পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০৪ ভাৰতৰ সংবিধান যুষ্ঠ অনুসূচী পৰস্তু, সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰে এনে ভূমি অৰ্জনৰ বাবে প্ৰাধিকাৰ দিয়া তত্ সময় বলবৎ থকা বিধি অনুসাৰে সাৰ্বজনিক প্ৰয়োজনৰ বাবে দখলত থকা বা নথকা কোনো ভূমি বাধ্যতামূলক, ভাৱে অৰ্জন কৰাত এনে বিধিৰ কোনো কথাই বাধা দিব নোৱাৰিব; (খ) সংৰক্ষিত বন ভিন্ন আন কোনো বনৰ পৰিচলনা; (গ) কৃষিৰ প্ৰয়োজনৰ বাবে কোনো পানীৰ খাল বা জল-ধাৰাৰ ব্যৱহাৰ (ঘ) ঝুম অথবা অন্য প্ৰকাৰৰ স্থানান্তশীল কৃষি পদ্ধতি বিনিয়মন; (ঙ) গাওঁ অথবা নগৰ সমিতি বা পৰিষদ সমূহৰ স্থাপনা আৰু সেইবিলাকৰ ক্ষমতা, (চ) গাওঁ বা নগৰ-আৰক্ষী আৰু জন-স্বাস্থ্য আৰু পৰিচ্ছন্নতাক অন্তৰ্গত কৰি গাওঁ বা নগৰ প্ৰশাসন সম্বন্ধীয় আন যিকোনো বিষয়; (ছ) প্ৰমুখ বা মুখীয়াল সকলৰ নিযুক্তি বা উত্তৰাধিকাৰ; (জ) সম্পত্তিৰ উত্তৰাধিকাৰী; (ঝ) [ বিবাহ আৰু বিবাহ-বিচ্ছেদ; ] (ঞ) সামাজিক ৰীতি-সমূহ। (২) এই দফাত “সংৰক্ষিত বনমানে অসম বন বিনিয়ম, ১৮৯১ ৰ অধীনত অথবা সংশ্লিষ্ট ক্ষেত্ৰত তত সময় বলবৎ থকা আন যিকোনো বিধিৰ অধীনত সংৰক্ষিত বনক বুজাব। [ (৩) দফা ৩ কৰ উপদফা (২) ত অন্যথা উপবন্ধিত ব্যতিৰেকে এই দফা বা দফা ৩ কৰ উপদফা (১)ৰ অধীনত প্ৰণীত সকলো বিধি তত্ত্বালেই ৰাজ্যপালক দাখিলকৰা হব আৰু তেওঁৰ দ্বাৰা অনুমোদিত নোহোৱালৈকে প্ৰভাৱী নহব। ]

  • [৩ ক। নিয়ম প্ৰণয়ন কৰিবলৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ আৰু কাৰ্বি

আংলং স্বায়ত্তশাসিত পৰিষদৰ অতিৰিক্ত ক্ষমতাৱলী-(১) দফা ৩ ৰ উপবন্ধ সমূহৰ বিনা পক্ষপাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইয়াৰ নিজ নিজ জিলাৰ ভিতৰত নিম্নোক্ত সমূহৰ সম্পৰ্কত বিধি প্ৰণয়ন কৰিবলৈ ক্ষমতা থাকিব--- (ক) সপ্তম অনুসূচীৰ সূচী ১ ৰবিষ্টি ৭ আৰু ৫২ ৰউপবন্ধ সমূহসাপেক্ষে, উদ্যোগবোৰৰ সম্পৰ্কত; (খ) যাতায়ত সমূহ, অৰ্থাৎ, সপ্তম অনসূচীৰ সূচী ১ ত বিনিৰ্দিষ্টনথকা পথ, দলং, ফেৰী আৰু যাতায়তৰ আন ব্যৱস্থাবোৰ; পৌৰ ট্ৰাম মাৰ্গ, ৰজু পথ, অন্তদেশীয় জলমাৰ্গ। আৰু এনে জলমাৰ্গ সম্পৰ্কে সপ্তম অনুসূচীৰ সূচী ১ আৰু ৩ ৰ উপবন্ধবোৰৰ সাপেক্ষে তাৰ ওপৰত চলা যান বাহন, যান্ত্ৰিক ভাবে চালিত যান বাহন ভিন্ন যান বাহনবোৰ; (গ) ভঁৰালৰ পৰিৰক্ষণ, ৰক্ষণ আৰু উন্নয়ন আৰু জন্তুৰ ৰোগ নিবাৰণ; পশু চিকিৎসা প্ৰশিক্ষণ আৰু ব্যৱসায়; গৰু মহৰ খোৱাৰ; (ঘ) প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা, ১। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ৮১) ৰ ধাৰা৭১ (ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-৭২ তাংৰ পৰা) কিছুমান শব্দৰ বাবে প্ৰতিষ্ঠাপিত। ২| অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসুচীৰ দ্বাৰা (২-৪-৭০ৰ পৰা) খণ্ড (ঝ)ৰ বাবে প্ৰতিষ্ঠাপিত। ৩।সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৯৫ৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ৪। সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৯৫ৰ দ্বাৰা অন্তঃস্থাপিত।