পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৪
ভাৰতৰ সংবিধান

একবিংশ ভাগ -অস্থায়ী, অস্তকালীন আৰু বিশেষ উপবন্ধসমূহ অনুচ্ছেদ ৩৭১৭-৩৭১ঝ


 (ণ) এই অনুচ্ছেদৰ পুৰ্বোক্ত যিকোনো উপবন্ধ সমূহ কাৰ্য্যকৰী কৰোত কোনো অসুবিধাৰ উদ্ভৱ হলে ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা সেই অসুবিধা দূৰ কৰাৰ উদ্দেশ্যে তেওঁৰ বিবেচনা মতে প্ৰয়োজনীয় বুলি ভবা যিকোনো কাৰ্য্য (আন যিকোনো অনুচ্ছেদৰ যিকোনো অনুকুলন বা সাসলনি সহ) কৰিব পাৰেঃ


 পৰস্তু, এনে কোনো আদেশ নিয়ত দিনৰ পৰা দুবছৰ অন্ত হোৱাৰ পিছত দিয়া নহব;


 (ত) নিয়ত দিনৰ প্ৰাৰম্ভণিত আৰুসংবিধান (ষষ্ঠত্ৰিংশসংশোধন) অধিনিয়ম, ১৯৭৫ তৰাষ্ট্ৰপতিৰ সন্মতিপ্ৰাপ্ত তাৰিখৰ অব্যবহিত পূৰ্বে শেষ হোৱা সময়ছোৱাত চিকিম ৰাজ্যৰ বা ইয়াত অন্তৰ্ভুক্ত অঞ্চল সমূহৰ সম্পৰ্কত কৃত সকলো কাম আৰু লোৱা সকলো কাৰ্যব্যৱস্থা যি পৰ্য্যন্ত সংবিধান (ষষ্ঠত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰ দ্বাৰা সংশোধিত এই সংবিধানৰ উপবন্ধ সমূহৰ অনুৰূপ হয় সেই পৰ্য্যন্ত, এনেদৰে সংশোধিত এই সংবিধানৰ অধীনত সকলো উদ্দেশ্যৰ বাবে বৈধভাবে কৰা বা লোৱা বুলি গণ্য কৰা হব। ]


 [৩৭১-ছ। এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও -

মিজোৰাম ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ।  (ক) নিম্নলিখিতবোৰৰ সম্বন্ধসংসদৰ কোনো অধিনিয়ম মিজোৰাম ৰাজ্যত প্ৰয়োগনহব যদিহে মিজোৰাম ৰাজ্যৰ বিধান সভাই এটা সংকল্পৰ দ্বাৰা এনেদৰে বিনিশ্চয় নকৰে, অৰ্থাৎঃ-
 (i) মিজোসকলৰ ধৰ্মীয় বা সামাজিক ৰীতিসমূহ,
 (ii) মিজোৰ প্ৰথাগত বিধি আৰু প্ৰক্ৰিয়া,
 (iii) মিজো প্ৰথাগত বিধি অনুসাৰে বিনিশ্চয়সমূহত জড়িত চিভিল আৰু দাণ্ডিকন্যায় প্ৰশাসন,
 (iv) ভূমিৰ স্বামিত্ব আৰু আস্তৰণ,
 পৰস্তু, এই খণ্ডৰ কোনোকথাই সংবিধান (ত্ৰিপঞ্চাশতম সংশোধন) অধিনিয়ম, ১৯৮৬ প্ৰাৰম্ভণিক অব্যবহিত পূৰ্বে মিজোৰাম সংঘ ৰাজক্ষেত্ৰত বলবৎ থকা কোনো কেন্দ্ৰীয় অধিৰ্মিয়মৰ ক্ষেত্ৰত প্ৰয়োগ নহব;
 (খ) মিজোৰাম ৰাজ্যৰ বিধান সভা অনুন চল্লিশজন সদস্যৰে গঠিত হব।]


 [৩৭১ জ। এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও-

অৰুণাচল প্ৰদেশ ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ
 (ক) অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰঅৰুণাচল প্ৰদেশ ৰাজ্যত আইন আৰু শৃঙ্খলা সম্বন্ধত বিশেষ দায়িত্ব থাকিব আৰু ৰাজ্যপালে এই সম্পৰ্কত কৃত্যসমূহ নিহণ কৰোতে মন্ত্ৰী পৰিষদৰ সৈতে পৰামৰ্শ কৰাৰ পিছত, গ্ৰহণ কৰিবলগীয়া কাৰ্যব্যৱস্থাৰ সম্পৰ্কত তেওঁৰ নিজৰ ব্যক্তিগত নিৰ্ণয় প্ৰয়োগ কৰিবঃ


 পৰন্তু কোনো বিষয় এনে কোনো বিষয় হয় নে নহয়, যাৰ-সম্পৰ্কত ৰাজ্যপালক এই খণ্ডৰ অধীনত নিজৰ ব্যক্তিগত নিৰ্ণয় প্ৰয়োগ কৰি কাৰ্য্য কৰিবলৈ অপেক্ষিত কৰা হয়, এনে কোনো প্ৰশ্ন উদ্ভৱ হলে, ৰাজ্যপালৰ স্ববিবেকানুসাৰে লোৱা বিনিশ্চয় চুড়ান্ত হব আৰু ৰাজ্যপালে তেওঁৰ ব্যক্তিগত নিৰ্ণয় প্ৰয়োগ কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল নে নেলাগিছিল এই কাৰণত ৰাজ্যপালৰ দ্বাৰা কৃত যিকোনো কাৰ্য্যৰ বিধি মান্যতা প্ৰশ্নাধীন কৰা নহবঃ


 অধিকন্তু যদি ৰাজ্যপালৰ পৰা কোনো প্ৰতিবেদন পোৱাৰ পিছত অনাথা ৰাষ্ট্ৰপতি সন্তুষ্ট হয় যে অৰুণাচল প্ৰদেশ ৰাজ্যত আইন আৰু শৃংখলাৰ সম্পৰ্কত ৰাজ্যপালৰ বিশেষ দায়িত্ব থকাটো আৰু অধিক আবশ্যকীয় নহয় তেতিয়া তেওঁ আদেশৰ দ্বাৰা নিৰ্দেশ দিব পাৰে যে আদেশত বিনিৰ্দিষ্ট কৰা এনে তাৰিখৰ পৰা বলবৎ হোৱাকৈ ৰাজ্যপালৰ এনে দায়িত্ব নাথাকিব।


 (খ) অৰুণাচল প্ৰদেশ ৰাজ্যৰ বিধান সভা অন্ন ত্ৰিশজন সদস্যৰে গঠিত হব।]


 [৩৭১-ঝ। এই সংবিধানত কোনো কথা থকা স্বত্ত্বেও,-

গোৱা ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ
 গোৱা ৰাজ্যৰ বিধান সভা অন ত্ৰিশজন সদস্যৰে গঠিত হব।]



১। সংবিধান (ত্ৰিপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৬ ৰ ধাৰা ২ৰ দ্বাৰা (২০-২-৮৭ চনৰ পৰা প্ৰভাৱী হোৱাকৈ) অন্তঃস্থাপিত।
২।সংশোধন (পঞ্চপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৬ ৰ ধাৰা ২ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ পৰা প্ৰভাৱী হোৱাকৈ) অন্তঃস্থাপিত
৩। সংবিধান (ষটপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৭ ৰ ধাৰা ২ৰ দ্বাৰা (৩০-৫-১৯৮৭ ৰ পৰা প্ৰভাবী হোৱাকৈ) অন্তঃস্থাপিত।