পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৫
ভাৰতৰ সংবিধান

একবিংশ ভাগ -অস্থায়ী, অস্তকালীন আৰু বিশেষ উপন্ধসমূহ অনুচ্ছেদ ৩৭২


বিদ্যমান বিধি বলবত্‍ ৰখা আৰু সেই বিলাকৰ অনুকুলন। ৩৭২। (১) অনুচ্ছেদ ৩৯৫ ত নির্দের্শিত অধিনিয়ম সমূহ এই সংবিধানৰ দ্বাৰা নিৰসিত হােৱা সত্ত্বেও কিন্তু এই সংবিধানৰ অন্যান্য উপবন্ধ সমূহৰ সাপেক্ষে, এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বেভাৰতৰ ৰাজ্যক্ষেত্ৰত বলবৎ হৈ থকা সকলাে বিধি যেতিয়ালৈকে কোনাে সক্ষম বিধান মণ্ডলৰ দ্বাৰা আন কোনাে সক্ষম প্রাধিকাৰীৰ দ্বাৰা সালসলনি, নিৰসন বা সংশােধন কৰা নহয় তেতিয়ালৈকে তাত বলবৎ হৈয়েই থাকিব।


 (২) ভাৰতৰ ৰাজ্যক্ষেত্রত বলবৎ থকা যিকোনাে বিধিৰ উপবন্ধ সমূহৰ এই সংবিধানৰ উপবন্ধ সমূহৰ লগত সংগতি সধাৰ উদ্দেশ্যেৰে ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা তেনে বিধিৰ নিৰসন কৰিয়েই হওকবা সংশােধন কৰিয়েই হওক,এনে অনুকূলন আৰু সালসলনি কৰিব পাৰে যিটোনেকি আৱশ্যকীয় বা সমীচীন হয়; আৰু উপবন্ধ কৰিব পাৰে যে সেই আদেশত যথা বিনির্দিষ্ট তেনে কোনাে তাৰিখৰ ৰা সেই বিধি এনেদৰে কৰা অনুকূলন বা সালসলনি সাপেক্ষে প্রভাৱী হব; আৰু এনে কোনাে অনুকুলন বা সালসলনিৰ বিষয়ে কোনাে ন্যায়ালয়ত প্রশ্ন কৰিব নােৱাৰিব।


 (৩) খণ্ড (২) ৰ কোনাে কথাই –


 (ক) এই সংবিধানৰ প্ৰাৰম্ভণিৰ ১ [তিনি বছৰ] শেষ হােৱাৰ পিচত কোনাে বিধিৰ অনুকূলন বা সালসলনি কৰিবলৈ ৰাষ্ট্রপতিক ক্ষমতা দিয়া বুলি; অথবা


 (খ) উক্ত খণ্ডৰ অধীনত ৰাষ্ট্রপতিয়ে অনুকূলন বা সালসলনি কৰা কোনাে বিধিক নিৰসন বা সংশােধন কৰাৰ পৰা কোনাে সক্ষম বিধান মণ্ডলক বা আন সক্ষম প্রাধিকাৰীক বাধা দিয়া বুলি গণ্য কৰা নহব।


 স্পষ্টীকৰণ ১ঃ- এই অনুচ্ছেদত বলবৎ থকা বিধি পদাৱলীয়ে এই সংবিধানৰ প্ৰাৰম্ভণিৰ আগতে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনাে বিধান মণ্ডলৰ দ্বাৰা বা আন সক্ষম প্রাধিকাৰীৰ দ্বাৰা পাৰিত বা প্রণীত তথা পূৰ্বে নিবসিত নােহােৱা কোনাে বিধিক অন্তর্ভুক্ত কৰিব লাগিলে সেই বিধি বা তাৰ কোনাে ভাগ সেই সময়ত একেবাৰেই বা কোনাে বিশেষ অঞ্চলত প্ৰৱৰ্তিত নহওকেই।


 স্পষ্টীকৰণ ২ঃ— ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনাে বিধান মণ্ডল বা আন সক্ষম প্রাধিকাৰীৰ দ্বাৰা। পাৰিত বা প্রণীত এনে কোনাে বিধি যাৰ এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে ৰাজ্য ক্ষেত্ৰাতীত প্ৰভাৱ আছিল আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰতত প্ৰভাৱ আছিল তেনে বিধি উপৰােক্ত কোনাে অনুকুলন আৰু সালসলনি সাপেক্ষে তেনে ৰাজ্যক্ষেত্ৰাতীত প্ৰভাৱী হৈয়েই থাকিব।



১। সংবিধান (প্রথম সংশােধন) অধিনিয়ম, ১৯৫১ ৰ ১২ ধাৰাৰ দ্বাৰা দুই বছৰৰ পৰিৱৰ্ত্তে প্রতিষ্ঠাপিত।