পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৩
ভাৰতৰ সংবিধান

একবিংশ ভাগ-অস্থায়ী, অন্তকালীন আৰু বিশেষ উপবন্ধসমূহ - অনুচ্ছেদ ৩৭১ চ


(চ) চিকিমৰ জনসংখ্যাৰ বিভিন্ন সম্প্রদায়ৰ অধিকাৰ আৰু স্বার্থসমূহ সংৰক্ষণ কৰাৰ উদ্দেশ্যে সংসদে, এনে সম্প্রদায়ৰ প্ৰাৰ্থীৰ দ্বাৰা পূৰণ কৰিব পৰা চিকিমৰ বিধান সভাৰ আসনৰ সংখ্যাৰ বাবে বিধান সভাৰ যিবিলাক সমষ্টিৰ পৰা চিকিম ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে কেৱলমাত্র তেনে সম্প্ৰদায়ৰ প্ৰাৰ্থীসকল উঠিব পাৰে তাৰ সীমা নিৰূপণ কৰিবৰ বাবে উপবন্ধ কৰিব পাৰে;


(ছ) শান্তিৰ বাবে আৰু চিকিমৰ জনসাধাৰণৰ বিভিন্ন সম্প্রদায়ৰ সামাজিক আৰু আর্থিক অগ্রগতি সুনিশ্চিত কৰিবলৈ এটা যথার্থ ব্যৱস্থা কৰিবৰ বাবে চিকিম ৰাজ্যৰ ৰাজ্যপালৰ বিশেষ দায়িত্ব থাকিব আৰু এই খণ্ডৰ অধীনত তেওঁৰ বিশেষ দায়িত্ব সম্পাদন কৰােতে ৰাজ্যপালে,সময়ে সময়ে ৰাষ্ট্রপতিয়ে উপযুক্ত বুলি জাৰি কৰা তেনে কোনাে নির্দেশ সমূহৰ সাপেক্ষে, তেওঁৰ স্ববিৱেক অনুসৰি কাৰ্য্য সম্পাদন কৰিব;


(জ) নিয়ত দিনৰ অব্যৱহিত পূৰ্ব্বে চিকিম চৰকাৰ বা অন্য কোনাে প্রাধিকাৰী বা চিকিম চৰকাৰৰ হকে আন যিকোনাে ব্যক্তিৰ ওপৰত ন্যস্ত হােৱা সকলাে সম্পত্তি আৰু সম্পদ (চিকিম ৰাজ্যত গঠিত অঞ্চল সমূহৰ ভিতৰতেই হওক বা বাহিৰতেই হওক) নিয়ত দিনৰ পৰা চিকিম ৰাজ্যৰ চৰকাৰৰ ওপৰত ন্যস্ত হব;


(ঝ) নিয়ত দিনৰ অব্যৱহিত পূৰ্ব্বে চিকিম ৰাজ্যত গঠিত অঞ্চল সমূহত উচ্চ ন্যায়ালয় হিচাপে কার্য নির্বাহ কৰি থকা ন্যায়ালয়ক নিয়ত দিনৰ পৰা চিকিম ৰাজ্যৰ বাবে উচ্চ ন্যায়ালয় বুলি গণ্য কৰা হব;


(ঞ) চিকিম ৰাজ্যৰ সমগ্ৰ অঞ্চলৰে চিভিল, দাণ্ডিক আৰু ৰাজহ ক্ষেত্ৰাধিকাৰ থকা সকলােবােৰ ন্যায়ালয়, সকলাে প্ৰাধিকাৰী আৰু ন্যায়িক, কাৰ্য্যবাহী আৰু অনুসচিবীয় সকলাে অধিকাৰীয়ে নিয়ত দিনৰ পৰা এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে তেওঁলােকৰ নিজ নিজ কৃত্য সমূহ নির্বহন কৰি থাকিব;


(ট) চিকিম ৰাজ্য গঠিত হােৱা অঞ্চল সমূহত বা ইয়াৰ কোনাে অংশত নিয়ত দিনৰ অব্যৱহিত পূৰ্ব্বে বলবৎ থকা সকলাে বিধি কোনাে ক্ষমতাযুক্ত বিধান মণ্ডল বা অন্য ক্ষমতা যুক্ত প্রাধিকাৰীৰ দ্বাৰা সংশােধন বা নিৰসন নকৰা পৰ্য্যন্ত ইয়াত বলবৎ হৈ থাকিব;


(ঠ) চিকিম ৰাজ্যৰ প্ৰশাসনৰ সম্পৰ্কত খণ্ড (ট) ত যথা উল্লিখিত এনে কোনাে বিধিৰ প্ৰয়ােগ সুগমকৰাৰ উদ্দেশ্যে আৰু সংবিধানৰ উপবন্ধ সমূহৰ সৈতে এনে যিকোনাে বিধিৰ উপবন্ধ সমূহ সাদৃশ্য কৰাৰ উদ্দেশ্যে, নিয়ত দিনৰ পৰা দুবছৰৰ ভিতৰত ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা প্রয়ােজনীয় আৰু সমীচীন হব পৰা হিচাপে নিৰসনৰ দ্বাৰাই হওঁক বা সংশােধনৰ দ্বাৰাই হওঁক, সেই বিধিৰ তেনে অনুকূলন আৰু সালসলনি কৰিব পাৰে আৰু ইয়াৰ পিচত এনে প্রত্যেক বিধি এনেদৰে কৃত অনুকুলন আৰু সমূহৰ সাপেক্ষে কাৰ্যকৰী হব, আৰু এনে যিকোনাে অনুকূলন আৰু সালসলনিৰ সম্বন্ধত কোনাে ন্যায়ালয়তে প্রশ্ন কৰা নহব;


(ড) নিয়ত দিনৰ পূৰ্বে আৱদ্ধ হােৱা বা সম্পাদন কৰা আৰু ভাৰত চৰকাৰ বা ইয়াৰ কোনাে পূব্বৱৰ্তী চৰকাৰ পক্ষভুক্ত থকা চিকিম সম্পর্কীয় যিকোনাে সন্ধি, চুক্তি, প্রতিশ্রুতি বা অন্যান্য তেনেকুৱা লেখ্য সমূহৰ পৰা উদ্ভৱ হােৱা যিকোনাে বিবাদ বা অন্যান্য বিষয়ৰ সম্বন্ধত উচ্চতম ন্যায়ালয় বা আন যিকোনাে ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ নাথাকিব, কিন্তু এই খণ্ডৰ একোৱেই অনুচ্ছেদ ১৪৩ ৰ উপবন্ধ সমূহৰ প্ৰভাৱ হ্রাস কৰা বুলি অর্থ কৰা নহব;


(ঢ) ৰাষ্ট্রপতিয়ে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা ভাৰতৰ কোনাে ৰাজ্যত অধিসূচনাৰ তাৰিখত বলবৎ থকা যিকোনাে অধিনিয়ম তেওঁ উপযুক্ত বিবেচনা কৰা কোনাে নিবন্ধন আৰু সালসলনি সহ। চিকিম ৰাজ্যলৈ সম্প্রসাৰিত কৰিব পাৰে;