পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৮৯ দ্বিতীয় অনুসূচী (৩) এই দফাৰ (২) উপদফাৰ কোনো কথাই এনে কোনো ন্যায়াধীশৰ ক্ষেত্ৰত প্ৰয়োগ নহব যি, এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্ব্বে (ক) ফেডাৰেল ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি পদত অধিষ্ঠিত আছিল আৰু এই সংবিধানৰ প্ৰাৰম্ভণিত অনুচ্ছেদ ৩৭৪ ৰ খণ্ড (১) ৰ অধীনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি হৈছে, বা (খ) ফেডালে ন্যায়ালয়ৰ আন কোনো ন্যায়াধীশ পদত অধিষ্ঠিত আছিল আৰু এই সংবিধানৰ প্ৰাৰম্ভণিত উক্ত খণ্ডৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (মুখ্য ন্যায়াধিপতিৰ বাহিৰে) হৈছে, যি সময়ৰ কাৰণে তেখেত মুখ্য ন্যায়াধিপতি বা আন ন্যায়াধীশ পদত অধিষ্ঠিত থাকে আৰু এনে প্ৰত্যেক ন্যায়াধীশ যি তেনে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি বা আন ন্যায়াধীশ হয় তেখেত তেনে মুখ্য ন্যায়াধিপতি বা আন ন্যায়াধীশ স্বৰূপে প্ৰকৃত সেৱাত কটোৱা সময়ৰ সম্বন্ধত এই দফাৰ (১) উপদফাত বিনিৰ্দিষ্ট বেতনৰ উপৰিও এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে তেখেতে ভোগ কৰা বেতন আৰু এনেদৰে নিৰ্দিষ্ট কৰা বেতনৰ ব্যৱধানৰ সমান ৰাশি বিশেষ বেতন স্বৰূপে পোৱাৰ হকদাৰ হব। (৪) উচ্চতম ন্যায়ালয়ৰ প্ৰত্যেক ন্যায়াধীশে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত কৰ্ত্তব্য পালনত কৰা যাত্ৰা ব্যয়ৰ প্ৰতিগুৰ্ত্তিৰ বাবে এনে যুক্তিযুক্ত ভাত্তা পাব আৰু যাত্ৰাৰ সম্বন্ধত এনে যুক্তিযুক্ত সা-সুবিধা পাব যিবিলাকনেকি ৰাষ্ট্ৰপতিয়ে সময়ে সময়ে বিহিত কৰি দিয়ে। (৫) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অনুপস্থিতি ছুটী (ছুটী ভাত্তাক অন্তৰ্গত কৰি) আৰু অৱসৰ বেতনৰ সম্বন্ধত অধিকাৰ এই সংবিধানৰ আৰম্ভণিৰ অব্যৱহিত পূৰ্বে ফেডাৰেল ন্যায়ালয়ৰন্যায়াধীশৰ সম্বন্ধত প্ৰয়োগ হোৱা উপবন্ধ অনুসৰি শাসিত হব। ১০।[(১) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলক, প্ৰকৃত সেৱাত কটোৱা সময়ৰ সম্বন্ধত, নিম্নলিখিত মাহিলি নিৰিখত বেতন দিয়া হব, অৰ্থাৎ - মুখ্য ন্যায়াধিপতি [৯,০০০ টকা।] অন্যান্য ন্যায়াধীশ [৮,০০০ টকা।] পৰস্তু, যদি কোনো উচ্চ নায়ালয়ৰ কোনো ন্যায়াধীশে তেখেতৰ নিযুক্তিৰ সময়ত ভাৰত চৰকাৰৰ বা ইয়াৰ পূৰ্ববৰ্তী আন কোনো চৰকাৰৰ অধীনত অথবা কোনো ৰাজ্য চৰকাৰৰ বা ইয়াৰ পূৰ্ববৰ্তী আন কোনো চৰকাৰৰ অধীনত কৰা পূৰ্ববৰ্তী সেৱাৰ সম্বন্ধত কোনো অৱসৰ বেতন (নিৰ্যোগ্যতা বা আহত অৱসৰ বেতনৰ বাহিৰে) পাই থাকে, তেনেহলে উচ্চ ন্যায়ালয়ৰ সেৱাৰ সম্বন্ধত তেখেতৰ বেতন - (ক) সেই অৱসৰ বেতনৰ ৰাশি পৰিমাণে, আৰু (খ) যদি তেখেতে এনে নিযুক্তিৰ পূৰ্বে এনে পূৰ্বৰ সেৱাৰ সম্বন্ধত তেখেতক দিবলগীয়া অৱসৰ বেৰ্তনৰ কোনো প্ৰভাগৰ বদলি তাৰ সলনিকৃত মূল্য প্ৰাপ্ত কৰে, তেনেহলে অৱসৰ বেতনৰ সেই প্ৰভাগৰ ৰাশি পৰিমাণে; আৰু (গ) যদি তেখেতে এনে নিযুক্তিৰ পূৰ্বে পূৰ্বৰ সেৱাৰ সম্বন্ধত কোনো নিবৃত্তি উপদান প্ৰাপ্ত কৰে, তেনেহলে সেই নিবৃত্তি উপদানৰ সমমূল্যৰ অৱসৰ বেতনৰ পৰিমাণে, হ্ৰাস কৰা হব। (২) এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে এনে প্ৰত্যেক ব্যক্তিয়েই ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৫ ধাৰাৰ দ্বাৰা মূল (১) উপদফাৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত। ২। সংবিধানৰ (চতুঃপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৩৪) ৰ ধাৰা ৪ৰ দ্বাৰা (১-৪-১৯৮৬ ৰ পৰা প্ৰভাৱী হোৱাকৈ) “৪,০০০ টকাৰবাবে প্ৰতিষ্ঠাপিত। ৩। সংবিধান (চতুঃপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ৩৪)ৰ ধাৰা ৪ ৰ দ্বাৰা (১-৪-১৯৮৬ ৰ পৰা প্ৰভাবী হোৱাকৈ) “৩,৫০০ টকাৰ বাবে প্ৰতিষ্ঠাপিত।