পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২০৩ যষ্ঠ অনুসূচী [(৬ ক)। জিলা পৰিষদৰ নিৰ্বাচিত সদস্য সকলে, পৰিষদৰ বাবে হোৰা সাধাৰণ নিৰ্বাচনৰ পিচত পৰিষদৰ প্ৰথম বৈঠকৰ বাবে নিয়ত তাৰিখৰ পৰা পাঁচ বছৰ কালৰ বাবে নিজৰ পদ ধাৰণ কৰিব, যদিহে দফা ১৬ৰ অধীনত ইতিপূৰ্ব্বে জিলা পৰিষদ ভংগ কৰি দিয়া নহয়, আৰু মনোনীত সদস্য সকলে ৰাজ্যপালৰ সন্তুষ্টি পৰ্য্যন্ত পদ ধাৰণ কৰিবঃ পৰস্তু, যেতিয়া সংকটকালীন অৱস্থাৰ উদঘঘাষণা প্ৰৱৰ্তিত হৈ থাকে অথবা যদি এনে অৱস্থা বিদ্যমান হয় যি অৱস্থাৰ বাবে ৰাজ্যপালৰ মতে, নিৰ্বাচন পতাটো অসাধ্য হৈ পৰে, তেতিয়া ৰাজ্যপালে উক্ত পাঁচবছৰ কাল একেবাৰতে তানধিক এবছৰৰ বাবে বঢ়াই দিব পাৰিব আৰু যেতিয়াসংকটকালীন অৱস্থাৰ উদঘোষণা প্ৰৱৰ্তিত হৈ থাকে তেতিয়া যিকোনো অৱস্থাতে সেই উদঘঘাষণাৰ প্ৰৱৰ্তন অন্ত হোৱাৰ পৰা অনধিক ছমাহ কালৰ বাবেহে বঢ়াই দিব পাৰিব? : অধিকন্তু, কোনো আকস্মিক ৰিক্ত স্থান পূৰণৰ বাবে নিৰ্বাচিত হোৱা কোনো সদস্যই যি সদস্যৰ ঠাইত নিৰ্বাচিত হয় সেই সদস্য জনৰ পদাৱধিৰ কেৱল বাকী থকা কালৰ বাবেহে পদ ধাৰণ . কৰিব।] (৭) জিলা বা আঞ্চলিক পৰিষদে প্ৰথম গঠিত হোৱাৰ পিচতে (বাজ্যপালৰ অনুমোদন ক্ৰমে ] এই দফাৰ উপদফা (৬) ত বিনিৰ্দিষ্ট বিষয় সমূহৰ সম্বন্ধত নিয়মাৱলী প্ৰণয়ন কৰিব পাৰে আৰু ২[তেনে অনুমোদন ক্ৰমেই ] নিম্নলিখিত বিষয় সমূহ বিনিয়মিত কৰিও নিয়মাৱলী প্ৰণয়ন কৰিব পাৰে - (ক) অধীনস্থ স্থানীয় পৰিষদ বা বোৰ্ড গঠন আৰু সেই বিলাকৰ কাৰ্য্য প্ৰণালী আৰু কাৰ্য পৰিচালনা; আৰু (খ) সাধাৰণতে জিলাখনৰ বা যথাস্থতি, অঞ্চলটোৰ প্ৰশাসন সংক্ৰান্তত কাৰ্য্য পৰিচালনা সম্পৰ্কীয় সকলো বিষয় ও পৰস্তু, জিলা বা আঞ্চলিক পৰিষদৰ দ্বাৰা এই উপদফাৰ অধীনত নিয়মাৱলী প্ৰণয়ন নকৰা পৰ্যন্ত, এনে প্ৰত্যেক পৰিষদলৈ নিৰ্বাচন, ইয়াৰ পদাধিকাৰী আৰু কৰ্মচাৰী বৃন্দ আৰু ইয়াৰ কাৰ্য্যপ্ৰণালী আৰু কাৰ্য্য পৰিচালনাৰ সম্বন্ধত এই দফাৰ উপদফা (৬) ৰ অধীনত ৰাজ্যপালৰ দ্বাৰা প্ৰণীত নিয়মাৱলীয়েই কাৰ্যকৰী হব। ত

৩। জিলা পৰিষদ আৰু আঞ্চলিক পবিষদ সমূহব বিধি প্ৰণয়ন কৰা ক্ষমতা সমূহ (১) স্বায়ত্ত শাসিত অঞ্চলৰ আঞ্চলিক পৰিষদৰ তেনে অঞ্চলত অন্তৰ্গত থকা সকলো ক্ষেত্ৰৰ সম্বন্ধত আৰু স্বায়ত্তশাসিত জিলাৰ জিলা পৰিষদৰ জিলাখনৰ ভিতৰত আঞ্চলিক পৰিষদৰ প্ৰাধিকাৰত থকা কোনো ক্ষেত্ৰবিশেষ,ব্যতিৰেকে আন সকলো ক্ষেত্ৰৰ সম্বন্ধত নিম্নলিখিত বিষয় সম্বন্ধে বিধি প্ৰণয়ন কৰাৰ ক্ষমতা থাকিব – (ক) কৃষি বা গো-চাৰণৰ প্ৰয়োজনাৰ্থে অথবা বাসস্থান বা অন্যান্য অকৃষিগত প্ৰয়োজনৰ বাবে কিম্বা কোনো গাওঁ বা নগৰৰ বাসিন্দা সকলৰ স্বাৰ্থ উন্নয়নৰ সম্ভাৱনা থকা আন কোনো প্ৰয়োজনৰ বাবে সংৰক্ষিত বন ভিন্ন অন্য ভূমি বন্টন, দখল বা ব্যৱহাৰ অথবা পৃথক ভাবে ৰক্ষণ ঃ ১{ অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪' আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-৭০ৰ পৰা) অন্তঃস্থাপিত। ২। উক্ত অধিনিয়মৰ উক্ত ধাৰা আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা অন্তঃস্থাপিত (২-৪-৭০ ৰ পৰা)। ৩।উক্ত অধিনিয়মৰ উক্ত ধাৰা আঞ্চ চতুৰ্থ অনুসূচীৰ দ্বাৰা লোপ কৰা হৈছে(২-৪-৭০ৰ পৰা)। 1