পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০২ ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী

২। জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদ সমূহৰ গঠন —(১) প্ৰত্যেকখন স্বায়ত্ত শাসিত জিলাৰ বাবে অনধিক ত্ৰিশজন সদস্যৰে গঠিত একোখন জিলা পৰিষদ হব, তাৰ ভিতৰত অনধিক চাৰিজন ব্যক্তি ৰাজ্যপালৰ দ্বাৰা মনোনীত হব আৰু বাকী সকল প্ৰাপ্ত বয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচিত হব।] (২) এই অনুসুচীৰ ১ দফাৰ(২) উপদফাৰ অধীনত স্বায়ত্তশাসিত অঞ্চল ৰূপে গঠিত প্ৰত্যেক ক্ষেত্ৰৰ বাবে একোখন পৃথক আঞ্চলিক পৰিষদ হব। (৩) প্ৰত্যেকখন জিলা পৰিষদ আৰু প্ৰত্যেকখন আঞ্চলিক পৰিষদ ক্ৰমে “(জিলাখনৰ নাম ৰ জিলা পৰিষদ” আৰু “(অঞ্চলটোৰ নাম) ৰ আঞ্চলিক পৰিষদ” নামেৰে একোখন নিগমিত নিকায় হব, ইয়াৰ শাশ্বত উত্তৰাধিকাৰ আৰু সাধাৰণ মোহৰ থাকিব আৰু উক্ত নামেৰে এনে পৰিযদে মোকৰ্দমা চলাব অথবা পৰিষদৰ বিৰুদ্ধে মোকৰ্দমা চলাব পাৰিব? ২ [ পৰম্ভ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বাবে গঠিত জিলা পৰিষদক উত্তৰ কাছাৰ পাৰ্ব্বত্য স্বায়ত্তশাসিত পৰিষদ বুলি অভিহিত কৰা হব আৰু কাৰ্বি আংলং জিলাৰ বাবে গঠিত জিলা পৰিষদক কাৰ্বি আংলং স্বায়ত্ত পৰিষদ বুলি অভিহিত কৰা হব।] (৪) এই অনুসূচীৰ উপবন্ধ সমূহৰসাপেক্ষে, কোনো স্বায়ত শাসিত জিলাৰ প্ৰশাসন, এই অনুসূচীৰ অধীনত সেই জিলাৰ অন্তৰ্গত কোনো আঞ্চলিক পৰিষদত যি পৰ্য্যন্ত ন্যস্ত হোৱা নাই সেই পৰ্য্যন্ত তেনে জিলাৰ জিলা পৰিষদতন্যস্ত হ'ব আৰু কোনো স্বায়ত্তশাসিত অঞ্চলৰ প্ৰশাসন তেনে অঞ্চলৰ বাবে আঞ্চলিক পৰিষদত ন্যস্ত হ'ব। (৫) আঞ্চলিক পৰিষদ থকা স্বায়ত্তশাসিত জিলাত আঞ্চলিক পৰিষদৰ প্ৰাধিকাৰত থকা ক্ষেত্ৰৰ সম্বন্ধত এই অনুসূচীৰ দ্বাৰা প্ৰদত্ত ক্ষমতাৰ উপৰিও জিলা পৰিষদে তেনে ক্ষেত্ৰৰ সম্বন্ধত মাত্ৰ এনে ক্ষমতা পাব যিবিলাক ক্ষমতা আঞ্চলিক পৰিষদে জিলা পৰিষদক প্ৰত্যযোজিত কৰে। (৬) ৰাজ্যপালে, সংশ্লিষ্ট স্বায়ত্ত শাসিত জিলা বা অঞ্চল সমূহৰ অন্তৰ্গত বৰ্তমানে থকা জনজাতি পৰিবদ বা অন্যান্য প্ৰতিনিধিমূলক জনজাতি সংগঠন সমূহৰ লগত পৰামৰ্শ কৰি, জিলা পৰিষদ আৰু . আঞ্চলিক পৰিষদ সমূহ প্ৰথম গঠন কৰিবলৈ নিয়মাৱলী প্ৰস্তুত কৰিব আৰু তেনে নিয়মাৱলীত নিম্নলিখিত ব্যৱস্থা সমূহ থাকিব - (ক) জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদ সমূহৰ গঠন আৰু তাত আসনৰ বন্টন; (খ) সেই পৰিষদ সমূহলৈ নিৰ্বাচনৰ বাবে প্ৰাদেশিক নিৰ্বাচন সমষ্টিৰ পৰিসীমন; (গ) তেনে নিৰ্বাচনত ভোটদানৰ বাবে অহতা আৰু তাৰ বাবে নিৰ্বাচক নামাৱলীৰ প্ৰস্তুতি; (ঘ) এনে নিৰ্বাচন সমূহত এনেকুৱা পৰিষদ সমূহৰ সদস্যৰূপে নিৰ্বাচিত হবলৈ অৰ্হতা সমূহঃ (ঙ) [ আঞ্চলিক পৰিষদ ] সমূহৰ সদস্য সকলৰ কাৰ্যকাল; (চ) এনে পৰিষদ সমূহলৈ নিৰ্বাচন বা মনোনয়ন সম্পৰ্কীয় বা তাৰ লগত জড়িত আন যি কোনো বিষয়; (ছ) জিলা আৰু আঞ্চলিক পৰিষদ সমূহৰ কাৰ্য্য প্ৰণালী আৰু * [(কোনো আসন শূণ্য থকা সত্ত্বেও কাৰ্য্য কৰা ক্ষমতাক অন্তৰ্গত কৰি) ] পৰিষদ সমূহৰ কাৰ্য্য পৰিচালনা; (জ) জিলা আৰু আঞ্চলিক পৰিষদ সমূহৰ পদাধিকাৰী আৰু কৰ্মচাৰী সমূহৰ নিযুক্তি। ১। অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-১৯৭০ ৰ পৰা) উপদফা (১) ৰ বাবে প্ৰতিস্থাপিত। ২। সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৯৫ ৰ দ্বাৰা অন্তঃস্থাপিত। ৩! অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫)ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-১৯৭০ ৰ পৰা) “এনে পৰিষদৰ বাবে প্ৰতিস্থাপিত। ৪। অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-১৯৭০ৰ পৰা) অন্তঃস্থাপিত।