবাৰণ। ৩০। জন্ম-মৃত্যুৰ পঞ্জীয়নক অন্তৰ্ভুক্ত কৰি জীৱন সম্বন্ধীয় পৰিসংখ্যা সমূহ। ৩১। সংসদৰ দ্বাৰা প্ৰণীত বিধি বা বিদ্যমান বিধিৰ দ্বাৰা বা অধীনত প্ৰধান বন্দব বুলি ঘোষিত বন্দৰ সমূহৰ বাহিৰে আন বন্দৰ সমূহ। ৩২। ৰাষ্ট্ৰীয়-জলপথৰ সম্বৰ্ধত সূচী-১ ৰ উপবন্ধ সমূহব সাপেক্ষে, অন্তৰ্দেশীয় জল পৃথত যন্ত্ৰ। চালিত জল যান সম্বন্ধীয় নৌবহন আৰু নৌ-পৰিবহণ, তেনে জলপথ সমূহত চলাচল নিয়ম আৰু অন্তৰ্দেশীয় জলপথত যাত্ৰী আৰু বস্তু কঢ়িওৱা। ৩৩। নিম্নোক্ত বিলাকৰ বেপাব আৰু বাণিজ্য আৰু তাৰ উৎপাদন, সবববাহ আৰু বিতৰণ- (ক) যি উদ্যোগ নিয়ন্ত্ৰণ জন স্বাৰ্থৰ বাবে সংঘৰ দ্বাৰা হোৱাটো সমীচীন বুলি সংসদে বিধিৰ দ্বাৰা ঘোষিত কৰে, তেনে কোনো উদ্যোগৰ উৎপাদন সমূহৰ; আৰু তেনে উৎপাদন হিচাপে, তেনে ধৰণৰ আমদানি কৰা বস্তুৰ; (খ) খাদ্য তেলৰ গুটি আৰু তেলকে ধৰি খাদ্য দ্ৰব্য সমূহব; (গ) খলিহৈ আৰু ন্যান্য ঘনীভূত দ্ৰব্যকে ধবি জন্তুৰ শুকান খাদ্যৰ; (ঘ) কেঁচা কপাহৰলাগিলে ধুনাই হওক বা নুধুনাই হওক, আৰু কপাহ গুটিৰ আৰু (ঙ) কেঁচা মৰাপাটৰ।] { ৩৩ ক। মান স্থাপনক অন্তুৰ্ভুক্ত নকৰাকৈ ওজন আৰু মাপ।] ৩৪। মূল্য-নিয়ন্ত্ৰণ। ৩৫ | যন্ত্ৰচালিত যান সমূহ-যাব অন্তৰ্গত তেনে যানসমূহৰ ওপৰত কৰ লগোৱাৰ নীতিও হব। ৩৬। কাৰখানা সমূহ। ৩৭। বয়লাৰ সমূহ। ৩৮। বিদ্যুৎ। ! ১। সংবিধান (তৃতীয় সংশোধন) অধিনিয়ম, ১৯৫৪ ৰ ২ ধাৰাৰ দ্বাৰা প্ৰবিষ্টি ৩৩ ৰ বাবে প্ৰতিষ্ঠাপিত। ২। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৫৭ ৰ দ্বাৰা অন্তঃস্থাপিত (৩- ১-৭৭ তাংৰ পৰা)।