পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৮ ভাৰতৰ সংবিধান। একবিংশ ভাগ-অস্থায়ী, অন্তৰ্কালীন আৰু বিশেষ উপবন্ধসমূহ-অনুচ্ছেদ ৩৭১ক (ঙ) (i) নগালেণ্ডৰ বিধান সভাত টিৱেনচাং জিলাক প্রতিনিধিত্ব কৰা সদস্য সকলৰ এজন, মুখ্য মন্ত্ৰীৰ পৰামর্শক্রমে ৰাজ্যপালৰ দ্বাৰা টিৱেনচাং কাৰ্য্যাৱলীৰ মন্ত্ৰী হিচাপে নিযুক্ত হব, আৰু মুখ্য মন্ত্রীয়ে নিজৰ পৰামৰ্শ আগবঢ়াওঁতে যথা পূর্বোক্ত সদস্যসকলৰ সংখ্যাধিক্যৰ চুপাৰিছ মতে কাৰ্য্য কৰিব; (i) টিৱেনচাং কাৰ্য্যাৱলীৰ মন্ত্ৰীজনে টিৱেনচাং জিলা সম্পর্কীয় সকলাে বিষয়ৰ কাৰ্য্য কৰিব আৰু তাৰ বাবে তেওঁ ৰাজ্যপালৰ ওচৰলৈ পােনপটীয়াকৈ যাব পাৰিব কিন্তু। তেওঁ সেই বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰি ৰাখিব; (চ) এই খণ্ডব পূর্বগামী উপবন্ধ সমূহত যিকোনাে কথা থকা সত্ত্বেও টিৱেনচাং জিলা সম্পর্কীয় সকলাে বিষয়ৰ ওপৰত অন্তিম বিনিশ্চয় ৰাজ্যপালৰ দ্বাৰা তেওঁৰ স্ববিৱেকমতে কবা হব; (ছ) অনুচ্ছেদ ৫৪ আৰু ৫৫ তাৰুি অনুচ্ছেদ ৮০ ৰ খণ্ড (৪) ত থকা কোনাে ৰাজ্যৰ বিধান। সভাৰ নির্বাচিত সদস্য সকলৰ প্ৰতি বা এনেকুৱা প্রত্যেক সদস্যৰ প্ৰতি থকা নির্দেশে এই অনুচ্ছেদৰ অধীনত স্থাপিত হােৱ৷ আঞ্চলিক পৰিষদৰ দ্বাৰা নির্বাচিত হােৱা নগালেণ্ডব বিধান সভাৰ সদস্য সকলৰ বা সদস্যৰ প্ৰতি থকা নির্দেশ আন্তর্ভুক্ত কৰিব; (জ) অনুচ্ছেদ ১৭০ ত- (i) নগালেণ্ডৰ বিধান সভাৰ সম্পৰ্কত খণ্ড (১) ৰ প্ৰভাৱ এনে হব যেন যাঠি’ শব্দৰ পৰিৱৰ্তে ছয়চল্লিশ’ শব্দ বহুওৱা হৈছে; (ii) উক্ত খঙত ৰাজ্যত প্রাদেশিক নির্বাচন সমষ্টি সমূহৰ পৰা প্রত্যক্ষ নির্বাচনৰ প্ৰতি থকা নির্দেশে এই অনুচ্ছেদৰ অধীনত স্থাপিত হােৱা আঞ্চলিক পৰিষদৰ সদস্যসকলৰ দ্বাৰা হােৱা নিৰ্বাচন অন্তর্ভুক্ত কৰিব; (i) খণ্ড (২) আৰু (৩) ত প্রাদেশিক নির্বাচন সমষ্টি সমূহৰ প্ৰতি থকা নির্দেশ কহিমা আৰু মােকক চাং জিলাৰ প্রাদেশিক নির্বাচন সমষ্টি সমুহৰ প্ৰতি থকা নিৰ্দেশ বুলি অভিপ্রেত হব। (৩) এই অনুচ্ছেদৰ পূর্বগামী উপবন্ধ সমূহৰ যিকোনােটোক প্ৰভাৱশীল কৰােতে যদি কোনাে অসুবিধাৰ উদ্ভৱ হয়, তেনেহলে ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যিকোনাে কাম (আন যিকোনাে অনুচ্ছেদৰ অনুকূলন বা সালসলনিক অন্তর্গত কবি) কৰিব পাৰিব যিটোনেকি সেই অসুবিধা দূৰীকৰণৰ বাবে তেওঁ আৱশ্যকীয় যেন দেখে ও পৰস্তু, নগালেণ্ড ৰাজ্য গঠিত হােৱা তাৰিখৰ পৰা তিনি বছৰ অৱসান হােৱাৰ পিচত এনে আদেশ নিদিব। স্পষ্টীকৰণ - এই অনুচ্ছেদত কহিমা, মােককচাং আৰু টিৱেনচাং জিলাৰ অর্থ নগালেণ্ড ৰাজ্য অধিনিয়ম, ১৯৬২ ত ইয়াব অর্থ যি আছে সেয়েই হব। ১। সংবিধান (অসুবিধা দূৰীকৰণ) আদেশ, নং ১০ ব ২য় দফাত উপবন্ধিত আছে যে (১-১২- ১৯৬৩ তাংৰ পৰা) অনুচ্ছেদ ৩৭১ ক এনেভাৱে প্ৰভাৱী হব যেন তাৰ খণ্ড (2) ৰ উপখণ্ড (ঙ) ৰ দফা (1) ৰ লগত নিম্নলিখিত পৰম্ভক আছে, যেনে- “পৰস্তু, মুখ্যমন্ত্ৰীৰ পবামশনুিযায়ী ৰাজ্যপালে, নগালেণ্ডৰ বিধান সভাত টিৱেনচাং জিলাৰ বাবে বন্টিত আসন সমূহ পূৰণৰ বাবে বিধি অনুসাৰে ব্যক্তিসকলৰ বাছনি নােহােৱা পৰ্য্যন্ত, টিৱেনটাং কাৰ্যাৱলীৰ মন্ত্ৰীৰূপে কাৰ্য্য কৰিবলৈ যিকোনো ব্যক্তিক টিৱেনচাংৰ মন্ত্ৰীৰূপে নিযুক্ত কৰিব পাৰে।”