পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭০ ভাৰতৰ সংবিধান একবিংশ ভাগঅস্থায়ী, অন্তর্কালীন আৰু বিশেষ উপবন্ধসমূহ-অনুচ্ছেদ ৩৭১ঘ {i) ৰাজ্যখনৰ অধীনত কোনাে স্থানীয় প্রাধিকাৰীৰ অধীনস্থ কোনাে সংবর্গৰ পদসমুহত প্রত্যক্ষ ভৰ্ত্তিৰ কাৰণে; আৰু (i) ৰাজ্যখনৰ ভিতৰত থকা কোনাে বিশ্ববিদ্যালয় বা ৰাজ্যিক চৰকাৰৰ নিয়ন্ত্রণাধীন আন কোনাে শিক্ষানুষ্ঠানত নাম ভৰ্ত্তিৰ উদ্দেশ্যে, বিনির্দিষ্ট কৰিব পাৰে। (গ) কি পৰিসৰ পৰ্য্যন্ত, কি ৰীতিৰে আৰু কি চৰ্তাৱলী সাপেক্ষে, (i) আদেশটোত এই মর্মে যথা বিনির্দিষ্ট উপখণ্ড (খ) ত উল্লেখিত এনে কোনাে সংবর্গৰ পদসমূহত প্রত্যক্ষ ভৰ্ত্তিৰ বিষয়ত, (ii) আদেশটোত এই মর্মে যথা বিনিৰ্দিষ্ট উপখণ্ড (খ) ত উল্লেখিত এনে কোনাে বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানত নাম ভৰ্ত্তিৰ বিষয়ত; যথাস্থিতি এনেসংবর্গ, বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানৰ সম্বন্ধত স্থানীয় ক্ষেত্ৰটোত আদেশটোত বিনির্দিষ্ট কোনাে কালৰ বাবে বাস কৰা বা অধ্যয়ন কৰা প্রার্থী সকলক বা প্রার্থীসকলৰ অনুকূলে অগ্রাধিকাৰ বা সংৰক্ষণ দিয়া হব তাক বিনিৰ্দিষ্ট কৰি দিব পাৰে। (৩) ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা নিম্নোক্ত বিষয়বােৰৰ সম্বন্ধত আদেশটোত যথা বিনিৰ্দিষ্ট এনে ক্ষেত্ৰাধিকাৰ, ক্ষমতা আৰু প্ৰাধিকাৰ সংবিধান (দ্বাত্রিংশসূংশােধন) অধিনিয়ম, ১৯৭৩ৰঅব্যবহিত পূর্বে (উচ্চতম ন্যায়ালয়ৰ বাহিৰে) কোনাে ন্যায়ালয় বা কোনাে ন্যায়াধিকৰণ বা আন প্ৰাধিকাৰীৰ দ্বাৰা প্রয়োগযােগ্য যি কোনাে ক্ষেত্ৰাধিকাৰ, ক্ষমতা আৰু প্ৰাধিকাৰৰ অন্তভুক্ত কৰি] প্রয়ােগ কৰিবলৈ অন্ধ্রপ্রদেশ ৰাজ্যৰ কাৰণে এখন প্রশাসনীয় ন্যায়াধিকৰণ গঠনৰ বাবে ব্যৱস্থা কৰিব পাৰে, যেনে- (ক) আদেশটোত যথা বিনির্দিষ্ট ৰাজ্যখনৰ যিকোনাে অসামৰিক সেৱাৰ পদবােৰৰ এনে শ্রেণী বা শ্রেণী সমূহত, বা ৰাজ্যখনৰ অধীনৰ অসামৰিক পদবােৰৰ এনে শ্রেণী বা শ্রেণী সমূহত বা ৰাজ্যখনৰ ভিতৰৰ কোনাে স্থানীয় প্রাধিকাৰীৰ নিয়ন্ত্রণাধীনত থকা পদবােৰৰ এনে শ্রেণী বা শ্রেণীসমূহত নিযুক্তি, আৱন্টন বা পদোন্নতি। (খ) আদেশটোত যথা বিনিৰ্দিষ্ট ৰাজ্যখনৰ কোনাে অসামৰিক সেৱাৰ পদবােৰৰ এনে শ্রেণী বা শ্রেণীসমূহত বা ৰাজ্যখনৰ অধীনৰ অসামৰিক পদবােৰৰ এনে শ্রেণী বা শ্রেণীসমূহত, বা ৰাজ্যখনৰ ভিতৰৰ কোনাে স্থানীয় প্রাধিকাৰীৰ নিয়ন্ত্রণাধীনত থকা পদবােৰৰ এনে শ্রেণী বা শ্রেণীসমূহত নিযুক্ত, আৱন্টিত বা পদোন্নতি প্রাপ্ত ব্যক্তি সকলৰ জ্যেষ্ঠতা, (গ) আদেশটোত যথাবিনিৰ্দিষ্ট ৰাজ্যখনৰ কোনাে অসামৰিক সেৱাৰ পদবােৰৰ এনে শ্রেণী বা শ্রেণী সমূহত বা ৰাজ্যখনৰ অধীনৰ অসামৰিক পদবােৰৰ'এনে শ্রেণী বা শ্রেণীসমূহত, বা ৰাজ্যখনৰ ভিতৰ কোনাে স্থানীয় প্রাধিকাৰীৰ নিয়ন্ত্রণাধীনত থকা,পদবােৰৰ এনে শ্রেণী বা শ্রেণী সমূহত নিযুক্ত, আৱন্টিত বা পদোন্নতি প্রাপ্ত ব্যক্তি সকলৰ সেৱাৰ এনে আন চৰ্তাৱলী। (৪) খণ্ড (৩) ৰ অধীনত দিয়া কোনাে আদেশে, (ক) প্রশাসনীয় ন্যায়াধিকৰণ খনক, ৰাষ্ট্রপতিয়ে, আদেশটোত বিনির্দিষ্টকৰা হিচাপে ইয়াৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰৰ যি কোনাে বিষয় সম্পর্কে ওজৰ আপত্তিবােৰৰ প্ৰতিকাৰৰ নিমিত্তে নিবেদন সমূহ গ্ৰহণ কৰিবলৈ আৰুপ্রশাসনীয় ন্যায়াধিকৰণ-খনে তাৰ ওপৰত উপযুক্ত বুলি বিবেচনা কৰা আদেশ দিবলৈ, প্রাধিকৃত কৰিব পাৰে; (খ) ৰাষ্ট্রপতিয়ে প্রয়ােজনীয় বিবেচনা কৰা অনুযায়ী প্রশাসনীয় ন্যায়াধিকৰণ খুনৰ ক্ষমতা আৰু প্ৰাধিকাৰসমূহ আৰু প্রক্রিয়া (প্রশাসনীয় ন্যায়াধিকৰণৰ অৱমাননাৰ বাবে দণ্ড দিয়ক্ষমতাৰ উপবন্ধ সমূহ অন্তর্ভুক্ত কৰি) সম্বন্ধে উপুবন্ধ সমূহ অন্তর্বিষ্ট কৰিব পাৰে।