পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৬৯ একবিংশ ভাগ-অস্থায়ী, অন্তকালীন আৰু বিশেষ উপবন্ধসমূহ অনুচ্ছেদ ৩৭১খ-৩৭১ঘ [৩৭১ খ। এই সংবিধানত যিকোনাে কথা থকা সত্ত্বেও ৰাষ্ট্ৰপতিয়ে, অসম ৰাজ্যৰ সম্বন্ধত দিয়া অসম ৰাজ্যৰ সম্বন্ধত আদেশৰ দ্বাৰা যষ্ঠ অনুসূচীৰ দফা ২০ ত সন্নিবিষ্ট তালিকাৰ [ভাগ ১৩ ] বিনির্দিষ্টজনজাতি ক্ষেত্ৰৰ বিশেষ উপবন্ধ। পৰা অসম ৰাজ্যৰ বিধান সভালৈ নির্বাচিত সদস্য সকল আৰু সেই বিধান সভাৰ আন সদস্য সকলৰ পৰা সেই আদেশত যথা বিনিৰ্দিষ্ট তেনে কোনাে সংখ্যক সদস্যক লৈ সেই ৰাজ্যৰ বিধান সভাৰ এখন . সমিতি গঠন আৰু কৃত্য নিবহনৰ বাবে; আৰু তেনে সমিতিয়ে সমুচিত কৃত্য নিৰ্ব্বহনৰ নিমিত্তে সেই বিধান সভাৰ প্ৰক্ৰিয়াৰ নিয়মাৱলীত সালসলনিৰ বাবে উপবন্ধ কৰিব পাৰে। [৩৭১ গ (1) এই সংবিধানত যিকোনাে কথা থকা সত্ত্বেও, ৰাষ্ট্রপতিয়ে মণিপুৰৰাজ্যৰ সম্বন্ধত মণিপুৰ ৰাজ্যৰ দিয়া আদেশৰ দ্বাৰা চৰকাৰী কাৰ্য্যৰ নিয়মাৱলীৰ আৰু বিধান সভাৰ প্রক্রিয়া নিয়মাৱলীৰ সাল-সলনি সম্বন্ধত বিশেষ কৰিবৰ অৰ্থে ৰাজ্যখনৰ বিধান সভালৈ সেই ৰাজ্যৰ পার্বত্য ক্ষেত্ৰৰ পৰা নির্বাচিত সদস্য সকলক লৈ উপবন্ধ। ৰাজ্যখনৰ বিধান সভাৰ এখন সমিতি গঠন আৰু তাৰ কৃত্য নিহনৰ বাবে; আৰু এনে সমিতিৰ সমুচিত কৃত্য নির্বহন সুনিশ্চিত কৰিবৰ অৰ্থে,ৰাজ্যপালৰ বিশেষ দায়িত্বৰ বাবে উপবন্ধ কৰিব পাৰে। (২) ৰাজ্যপালে বছৰি বা ৰাষ্ট্রপতিয়ে যেতিয়াই বিচাৰে তেতিয়াই, মণিপুৰৰাজ্যৰ পাৰ্বত্য ক্ষেত্ৰৰ প্রশাসন সম্বন্ধে ৰাষ্ট্ৰপতিৰ ওচৰত একোখন প্রতিবেদন দিব আৰু সংঘৰ কাৰ্যপালিকা ক্ষমতা উক্ত ক্ষেত্র সমূহৰ প্ৰশাসন সম্পর্কে নির্দেশ দিয়া পৰ্য্যন্ত বিস্তৃত হব। স্পষ্টীকৰণ-এই অনুচ্ছেদত ‘পার্বত্য ক্ষেত্র’ পদে এনে ক্ষেত্র সমূহক অভিপ্রেত কৰিব যিবিলাক ক্ষেত্ৰ ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা পার্বত্য ক্ষেত্ৰ বুলি ঘােষণা কৰে।] [ ৩৭১ ঘ।(১) ৰাষ্ট্রপতিয়ে অন্ধ্রপ্রদেশ ৰাজ্য সম্বন্ধে দিয়া আদেশৰ দ্বাৰা, ৰাজখনৰ সামগ্রিক অন্ধ্রপ্রদেশ ৰাজ্যৰ প্রয়ােজনীয়তা সমূহলৈ দৃষ্টি ৰাখি, চৰকাৰী নিযুক্তি আৰু শিক্ষাৰ বিষয়ত, ৰাজ্যখনৰ বিভিন্ন অংশৰ সম্বন্ধত বিশেষ লােকসকলৰ নায্য সুযােগ-সুবিধা সমুহৰ বাবে ব্যৱস্থা কৰিব পাৰে, আৰু ৰাজ্যখনৰ বিভিন্ন অংশৰ উপবন্ধসমূহ। বাবে বিভিন্ন ব্যৱস্থা কৰিব পাৰে। (২) খণ্ড (১)ৰ অধীনত দিয়া কোনাে আদেশে, বিশেষকৈ,- (ক) ৰাজ্য চৰকাৰক ৰাজ্যখনৰ অসামৰিক সেৱাৰ পদ সমূহৰ কোনাে শ্রেণী বা শ্রেণী সমূহ বা ৰাজ্যখনৰ অধীনৰ অসামৰিক পদ সমূহৰ কোনাে শ্ৰেণী' বা শ্রেণীসমূহ ৰাজ্যখনৰ বিভিন্ন অংশৰ বাবে বিভিন্ন স্থানীয় সংবর্গত সংগঠন কৰিবলৈ আৰু সেই আদেশত যথা বিনির্দিষ্ট নীতি আৰু প্রক্রিয়া অনুসৰি এনে পদধাৰী ব্যক্তি সকলক তেনেকৈ সংগঠিত স্থানীয় সংবর্গ সমূহত আবণ্টন কৰিবলৈ কব পাৰিব; (খ) স্থানীয় ক্ষেত্ৰ হিচাপেগণ কৰিব লগীয়া ৰাজ্যখনৰ কোনাে অংশ বা অংশবােৰ- (i) ৰাজ্য চৰকাৰৰ অধীনত কোনাে স্থানীয় সংবর্গৰ (এইঅনুচ্ছেদৰ অধীনত দিয়া কোনাে আদেশ অনুসৰিসংগঠিত হওক বা আন প্রকাৰেইগঠিত হওক) পদসমূহত প্রত্যক্ষভাৱে ভৰ্ত্তিৰ কাৰণে; . ১ সংবিধান (দ্বাবিংশ সংশােধন) অধিনিয়ম, ১৯৬৯ ৰ ৪ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ২। উত্তৰ-পূব অঞ্চল (পুনর্গঠন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৭১ (ছ) ৰদ্বাৰা প্রতিষ্ঠাপিত (২১-১- ৭২ তাংৰ পৰা)। ৩।সংবিধান (সপ্তবিংশ সংশােধন) অধিনিয়ম, ১৯৭১ ৰধাৰা ৫ৰ দ্বাৰা অন্তঃস্থাপিত (৫-২-৭২ তাংৰ পৰা)। ৪। সংবিধান (দ্বাত্রিংশ সংশােধন) অধিনিয়ম, ১৯৭৩ ৰ ধাৰা ৩ৰ দ্বাৰা অন্তঃস্থাপিত (১-৭-৭৪ তাংৰ পৰা)।