পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৫৫ অষ্টাদশ ভাগ-সংকটকালীন উপবন্ধ সমূহ - অনুচ্ছেদ ৩৫৯-৩৫৯ক। [(১ ক) যেতিয়া [ তৃতীয় ভাগৰ (অনুচ্ছেদ ২০ আৰু ২১ ৰ বাহিৰে) দ্বাৰা প্ৰদত্ত অধিকাৰ : সমূহৰ] যিকোনোটো উল্লেখ কৰি খণ্ড (১) ৰ অধীনত দিয়া কোনো আদেশ প্ৰৱৰ্তিত হৈ থাকে, তেতিয়া সেই অধিকাৰ সমূহ প্ৰদান কৰা সেই ভাগৰ কোনো কথাই এনে কোনো বিধি প্ৰণয়ন কৰিবলৈ বা এনে কোনো প্ৰশাসনিক কাৰ্যব্যৱস্থা লবলৈ সেই ভাগত যথা পৰিভাষিত ৰাজ্যৰ ক্ষমতাক নিবন্ধিত নকৰিব যিবিলাকনেকি সেই ভাগত অন্তৰ্বিষ্ট উপবন্ধ সমূহ নথকাহেঁতেন ৰাজ্যই কৰিবলৈ সক্ষম হ'লহেতেন, কিন্তু এইদৰে প্ৰণীত কোনো বিধি, উপৰোক্ত আদেশৰ প্ৰৱৰ্ত্তন সমাপ্তি হোৱাৰ লগে লগে সেই বিধি প্ৰভাৱহীন, হোৱাৰ পূৰ্ব্বেকৃত বা কৰিবলৈ বাদ পৰা কাৰ্য্যৰ ব্যতিৰেকে অক্ষমতাৰ মাত্ৰা পৰ্য্যন্ত প্ৰভাৱহীন হব? . [পৰন্তু, যেতিয়া সংকটকালীন উদূঘোষণা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কেৱল কোনোভাগতহে প্ৰৱৰ্ত্তিত হৈ থাকে তেতিয়া যদি আৰু যি পৰ্য্যন্তসংকটকালীন উদ্ঘঘাষণা প্ৰৱৰ্তিত হৈ থকা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগত বা তাৰ সম্বন্ধত ঘটিত কাৰ্যকলাপৰ দ্বাৰা ভাৰতৰ বা ইয়াৰ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগৰ নিৰাপত্তাৰ ভয় হয়, তেতিয়া সেই পৰ্য্যন্ত সংকটকালীন উদঘোষণা প্ৰৱৰ্ত্তিত নোহোৱা এনে ৰাজ্য বা সংঘ ৰাজ্যক্ষেত্ৰত বা তাৰ সম্বন্ধত এই অনুচ্ছেদৰ অধীনত এনে কোনো বিধি প্ৰণয়ন বা এনে কোনো প্ৰশাসনিক কাৰ্যব্যৱস্থা কৰিব পাৰিব।] [(১ খ) খণ্ড (১ক)ৰ কোনো কথা - (ক) এনে কোনো বিধিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব যি বিধিত এইৰলি উল্লেখ নাথাকে যে সেই বিধি তাক প্ৰণয়ন কৰাৰ সময়ত প্ৰৱৰ্তিত হৈ থকা সংকটকালীন উঘোষণাৰ সম্বন্ধত কৰা হৈছে; বা (খ) এনে কোনো প্ৰশাসনিক কাৰ্য্যবস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য নহব যি কাৰ্যব্যৱস্থা এনেকুৱা উল্লেখ অৰ্ত্তবিষ্ট থকা বিধিৰ অধীনত ব্যতিৰেকে অন্যথা লোৱা হয়।] (২) উপৰোক্ত ধৰণেৰে দিয়া কোনো আদেশ ভাৰতৰ সমগ্ৰ ৰাজ্যক্ষেত্ৰতে বা তাৰ কোনো ভাগত বিস্তাৰিত হব পাৰিব? [ পৰস্তু, যেতিয়া কোনো সংকটকালীন উদৰ্ঘোষণা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কেৱল কোনো ভাগতহে প্ৰৱৰ্তিত হৈ থাকে, তেতিয়া যেতিয়ালৈকে সংকটকালীন উদূঘোষণা প্ৰৱৰ্তিত হৈ থাকে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগত বা তাৰ সম্বন্ধত ঘটিত কাৰ্যকলাপৰ দ্বাৰা ভাৰতৰ বা ইয়াৰ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগৰ নিৰাপত্তাৰ ভয় হোৱা বুলি পতিয়ন গৈ ৰাষ্ট্ৰপতিয়ে এনে বিস্তাৰৰ আৱশ্যক বুলি বিবেচনা নকৰে তেতিয়ালৈকে এনে আদেশ ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ আন কোনো ভাগলৈ বিস্তাৰিত কৰিব নোৱাৰিব।], (৩) খণ্ড (১) ৰ অধীনত দিয়া হোৱা প্ৰত্যেক আদেশ সেই আদেশ দিয়াৰ পৰা যিমান সোনকালে পাৰে সিমান সোনকালে সংসদৰ প্ৰত্যেক সদনতে.উপস্থাপিত কৰিব লাগিব। ৩৫৯ ক। [.এই ভাগৰ পঞ্জাব ৰাজ্যত প্ৰয়োগ - সংবিধান (ত্ৰিষষ্টিতম সংশোধন) আঁধিনিয়ম, ১৯৮৯ ৰ ধাৰা ৩ ৰ দ্বাৰী (৬-১-১৯৯০ ৰ পৰা প্ৰভাবী হোৱাকৈ নিৰসিত।] ১।সংবিধান (অষ্টত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰ ধাৰা ৭ ৰ দ্বাৰা অন্তঃস্থাপিত (ভূতলক্ষী প্ৰভাৱেৰে) ২। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ৪০ ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)। ৩।সংবিধান (চত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৫৩ ৰ দ্বাৰা অন্তঃস্থাপিত ১-৭৭ তাংৰ পৰা)। ৪। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) আঁধিনিয়ম, ১৯৭৮ ব ধাবা ৪০ ৰ দ্বাৰা অন্তঃস্থাপিত (২০-৬-৭৯ তাংৰ পৰা)। ৫। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৫৩ ৰ দ্বাৰা তাতঃস্থাপিত (৩- ১-৭৭ তাংৰ পৰা)। ৬। সংবিধান (উনষ্টিতম সংশোধন) অধিনিয়ম, ১৯৮৮ ৰ ধাৰা ৩ ৰ দ্বাৰা (৩০-৩-১৯৮৮ ৰ পৰা প্ৰভাৱী হোৱাকৈ) অন্তঃস্থাপিত।