পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯০ ভাৰ সংবিধান দ্বিতীয় অনুসূচী (ক) যিকোনো প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি পদত অধিষ্ঠিত আছিল আৰু এই সংবিধানৰ প্ৰাৰম্ভণিত অনুচ্ছেদ ৩৭৬ ৰ খণ্ড (১) অনুসাৰে স্থানীয় ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি হৈছে, ৰা (খ) যিকোনো প্ৰদেশৰ উচ্চন্যায়ালয়ৰ অন্যন্যায়াধীশ পদত অধিষ্ঠিত আছিল আৰু এই সংবিধানৰ প্ৰাৰম্ভণিত উক্ত অনুচ্ছেদৰ অধীনত স্থানীয় ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মুখ্য ন্যায়াধিপতিৰ বাহিৰে) হৈছে, যদি তেখেতে এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে এই দফাৰ (১) উপদফাত নিৰ্দিষ্ট বেতনতকৈ উচ্চ নিৰিখত বেতন ভোগ কৰিছিল তেতিয়া প্ৰকৃত সেৱাত কটোৱা সময়ৰ সম্বন্ধত যথাস্থিতি তেনে মুখ্য ন্যায়াধিপতি বা অন্য ন্যায়াধীশ স্বৰূপে উক্ত উপদফাত বিনিৰ্দিষ্ট বেতনৰ উপৰিও এই সংবিধানৰ প্ৰাৰম্ভণিৰ ব্যৱহিত পূৰ্বে তেখেতে ভোগ কৰা বেতন আৰু এনেদৰে বিনিৰ্দিষ্ট কৰা বেতনৰ ব্যৱধানৰ সমানে ৰাশি বিশেষ বেতন স্বৰূপে পোৱাৰ হকদাৰ হব। [ (৩) এনে যি কোনো ব্যক্তি যি সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্ব্বে প্ৰথম অনুসূচীৰ ‘খ’ভাগত বিনিৰ্দিষ্ট কোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি ৰূপে পদ ধাৰণ কৰি আছিল আৰু এনে প্ৰাৰম্ভণিত উক্ত অধিনিয়মৰ দ্বাৰা যথা সংশোধিত উক্ত অনুসূচীত বিনিৰ্দিষ্ট কোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি হয়, আৰু যদি তেওঁ এনে প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে তেওঁৰ বেতনৰ উপৰিও ভাতা হিচাপে কোনো ৰাশি পাই আছিল তেনেহলে তেওঁ এনে মুখ্য ন্যায়াধিপতি ৰূপে প্ৰকৃত সেৱাত কটোৱা সময়ৰ সম্বন্ধত এই দফাৰ (১) উপদফাত বিনিৰ্দিষ্ট বেতনৰ উপৰিও সেই একে ৰাশি ভাত্তা পাবলৈ হকদাৰ হব!] ১১। এই ভাগত প্ৰসংগক্ৰমে অন্যথা প্ৰয়োজন নহলে -- (ক) মুখ্য ন্যায়াধিপতি’শব্দই কাৰ্য্যকাৰী মুখ্য ন্যায়াধিপতি আৰু ন্যায়াধীশ’শব্দই তদৰ্থ ন্যায়াধীশক অন্তৰ্ভুক্ত কৰিব; (খ) প্ৰকৃত সেৱা’ শব্দৰ অন্তৰ্গত হব - (i) কোনো ন্যায়াধীশে ন্যায়াধীশ স্বৰূপে কৰ্ত্তৰ্কত বা ৰাষ্ট্ৰপতিব অনুৰোধত গাতলোৱা অন্যান্য তেনে কৃত্য সম্পাদনত কটোৱা সময়; (ii) ন্যায়াধীশ ছুটীত থকা তেনে সময় বহিৰ্ভূত কৰি বন্ধ, আৰু (iii)কোনো উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈ বা এক উচ্চ ন্যায়ালয়ৰ পৰা আন উচ্চ ন্যায়ালয়লৈ স্থানান্তৰণত যোগদান কাল। ভাগ = ঙ ভাৰতৰ নিয়ন্ত্ৰক - মহালেখা পৰীক্ষক সম্বন্ধে উপবন্ধ ১২। (১) ভাৰতৰ নিয়ন্ত্ৰক - মহালেখা পৰীক্ষকক মাহিলি চাৰিহেজাৰ টকা নিৰিখত বেতন দিয়া হব। (২) যি ব্যক্তি এই সংবিধানৰ প্ৰাৰম্ভণিব অব্যৱহিত পূৰ্ব্বে ভাৰতৰ মহালেখা পৰীক্ষকৰ পদত অধিষ্ঠিত আছিল আৰু এই সংবিধানৰ প্ৰাৰম্ভণিত অনুচ্ছেদ ৩৭৭ ৰ অধীনত ভাৰতৰ নিয়ন্ত্ৰক মহালেখা পৰীক্ষক হৈছে তেখেতে এই দফাৰ (১) উপদফাত বিনিৰ্দিষ্ট বেতনৰ অতিৰিক্ত এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে তেখেতে ভাৰতব মহালেখা পৰীক্ষক স্বৰূপে পোৱা আৰু তেনে বিনিৰ্দিষ্ট কৰা বেতনৰ ব্যৱধানৰ সমান ৰাশি বিশ্যে বেতন স্বৰূপে পোৱাৰ হকদাৰ হব। (৩) ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ ছুটীআৰু অৱসৰ বেতন আৰু অন্যান্য সেৱা চৰ্ত্তসমূহৰ সম্বন্ধত অধিকাৰ এই সংবিধানৰ প্ৰাৰম্ভণিৰ ব্যৱহিত পূৰ্ব্বে ভাৰতৰ মহালেখা-পৰীক্ষকৰ সম্বন্ধত প্ৰয়োগ হোৱা উপবন্ধ অনুসাৰে শাসিত হব বা শাসিত হৈয়েই থাকিব আৰু সেই উপবন্ধ সমূহত মহাৰাজ্যপালৰ প্ৰতি থকা উল্লেখ ৰাষ্ট্ৰপতিৰ প্ৰতি থকা উল্লেখ বুলি অৰ্থ কৰা হব। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৫ ধাবাৰ দ্বাৰা মূল উপদফা (৩) আৰু (৪) ৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত।